ETV Bharat / sports

পি চি আৰ টেষ্টত অৱতীৰ্ণ নহয় লিয়নেল মেছী

author img

By

Published : Aug 30, 2020, 8:26 PM IST

Messi vs Barcelona: Barca's number 10 refuses to take PCR test
Messi vs Barcelona: Barca's number 10 refuses to take PCR testMessi vs Barcelona: Barca's number 10 refuses to take PCR testMessi vs Barcelona: Barca's number 10 refuses to take PCR test

নতুন দিশলৈ গতি কৰিছে মেছীৰ বাৰ্ছিলোনা ক্লাৱ ত্যাগৰ খবৰে ৷ সোমবাৰে নতুন প্ৰশিক্ষক ৰনাল্ডো ক’মেনৰ অধীনত প্ৰী-ছীজন প্ৰশিক্ষণত উভতি অহাৰ পূৰ্বে দেওবাৰে কৰ’ণা পৰীক্ষাৰ বাবে যাবলৈ অমান্তি খেলুৱৈগৰাকীৰ ৷

স্পৰ্টছ ডেস্ক, 30 আগষ্ট: ছয়বাৰৰ বেলন ডি’অৰ চেম্পিয়ন লিয়নেল মেছীৰ বাৰ্ছিলোনাৰ প্ৰী-ছীজন প্ৰশিক্ষণৰ পূৰ্বে দেওবাৰে হ’বলগীয়া কৰ’ণা ভাইৰাছ পৰীক্ষাৰ বাবে যোৱাৰ বাবে অমান্তি মেছীৰ ৷

মেছী আৰু সমগ্ৰ বাৰ্ছিলোনা দলটো কৰ’ণা ভাইৰাছৰ মাজতেই চেম্পিয়নছ লীগত অংশগ্ৰহণ কৰিছিল ৷ য’ত দলটোৱে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈ ফাইনেলত স্থান লাভৰ পৰা বঞ্চিত হৈছিল ৷

ইয়াৰ পাচতেই সোমবাৰে মেছী আৰু সম্পূৰ্ণ দলটো নতুন প্ৰশিক্ষক ৰনাল্ডো ক’মেনৰ অধীনত প্ৰী-ছীজনৰ প্ৰশিক্ষণৰ বাবে দেওবাৰে কৰ’ণা পৰীক্ষা কৰাৰ কথা আছিল যদিও এই পৰীক্ষালৈ যোৱাৰ বাবে অমান্তি হয় মেছী ৷

লিয়নেল মেছী
লিয়নেল মেছী

স্পেনিছ সংবাদ মাধ্যমৰ এক প্ৰতিবেদন মতে, মেছী প্ৰশিক্ষণত অংশগ্ৰহণ নকৰে কাৰণ ইতিমধ্যে 25 আগষ্টত ক্লাৱ ত্যাগ কৰাৰ কথা উল্লেখ কৰিছে খেলুৱৈগৰাকীয়ে ৷

2017 চনৰ স্বাক্ষৰিত চাৰি বছৰৰ চুক্তি অনুসৰি মেছীয়ে বিনামূল্যে ক্লাৱ ত্যাগ কৰিব পাৰে যদিহে 10 জুনলৈ আবেদন কৰিল হয় ৷ কিন্তু ক্লাৱটোৰ পৰা এই তাৰিখ প্ৰথমেই সমাপ্ত হৈছে বুলি উল্লেখ কৰিছে ৷ লগতে ক্লাৱটোৱে বিনামূল্যে বৰ্তমানে মেছীক অব্যাহতি দিয়াৰ পক্ষত নাই ৷ চুক্তি অনুসৰি মেছীৰ কাৰ্যকাল সমাপ্ত হ’ব 2021 চনৰ জুন মাহত ৷

লগতে চাওক-মাতৃৰ মুখেৰে অৰ্জুন বঁটা প্ৰাপ্ত লাভলীনা বৰগোঁহাইৰ শৈশৱৰ কিছু কথা..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.