ETV Bharat / sports

আজি আই এছ এলত কেৰালা ব্লাষ্টাৰ্ছ বনাম ওড়িশা এফ চি

author img

By

Published : Nov 8, 2019, 10:23 AM IST

কেৰালাৰ জৱাহাৰলাল নেহৰু ষ্টেডিয়ামত আজি মুখামুখি হ’ব কেৰালা ব্লাষ্টাৰ্ছ আৰু ওড়িশা এফ চি ৷ সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হ’ব মেচখন ৷

আজি আই এছ এলত কেৰালা ব্লাষ্টাৰ্ছ বনাম ওড়িশা এফ চি

স্পৰ্টছ ডেস্ক, 8 নৱেম্বৰ: আই এছ এলৰ ষষ্ঠ সংস্কৰণত আজি মুখামুখি হ’ব কেৰালা ব্লাষ্টাৰ্ছ আৰু ওড়িশা এফ চি ৷ কেৰালাৰ জৱাহাৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7.30 বজাত যুঁজত নামিব দুয়োটা দল ৷ কেৰালা দলটোৱে বৰ্তমান তিনি পইণ্টেৰে অষ্ঠম স্থান দখল কৰাৰ বিপৰীতে তিনি পইণ্ট লাভৰে ষষ্ঠ স্থান দখল কৰি আছে ওড়িশা এফ চি দলটোৱে ৷

ওড়িশা দলটোৱে বিগত মেচত মুম্বাই চিটিক 4-2 হাতত জয় লাভ কৰাৰ বিপৰীতে কেৰালা ব্লাষ্টাৰ্ছ দলটোৱে হায়দৰাবাদ এফ চি দলৰ হাতত 2-1 গ’লত পৰাস্ত হৈছিল ৷ গতিকে দুয়োটা দলে জয় লাভ কৰি পইণ্টছ টেবুলত অগ্ৰগতি লাভ কৰাৰ লক্ষ্যৰে উপনীত হোৱাৰ লক্ষ্য হ’ব দুয়োটা দলৰ ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.