ETV Bharat / sports

মাতৃৰ মুখেৰে অৰ্জুন বঁটা প্ৰাপ্ত লাভলীনা বৰগোঁহাইৰ শৈশৱৰ কিছু কথা..

author img

By

Published : Aug 29, 2020, 8:57 PM IST

Updated : Aug 30, 2020, 4:34 PM IST

শৈশৱত কণী খাই ভাল পাইছিল লাভলীনা বৰগোঁহাইয়ে ৷ অৰ্জুন বঁটা প্ৰাপ্ত অসম তথা গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহাইৰ শৈশৱ কালৰ আছে বহু আমোদজনক কথা ৷

SARUPATHAR, ARJUN LOVELINA
SARUPATHAR, ARJUN LOVELINA

গোলাঘাট, 29 আগষ্ট: আজি সফলতাৰ শীৰ্ষৰ দিশে ধাৱমান গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহাই ৷ শনিবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষ্য ৰাষ্ট্ৰপতিৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিবলৈ সক্ষম হয় অসম জীয়ৰী লাভলীনা বৰগোঁহাইৰ ৷ ক’ভিড-19 ৰ পৰিপেক্ষিতত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই সন্মান লাভ কৰে খেলুৱৈগৰাকীয়ে ৷

উল্লেখ্য যে, শৈশৱৰ পৰাই ক্ৰীড়াৰ প্ৰতি বিশেষ ঢাউতি আছিল লাভলীনাৰ ৷ এল.পি বা এম.ই স্কুলত অনুষ্ঠিত হোৱা বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা সমূহত সকলো বিভাগতে অংশগ্ৰহণ কৰিছিল লাভলীনাই ৷ কিন্তু আমোদজনক কথা কেতিয়াও পুৰস্কাৰে বুটলিবলৈ সক্ষম হোৱা নাছিল বুলি জানিবলৈ দিয়ে আজিৰ তাৰিখত সফল মাতৃ হিচাপে গৌৰৱাম্বিত হোৱা মামনি বৰগোঁহাইয়ে ৷

অৰ্জুন বঁটা গ্ৰহণ লাভলীনাৰ
অৰ্জুন বঁটা গ্ৰহণ লাভলীনাৰ

বৰপথাৰৰ বাৰমুখী‍য়া গাঁওৰ বোকা পানী গছকি ডাঙৰ হৈ অলিম্পিকত নিজক প্ৰতিষ্ঠা কৰিবলৈ যোগ্যতা লাভ কৰা লাভলীনাৰ খোৱা-বোৱা, পিন্ধা উৰাৰ ক্ষেত্ৰটো আছে বহু আমোদজনক কথা ৷

শৈশৱত কণী খাই ভাল পোৱা লাভলীনাক লাগিছিল সদাই বায়েকহঁততকৈ ডাঙৰটো কণী ৷ আনহাতে, ৰঙালী বিহুত চুবুৰীয়ে চুবুৰীয়ে হুঁচৰি গাওতে সদায় লাভলীনাই চুৰিয়া চোলা পিন্ধি ঢোলৰ চেওত নাচনী নচোৱাইছিল ৷

লাভলীনা বৰগোঁহাইৰ মাতৃৰ প্ৰতিক্ৰিয়া

একেদৰে গাঁওলীয়া মাছৰ টেঙা আঞ্জা,গাহৰি মঙহৰে মাকে ৰান্ধি দিয়া আহাৰ খাই ভালপোৱা লাভলীনাই কিন্তু দেশ বিদেশত সোৱাদ লোৱা খাদ্য সম্ভাৰ আকৌ নিজা গৃহলৈ আহিলে লাভলীনাই ৰান্ধি পিতৃ, মাতৃ আৰু ভগ্নীহঁতক খোৱাই খুৱ ভাল পাই বুলি জানিবলৈ দিয়ে মাতৃয়ে ৷

প্ৰাৰম্ভিক প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাস

ইফালে লাভলীনাই অৰ্জুন বঁটা লাভ কৰাত উৎফুল্লিত খেলুৱৈগৰাকীক বক্সিঙৰ প্ৰাৰম্ভিক জ্ঞান দিয়া প্ৰথম বক্সিঙৰ গুৰু প্ৰশান্ত কুমাৰ দাসে । টকিঅ’ অলিম্পিকতো লাভলীনাই ভাৰত তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে প্ৰশান্ত কুমাৰ দাসে ৷

লগতে চাওক-IPL-2020 ত নেখেলে CSK ৰ তাৰকা অলৰাউণ্ডাৰ সুৰেশ ৰাইনাই

Last Updated : Aug 30, 2020, 4:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.