ETV Bharat / sports

আই এচ এল 2020-21ঃ নতুন স্বাভাৱিক ভাৰতত ফুটবলে লৈছে মুখ্য মঞ্চ

author img

By

Published : Nov 20, 2020, 5:08 PM IST

আঠ মাহৰ অন্তত পুনৰ সাধাৰণ ৰাইজৰ মাজলৈ উভতি আহিছে আই এচ এল ৷ শুকুৰবাৰৰ পৰা গোৱাত আৰম্ভ হ’বলগীয়া টুৰ্ণামেন্টখনৰ প্ৰথমখন মেছতে এ টি কে মোহনবাগানৰ বিপৰীতে খেলপথাৰত অৱতীৰ্ণ হ’ব কেৰালা ব্লাষ্টাৰ্ছ ৷ কিন্তু পুনৰবাৰ খেল উপভোগৰ বাবে পথাৰত নাথাকিব কোনো দৰ্শক ৷ ইয়াৰ বিপৰীতে বায়’ সুৰক্ষিত বাবলৰ ভিতৰতে গোৱাত খেলপথাৰত অৱতীৰ্ণ হ’ব দলসমূহ ৷

ISL 2020-21: Football takes centre stage in new normal India
আই এচ এল 2020-21ঃ নতুন স্বাভাৱিক ভাৰতত ফুটবলে লৈছে মুখ্য মঞ্চ

স্পৰ্টছ ডেস্ক,20 নৱেম্বৰঃ আই এচ এলৰ যোৱাটো সংস্কৰণৰ ফাইনেলত যেতিয়া এটিকে(ATK)ই চেন্নাইয়ান এফ চিক পৰাস্ত কৰিছিল সেইয়া ক’ভিড 19 মহামাৰী সাধাৰণ জনতাৰ বাবে ভয়ংকৰ বাস্তৱত পৰিণত হোৱাৰ আৰম্ভণি আছিল ৷ বন্ধ দুৱাৰৰ মাজত খেলা এই খেলখন সাধাৰণ জীৱন প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ পূৰ্বে খেলা অন্তিমখন খেল আছিল ৷

আঠ মাহৰ অন্তত, আই এচ এল পুনৰ সাধাৰণ ৰাইজৰ মাজলৈ উভতি আহিছে ৷ আজিৰে পৰা গোৱাত আৰম্ভ হ’বলগীয়া টুৰ্ণামেন্টখনৰ প্ৰথমখন মেছতে এ টি কে মোহনবাগানৰ বিপৰীতে খেলপথাৰত অৱতীৰ্ণ হ’ব কেৰালা ব্লাষ্টাৰ্ছ ৷ পুনৰবাৰ খেল উপভোগৰ বাবে পথাৰত নাথাকিব কোনো দৰ্শক ৷ ইয়াৰ বিপৰীতে বায়’ সুৰক্ষিত বাবলৰ ভিতৰতে গোৱাত খেলপথাৰত অৱতীৰ্ণ হ’ব দলসমূহ ৷

চলিত সংস্কৰণত আই এচ এলত কেৱল এয়াই সালসলনি ঘটা নাই ৷ নৱাগতসকলৰ বাবে 2020-21 বৰ্ষৰ আই এচ এল এতিয়ালৈ আয়োজন কৰা আটাইটকৈ ডাঙৰ সংস্কৰণ ৷ চলিত বৰ্ষত আই এচ এলত অন্তৰ্ভূক্ত হৈছে এটা নতুন দল ৷ এছ চি ইষ্ট বেংগল দলৰ অন্তৰ্ভূক্তিয়ে চলিত বৰ্ষত দলৰ সংখ্যা 11 টালৈ বৃদ্ধি কৰি খেলৰ সংখ্যা 115 খনলৈ বৃদ্ধি কৰিছে ৷

ইষ্ট বেংগলৰ অন্তৰ্ভূক্তিয়ে আৰু এ টি কেৰ মোহন বাগানৰ সৈতে একত্ৰিকৰণে আই এচ এলত ভাৰতীয় ফুটবলৰ দুটি পুৰণি দলক সমুখ সমৰত উপনীত কৰিব ৷ আই এচ এলৰ বহু প্ৰতিক্ষীত কলকাতা ডাৰ্বী 27 নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ৷

এইবেলি অনুৰাগীসকলে টিভিৰ পৰ্দাত কেইবাগৰাকীয়ে আকৰ্ষণীয় নতুন তাৰকাক দেখিবলৈ পাব ৷ থাকিব প্ৰাক্তন ষ্ট্ৰাইকাৰ আডাম লে ফণ্ডাৰ, নিউকেছেল ইউনাইটেডৰ প্ৰাক্তন ডিফেণ্ডাৰ ষ্টিফেন টেইলৰ ৷ ইয়াৰ উপৰিও চলিত বৰ্ষৰ বাবে জামছেদপুৰ এফ চিত অন্তৰ্ভূক্ত হৈছে নেৰিজাছ ভেলকিছ আনহাতে, এ টি কে মোহন বাগানত অন্তৰ্ভক্ত হৈছে সন্দেশ ঝিংগান ৷

চলিত বৰ্গত গোৱাৰ ফাটোৰডাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম, বেম্বলিমৰ জি এম চি ষ্টেডিয়ান আৰু ভেক্স’ৰ তিলক মৈদানত অনুষ্ঠিত হ’ব খেলসমূহ ৷ আনহাতে, ‘ফেন ৱাল’ ধৰণাৰে ষ্টেডিয়ামৰ দুখনকৈ ডাঙৰ LED স্ক্ৰীণত ঘৰত থকা তথা বাহিৰৰো অনুৰাগীসকলক তেঁওলোকৰ মনপচন্দৰ দলক সমৰ্থন কৰা দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক-আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ ন্যূনতম বয়সৰ সীমা 15 বছৰ : আইচিচি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.