ETV Bharat / bharat

ভাৰতৰ নতুন মানচিত্ৰক লৈ নেপালত উত্তেজনা !

author img

By

Published : Nov 7, 2019, 11:03 PM IST

ভাৰতৰ নতুন মানচিত্ৰকলৈ অসন্তুষ্টি নেপালত ৷ নেপালৰ বৈদেশিক মন্ত্ৰণালয়ে স্পষ্ট কৰে যে কালাপানী নেপালৰ এটি অংশ ৷ আনহাতে ভাৰতৰ গৃহবিভাগৰ দাবী নতুন মানচিত্ৰত নেপালৰ সৈতে কোনো ধৰণৰ সীমা মীমাংসা হোৱা নাই ৷

ভাৰতৰ নতুন মানচিত্ৰ

স্মিতা শৰ্মা

নিউজ ডেস্ক, 7 নৱেম্বৰঃ বিগত 5 আগষ্টত জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পাচতেই 3 নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে প্ৰকাশ কৰে এখন নতুন মানচিত্ৰ ৷ গৃহ মন্ত্ৰাণালয়ে প্ৰকাশ কৰা নতুন মানচিত্ৰখনত নেপালৰ কালাপানী আৰু লিপু অঞ্চলত ভাৰতৰ সীমান্তত সন্নিবিষ্ট কৰা হয় ৷ ইয়াৰ পাচতেই বিষয়টোৱে চ'চিয়েল মিডিয়াৰ যোগেদি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ নেপালৰ বৈদেশিক মন্ত্ৰাণালয়ে স্পষ্ট কৰে যে ,কালাপানী নেপালৰ এটি অংশ ৷ দুয়োখন দেশৰ বৈদেশিক সচিবে বিষয়টোক তৎপৰতাৰে গ্ৰহণ কৰিছে ৷ অতি সোনকালে সমস্যাটোৰ সমাধান কৰা হ'ব ৷ নেপাল নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ ৷ সীমান্তকলৈ সৃষ্টি হোৱা এই সমস্যা দুয়োখন দেশৰ কুটনৈতিক পৰ্যায়ৰ বৈঠকৰ মাজৰে সমাধান কৰা হ'ব বুলিও সদৰী কৰে নেপালৰ বৈদেশিক মন্ত্ৰাণালয়ে ৷

India nepal Kalapani clash
ভাৰতৰ নতুন মানচিত্ৰ

অৱশ্যে বৃহস্পতিবাৰে নতুন দিল্লীয়ে নেপালৰ অভিযোগ নস্যাৎ কৰাৰ লগতে নতুন মানচিত্ৰখনক সম্পূৰ্ণ শুদ্ধ বুলি কয় ৷ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে কয় যে, নতুনকৈ প্ৰকাশ কৰা মানচিত্ৰখনত ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰা হৈছে ৷ নতুন মানচিত্ৰত নেপালৰ সৈতে কোনো ধৰণৰ সীমা মীমাংসা হোৱা নাই বুলিও সদৰী কৰে গৃহমন্ত্ৰণালয়ে

গৃহবিভাগৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে, আমি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত সদায়ে প্ৰতিজ্ঞাবদ্ধ ৷ নেপালৰ সমীক্ষা বিভাগে প্ৰকাশ কৰা মানচিত্ৰ অনুসৰি কালাপানী, লিপু, লিম্ফুয়াধাৰা নেপালৰ অংশ ৷ দেশখনৰ বাবে কালাপানী, লিপু সীমান্ত অংশ এক সংবেদশীল ৰাজনৈতিক বিষয় ৷

India nepal Kalapani clash
প্ৰেছ বিজ্ঞপ্তি

গৃহবিভাগৰ মুখপাত্ৰগৰাকীয়ে কোনো দেশৰ নাম উল্লেখ নকৰাকৈ মন্তব্য কৰে যে, একাংশই ব্যক্তিগত স্বাৰ্থ আৰু বিভাজনমুখী ভাবধাৰাৰে সমস্যাটো জটিলতাৰ দিশলৈ ঠেলি দিছে ৷ আমাৰ দুয়োখন দেশৰ মাজত মতানৈক্যৰ সৃষ্টি কৰিব বিচাৰিছে ৷ আমি দুয়োখন দেশে ইয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব ৷

ইপিনে, সীমান্তৰ বিষয়টোৱে ক্ৰমাৎ নেপাল চৰকাৰৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে ৷ চ'চিয়েল মিডিয়াযোগে দেশখনৰ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি বুদ্ধিজীৱিলৈ সকলোৱে চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৷ নেপালী কংগ্ৰেছ নেতা গগণ থাপাই বৈদেশিক মন্ত্ৰী গয়াৱলীক কয় যে,"আশা কৰো প্ৰধানমন্ত্ৰী অলিয়ে বিষয়টোক গুৰুত্বসহকাৰে ল'ব আৰু প্ৰত্যেকটো ৰাজনৈতিক দলক একগোট কৰি ক্ষীপ্ৰতাৰে ভাৰতৰ একপক্ষীয় নীতিৰ সমাধান কৰিব

নেপালৰ সংবাদ মাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি, দেশখনৰ কেইবাটাও স্থানত বিষয়টোকলৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী ৷ নেপালী নাগৰিকে ৰাজপথত গ' বেক ইণ্ডিয়া ধ্বনিৰে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী৷

নেপালৰ অৰ্থনীতিবিদ সুজীৱ সাকায়াৰ মতে, যদিহে ভাৰতে সীমান্তৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে তেন্তে বিষয়টোৱে আৰু অধিক ভয়াৱহৰূপ ধাৰণ কৰিব পাৰে ৷

Intro:Body:

India Nepal 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.