ETV Bharat / sports

জয়ৰ পথলৈ উভটি আহিল নৰ্থ ইষ্ট ইউনাইটেড

author img

By

Published : Jan 17, 2021, 10:06 PM IST

দেওবাৰে জামছেদপুৰ এফ ছি আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ মাজৰ খেলখনত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ নিজৰ প্ৰথমটো গ’ল প্ৰদান কৰে আশুতোষ মেহেতাই ৷ ইয়াৰ পিছতেই দেশহৰ্ণ ব্ৰাউনে দ্বিতীয়টো গ’ল প্ৰদান কৰি দলটোক জয়ৰ সোৱাদ প্ৰদান কৰে ৷

NorthEast United return to winning ways
জয়ৰ পথত উভটি আহিল নৰ্থ ইষ্ট ইউনাইটেড

স্পৰ্টছ ডেস্ক,17 জানুৱাৰী: দেওবাৰে আইএছএলৰ সপ্তম সংস্কৰণৰ এখন খেলত জামছেদপুৰ এফ ছিক 2-1 গ’লত পৰাস্ত কৰে নৰ্থ ইষ্ট ইউনাইটেডে ৷ এই জয়ৰ দ্বাৰাই সাতখন খেলত ধাৰাবাহিকভাৱে পৰাজয় হোৱাৰ ধাৰাক ভংগ কৰে নৰ্থ ইষ্ট ইউনাইটেডে ৷ এই বিজয়ে নৰ্থ ইষ্ট ইউনাইটেডক 16 পইন্টেৰে তালিকাৰ পঞ্চম স্থানত অধিষ্ঠিত কৰে ৷

দেওবাৰৰ খেলখনত 36 মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ নিজৰ প্ৰথমটো গ’ল প্ৰদান কৰে আশুতোষ মেহেতাই ৷ ইয়াৰ পিছতেই দেশহৰ্ণ ব্ৰাউনে দ্বিতীয়টো গ’ল প্ৰদান কৰি দলটোক জয়ৰ সোৱাদ প্ৰদান কৰে ৷ খেলখনৰ প্ৰথমাৰ্ধত নৰ্থ ইষ্টে প্ৰভাৱ প্ৰদৰ্শন কৰাৰ উপৰিও গ’ল প্ৰদানৰ সুন্দৰ সুবিধা সৃষ্টি কৰিবলৈ সক্ষম হয় ৷

আনহাতে, খেলৰ দ্বিতীয়াৰ্ধত শক্তিশালী ৰূপত খেলপথাৰত অৱতীৰ্ণ হয় জামছেদপুৰ এফ ছি ৷ জামছেদপুৰৰ অধিনায়ক ষ্টীফেন হাৰ্টলে দেৰিকৈ খেলখনত উভটি আহে ৷ কিন্তু দ্বিতীয়াৰ্ধত নৰ্থ ইষ্টক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট চাপ সৃষ্টি কৰাৰ পিছতো ওৱোন কোয়লৰ দলটো তৃতীয় পৰাজয়ৰ পৰা সাৰি নগ’ল ৷

লগতে পঢ়ক-একেটা ভ্ৰমণতে তিনিটা ফৰমেটত অভিষেক ঘটোৱা প্ৰথমগৰাকী ভাৰতীয় নটৰাজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.