ETV Bharat / sports

ক্ৰীড়াজগতৰ ওপৰত বলীউডৰ আন এক নতুন ছবি ‘‘মৈদান’’

author img

By

Published : Feb 1, 2020, 10:50 PM IST

ক্ৰীড়াজগতৰ ওপৰত বলীউডৰ আন এক নতুন ছবি ‘‘মৈদান’’
ক্ৰীড়াজগতৰ ওপৰত বলীউডৰ আন এক নতুন ছবি ‘‘মৈদান’’

চলিত বৰ্ষৰ 27 নৱেম্বৰত মুক্তি লাভ কৰিব ভাৰতীয় ফুটবল প্ৰশিক্ষক ছৈয়দ আব্দুল ৰহিমৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা নতুন ছবি মৈদানে ৷

স্পৰ্টছ ডেস্ক, 1 ফেব্ৰুৱাৰীঃ বলীউডত ক্ৰীড়া জগতৰ বহু সফলতাপূৰ্ণ চিনেমাৰ পাচতেই পুনৰ সোণালী পৰ্দাত ভুমুকি মাৰিবলৈ সাজু হৈছে আন এক নতুন ছবিয়ে ৷ চলিত বৰ্ষৰ 27 নৱেম্বৰত ছবিগৃহলৈ আহিব ভাৰতীয় ফুটবল প্ৰশিক্ষক ছৈয়দ আব্দুল ৰহিমৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা ছবি ‘‘মৈদান’’ ৷ ছবিখনত প্ৰশিক্ষক ছৈয়দ আব্দুল ৰহিমৰ ভূমিকাত দেখা পোৱা যাব বলীউডৰ সিংহম অজয় দেৱগনক ৷ অমিত ৰবিন্দ্ৰনাথ শৰ্মাৰ পৰিচালনাত নিৰ্মাণ হৈ থকা ছবিখনৰ প্ৰযোজনা কৰিছে বনী কাপুৰে ৷

ইতিমধ্যে ছ’চিয়েল মিডিয়াত ছবিখনৰ বহু কেইটা প’ষ্টাৰ মুকলি কৰিছে অভিনেতাগৰাকীয়ে ৷ চলিত বৰ্ষৰ 27 নৱেম্বৰত মুক্তি লাভ কৰিব ছবিখনে ৷ মৈদানৰ লগতে এইবৰ্ষতে ক্ৰীড়াজগতৰ ওপৰত নিৰ্মাণ হোৱা মুক্তি পাবলগীয়া আন আন ছবি হৈছে কপিল দেৱৰ জীৱনৰ ওপৰত নিৰ্মিত ‘83’ ৷ য’ত মুখ্যভূমিকা পালন কৰিছে ৰনবীৰ সিঙে ৷ 10 এপ্ৰিলত মুক্তি পাব ছবিখনে ৷

ক্ৰীড়াজগতৰ ওপৰত নতুন ছবি চাবাছ মিথু আৰু 83
ক্ৰীড়াজগতৰ ওপৰত নতুন ছবি চাবাছ মিথু আৰু 83

আনহাতে ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিথালী ৰাজৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা ‘‘চাবাছ মিথু’’ ৷ য’ত মিথালীৰ চৰিত্ৰৰ মুখ্য অভিনয়ত আছে তাপসী পান্নু ৷ 5 ফেব্ৰুৱাৰীত মুক্তি পাব চাবাছ মিথু ছবিখনে ৷

লগতে চাওক- অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰা দ্বিতীয় কনিষ্ঠতম খেলুৱৈ ছফিয়া কেনিন

Intro:Body:

Maidan Ajay Devgan


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.