ETV Bharat / sports

ওড়িশাৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ হকী ইণ্ডিয়াৰ বৰঙণি

author img

By

Published : Aug 9, 2019, 1:24 PM IST

উৰিষ্যাৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ হকী ইণ্ডিয়াৰ বৰঙণি

ওড়িশাৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ 31 লাখ টকাৰ বৰঙণি আগবঢ়াইছে হকী ইণ্ডিয়া আৰু ইণ্ডিয়ান অলিম্পিক এছ'চিয়েছনৰ সভাপতি দ্বয়ে ৷

স্পৰ্টছ ডেস্ক, 9 আগষ্ট : হকী ইণ্ডিয়া আৰু ইণ্ডিয়ান অলিম্পিক এচ'য়েছনৰ সভাপতি ক্ৰমে মহম্মদ মুশ্বটাক আহমেদ আৰু নৰিন্দৰ ধ্ৰুৱ বাট্ৰাই যুটিয়াভাৱে বুধবাৰে ওড়িশাৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ 31 লাখ টকাৰ বৰঙণি আগবঢ়ায় ৷ 31 লাখ টকাৰ এখন চেক মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ হাতত অৰ্পণ কৰে আহমেদ আৰু বাট্ৰাই ৷

উল্লেখ্য যে, যোৱা মে' মাহৰ 3 তাৰিখে ঘূৰ্ণীবতাহ ফেনীৰ কৱলত পৰা ৰাজ্যখনে বহু ক্ষয় - ক্ষতিৰ সন্মুখীন হৈছিল ৷ কিন্তু ইয়াৰ পাছতো ৰাজ্যখনে ভূৱনেশ্বৰত FIH পুৰুষ ছিৰিজ ফাইনেলছ সফলভাৱে আয়োজন কৰিবলৈ সক্ষম হৈছিল ৷ পূৰ্বেই হকী ইণ্ডিয়াই ঘোষণা কৰিছিল যে, এই টুৰ্ণামেন্টৰ পৰা উপাৰ্জন কৰা সমগ্ৰ ধন মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়োৱা হ'ব ৷

চৰকাৰী তথ্য অনুসৰি, এই ঘূৰ্ণীবতাহৰ ফলত ৰাজ্যখনত প্ৰায় 24,176 কোটি টকাৰ ক্ষতিসাধন হোৱাৰ লগতে আন্তগাঁথনি খণ্ডত ব্যাপক প্ৰভাৱ পৰিছিল ৷ ভাৰতস্থিত ৰাষ্ট্ৰসংঘৰ সমন্বয়ক ৰেনাটা ল'ক দেছেলিয়ানৰ উপস্থিতিত মুখ্যমন্ত্ৰী পাটনায়কে ক্ষয় - ক্ষতি আৰু ইয়াৰ প্ৰয়োজনীয় মূল্যায়ন সম্পৰ্কত প্ৰতিবেদন দাখিল কৰিছিল ৷

HOCKEY INDIA'S DONATION TO ODISHA CM RELIEF FUND

উৰিষ্যাৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ হকী ইণ্ডিয়াৰ বৰঙণি

স্পৰ্টছ ডেস্ক, 9 আগষ্ট : হকী ইণ্ডিয়া আৰু ইণ্ডিয়ান অলিম্পিক এছ'চিয়েছনৰ সভাপতি ক্ৰমে মহম্মদ মুশ্বটাক আহমেদ আৰু নৰিন্দৰ ধ্ৰুৱ বাট্ৰাই যুটীয়াভাৱে বুধবাৰে উৰিষ্যাৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ 31 লাখ টকাৰ বৰঙণি আগবঢ়ায় ৷ 31 লাখ টকাৰ এই চেকখন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ হাতত অৰ্পন কৰে আহমেদ আৰু বাট্ৰাই ৷

উল্লেখ্য যে, যোৱা মে' মাহৰ 3 তাৰিখে ঘূৰ্ণীবতাহ ফেনীৰ কবলত পৰা ৰাজ্যখনে বহু ক্ষয় - ক্ষতিৰ সন্মুখীন হৈছিল ৷ কিন্তু ইয়াৰ পাছতো ৰাজ্যখনে ভূৱনেশ্বৰত FIH পুৰুষ ছিৰিজ ফাইনেলছ সফলভাৱে আয়োজন কৰিবলৈ সক্ষম হৈছিল ৷ পূৰ্বেই হকী ইণ্ডিয়াই ঘোষণা কৰিছিল যে, এই টুৰ্ণামেন্টৰ পৰা উপাৰ্জন কৰা সমগ্ৰ ধন মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়োৱা হ'ব ৷

চৰকাৰী তথ্য অনুসৰি, এই ঘূৰ্ণীবতাহৰ ফলত ৰাজ্যখনত প্ৰায় 24,176 কোটি টকাৰ ক্ষতিসাধন হোৱাৰ লগতে আন্তগাঁথনি খণ্ডত ব্যাপক প্ৰভাৱ পৰিছিল ৷ ভাৰতস্থিত ৰাষ্ট্ৰসংঘৰ সমন্বয়ক ৰেনাটা ল'ক দেছেলিয়ানৰ উপস্থিতিত মুখ্যমন্ত্ৰী পাটনায়কে ক্ষয় - ক্ষতি আৰু ইয়াৰ প্ৰয়োজনীয় মূল্যায়ন সম্পৰ্কত প্ৰতিবেদন দাখিল কৰিছিল ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.