ETV Bharat / sports

CWC 2023 : কিৱিৰ বিৰুদ্ধে বিশ্বকাপৰ ব্যৰ্থতা আঁতৰোৱাৰ সুযোগ টীম ইণ্ডিয়াৰ

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 5:53 PM IST

Updated : Oct 21, 2023, 7:07 PM IST

কিৱিৰ বিৰুদ্ধে বিশ্বকাপৰ ব্যৰ্থতা আঁতৰোৱাৰ সুযোগ টীম ইণ্ডিয়াৰ
CWC 2023

বিশ্বকাপৰ ইতিহাসত নিউজীলেণ্ডে ভাৰতীয় দলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আহিছে । দুয়োটা দলে পৰস্পৰৰ বিৰুদ্ধে নখন মেচত অৱতীৰ্ণ হৈছে । ইয়াৰে ভিতৰত নিউজীলেণ্ডে পাঁচখনত জয়লাভ কৰাৰ বিপৰীতে ভাৰতে মাত্ৰ তিনিখন মেচতহে জয়লাভ কৰিবলৈ সক্ষম হৈছে । ইটিভি ভাৰতৰ প্ৰদীপ সিং ৰাৱাটৰ এক বিশেষ প্ৰতিবেদন ।

স্পৰ্টছ ডেস্ক, ২১ অক্টোবৰ : দেওবাৰে চলিত বিশ্বকাপত ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ড পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । এই মেচখনৰ পৰায়ে দুয়োটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰাটো প্ৰায় নিশ্চিত হ'ব । কিয়নো এই মেচখন হ'ব দুয়োটা দলৰে লীগ পৰ্যায়ৰ পঞ্চমখন মেচ । আনহাতে, এইবাৰ বিশ্বকাপত এতিয়ালৈকে দুয়োটা দলৰে প্ৰদৰ্শন কম-বেছি পৰিমাণে একে আছে । দুয়োটা দলে এতিয়ালৈকে খেলা চাৰিখন মেচৰ আটাইকেইখনতে জয়লাভ কৰাৰ পিছত ধৰ্মশালাত পৰস্পৰৰ বিৰুদ্ধে অৱতীৰণ হ'ব । দুয়োটা দলে এতিয়ালৈকে আঠ পইণ্টকৈ অৰ্জন কৰিছে আৰু পইণ্ট তালিকাৰ শীৰ্ষ দুটা স্থানত আছে । অৱশ্যে উন্নত ৰাণ ৰেটৰ বাবে নিউজীলেণ্ড প্ৰথম স্থানত আছে ।

মেন ইন ব্লুৱে এতিয়ালৈকে আকৰ্ষণীয় প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিছে । লগতে ঘৰুৱা সুবিধাও তেওঁলোকৰ পক্ষত আছে । অৱশ্যে বিগত বছৰবোৰত নিউজীলেণ্ডৰ প্ৰদৰ্শন আৰু চলিত বিশ্বকাপত শেহতীয়া প্ৰদৰ্শনে কিৱি দলক ছেমি ফাইনেলৰ দৌৰত শীৰ্ষস্থানত ৰাখিছে । ভাৰতৰ বিৰুদ্ধে মেচখনত 'ব্লেক কেপ' দলটোৰ ৰেকৰ্ড নিজৰ পক্ষত আছে সেয়েহে মেচখনত তেওঁলোক মানসিকভাৱে আগবাঢ়ি থাকিব ।

ভাৰতৰ বিৰুদ্ধে অতি ভাল ৰেকৰ্ড

যদিও নিউজীলেণ্ড দলটো সদায়ে এক মানসম্পন্ন দল হৈ আহিছে, কিন্তু দলটোৰ দুৰ্ভাগ্য যে তেওঁলোকে কেতিয়াও বিশ্বকাপ জয় কৰিব পৰা নাই । বিগত দশকটো নিউজীলেণ্ডৰ বাবে অতি আশ্চৰ্যকৰ আছিল । কিয়নো ২০১৫ আৰু ২০১৯ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল আৰু এইবাৰো তেওঁলোকৰ প্ৰদৰ্শন উৎকৃষ্ট হৈছে । ভাৰতৰ বিৰুদ্ধে মেচখনত বিজয় সাব্যস্ত কৰি নিউজীলেণ্ডে ছেমি ফাইনেলৰ দিশত আৰু এখোজ আগবাঢ়িব বিচাৰিব ।

বৰ্তমানলৈকে বিশ্বকাপত নিউজীলেণ্ড দলৰ প্ৰদৰ্শন ভাৰতীয় দলতকৈ ভাল হৈছে । এতিয়ালৈকে দুয়োটা দলে বিশ্বকাপত ৯ বাৰ মুখামুখী হৈছে । ইয়াৰে ভিতৰত নিউজীলেণ্ডে ৫ বাৰ জয়ী হৈছে আৰু এখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হৈছে । ইয়াৰ ভিতৰত আছে ২০১৯-ৰ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়, যিয়ে টীম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ স্বপ্ন ভংগ কৰিছিল । আনহাতে, বিশ্বকাপত ভাৰতে কেৱল তিনিবাৰহে নিউজীলেণ্ডক পৰাস্ত কৰিছে ।

বিশ্বকাপ ১৯৭৫

উদ্বোধনী ক্ৰিকেট বিশ্বকাপত দুয়োটা দলৰ মাজত অনুষ্ঠিত উদ্বোধনী মেচখনত নিউজীলেণ্ডে জয়লাভ কৰিছিল । ৬০ অভাৰৰ মেচখনত টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ২৩০ ৰাণত আটাইকেইটা উইকেট হেৰুৱায় । চৈয়দ আবিদ আলীৰ ৭০ ৰাণৰ বাহিৰে আন কোনো বেটাৰে স্মৰণীয় ইনিংছ খেলিব নোৱাৰিলে । ইয়াৰ প্ৰত্যুত্তৰত নিউজীলেণ্ডৰ দলটোৱে ৫৮.৫ অভাৰত ৬ টা উইকেট হেৰুৱাই ২৩৩ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক গ্লেন টাৰ্ণাৰে ১১৪ ৰাণৰ এক উজ্জ্বল ইনিংছ উপহাৰ দিয়ে । যাৰ বাবে তেওঁক 'প্লেয়াৰ অব দ্য মেচ' হিচাপেও নিৰ্বাচিত কৰা হৈছিল ।

বিশ্বকাপ ১৯৭৯

দ্বিতীয় বিশ্বকাপত দুয়োটা দলে পুনৰবাৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল, কিন্তু ফলাফল সলনি হোৱা নাছিল । নিউজীলেণ্ডে টছত জয়ী হৈ ভাৰতীয় দলটোক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল । ভেংকট ৰাঘৱনৰ নেতৃত্বত ভাৰতীয় দলটো ১৮২ ৰাণতে আউট হয় । অপেনিং বেটছমেন সুনীল গাভাস্কাৰৰ বেটৰ পৰা আহে ৫৫ ৰাণ । অৱশ্যে ইয়াৰ বাবে তেওঁ ১৪৪ টা বলৰ সন্মুখীন হৈছিল । আনহাতে বিজয় লক্ষ্যটো অনুসৰণ কৰিবলৈ অহা নিউজীলেণ্ডৰ অপেনাৰ জন ৰাইট আৰু ব্ৰুছ এডগাৰে প্ৰথম উইকেটতে ১০০ ৰাণৰ যুটি বান্ধি তেওঁলোকৰ বিজয় নিশ্চিত কৰে । জন ৰাইটৰ ৪৮ ৰাণ আৰু গ্লেন টাৰ্ণাৰৰ ৪৩ ৰাণৰ সহায়ত নিউজীলেণ্ডে ৫৭ অভাৰত ২ টা উইকেট হেৰুৱাই ১৮৩ ৰাণ সংগ্ৰহ কৰে আৰু টীম ইণ্ডিয়াক ৮ উইকেটত পৰাস্ত কৰে ।

বিশ্বকাপ ১৯৮৭

বিশ্বকাপৰ এই সংস্কৰণটো ভাৰত আৰু পাকিস্তানে যুটীয়াভাৱে আয়োজন কৰিছিল । এই বিশ্বকাপত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত দুবাৰকৈ প্ৰতিদ্বন্দ্বিতা হয় আৰু ভাৰতীয় দলটোৱে দুয়োবাৰতে নিউজীলেণ্ডক পৰাস্ত কৰে । প্ৰথমখন মেচ বেংগালুৰুত অনুষ্ঠিত হৈছিল । কপিল দেৱৰ নেতৃত্বত প্ৰথমে বেটিং কৰা টীম ইণ্ডিয়াই ৫০ অভাৰত ২৫২ ৰাণ সংগ্ৰহ কৰিছিল । ইয়াৰ ভিতৰত আছিল নৱজ্যোত সিদ্ধুৰ ৭৫ ৰাণৰ ইনিংছ আৰু ৫৮ টা বলত কপিল দেৱৰ ৭২ ৰাণ । লক্ষ্য অনুসৰণ কৰিবলৈ অহা নিউজীলেণ্ড দলটোৱে শক্তিশালী আৰম্ভণি কৰিছিল যদিও ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই মাত্ৰ ২৩৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । টীম ইণ্ডিয়াই মেচখনত ১৬ ৰাণত জয়লাভ কৰে আৰু কপিল দেৱ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল ।

১৯৮৭ চনৰ বিশ্বকাপত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত দ্বিতীয়খনত মেচ মেন ইন ব্লুৰ বাবে বহুতো স্মৰণীয় মুহূৰ্ত আহিছিল । নাগপুৰত খেলা মেচখনত নিউজীলেণ্ডে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ৫০ অভাৰত ৯ টা উইকেট হেৰুৱাই মাত্ৰ ২২১ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । এই মেচখনত ভাৰতীয় বলাৰ চেতন শৰ্মাই হেট্ৰিক লয় । লগে লগে বিশ্বকাপত হেট্ৰিক কৰা বিশ্বৰ প্ৰথমগৰাকী বলাৰ হিচাপে পৰিগণিত হয় চেতন শৰ্মা ।

সেইদিনা ভাৰতৰ প্ৰদৰ্শন বিশ্ব চেম্পিয়নৰ দৰেই আছিল । ভাৰতে ১৯৮৩ চনৰ বিশ্বকাপৰ খিতাপ অক্ষুণ্ণ ৰাখিবলৈ খেলপথাৰত প্ৰৱেশ কৰিছিল । সুনীল গাভাস্কাৰৰ ১০৩ ৰাণ আৰু শ্ৰীকান্তৰ ৭৫ ৰাণৰ বাবে ভাৰতীয় দলটোৱে মেচখন ৯ উইকেটত নিজৰ আয়ত্তলৈ আনিছিল । মাত্ৰ ৩২.১ অভাৰতে ভাৰতে ২২৪ ৰাণৰ বিজয় লক্ষ্যত উপনীত হয় । শ্ৰীকান্ত আউট হোৱাৰ পিছত দুয়োজন অপেনাৰে প্ৰথম উইকেটৰ বাবে ১৩৬ ৰাণ সংগ্ৰহ কৰিছিল । গাভাস্কাৰৰ সৈতে মহম্মদ আজহাৰুদ্দিনে (৪১ ৰাণ) দলটোৰ হৈ মেচখন জয়ী কৰাইছিল । এই মেচখনত সুনীল গাভাস্কাৰ আৰু চেতন শৰ্মাক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় । ক্ৰিকেটৰ ইতিহাসত কেৱল কেইটামানহে এনেকুৱা ঘটনা ঘটিছে, য'ত দুজন খেলুৱৈক 'প্লেয়াৰ অব দ্য মেচ' হিচাপে বাছনি কৰা হৈছে ।

বিশ্বকাপ ১৯৯২

১৯৯২ চনৰ বিশ্বকাপত নিউজীলেণ্ডে টছত জয়ী হৈ মাৰ্টিন ক্ৰ'ৰ নেতৃত্বত ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । ভাৰতীয় দলটোৱে ৫০ অভাৰত ৬ উইকেট হেৰুৱাই ২৩০ ৰাণ সংগ্ৰহ কৰিছিল । য'ত শচীন তেণ্ডুলকাৰে ৮৪ ৰাণ আৰু আজহাৰে ৫৫ ৰাণ সংগ্ৰহ কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত নিউজীলেণ্ডৰ দলটোৱে ৪৭.১ অভাৰত ৬ টা উইকেট হেৰুৱাই ২৩১ ৰাণ সংগ্ৰহ কৰে । মনোজ প্ৰভাকৰে ৩ টা আৰু ভেংকটপতি ৰাজুৱে ২ টা উইকেট দখল কৰিছিল ।

বিশ্বকাপ ১৯৯৯

মহম্মদ আজহাৰুদ্দিনে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল । ভাৰতীয় দলটোৱে ৬ টা উইকেট হেৰুৱাই ৫০ অভাৰত ২৫১ ৰাণ সংগ্ৰহ কৰিছিল । অজয় জাদেজাৰ ৭৬ ৰাণৰ পিছত নিউজীলেণ্ডৰ বলাৰসকলে অতিৰিক্ত হিচাপে ৩৫ ৰাণ খৰচ কৰে । নিউজীলেণ্ডে ৪৮.২ অভাৰত ৫ টা উইকেট হেৰুৱাই ২৫৩ ৰাণ সংগ্ৰহ কৰে আৰু মেচখনত ৫ উইকেটত জয়লাভ কৰে । এই বিজয়ৰ সৈতে ভাৰতৰ বিৰুদ্ধে নিউজীলেণ্ডৰ বিশ্বকাপৰ স্ক'ৰ লাইন ৪-২ হয় ।

বিশ্বকাপ ২০০৩

এই বিশ্বকাপত ভাৰতীয় দলৰ প্ৰদৰ্শন উৎকৃষ্ট আছিল । টীম ইণ্ডিয়াই এই বিশ্বকাপত ফাইনেলকে ধৰি মাত্ৰ দুখন মেচতহে পৰাস্ত হৈছিল আৰু দুয়োখন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আছিল । টীম ইণ্ডিয়াই নিউজীলেণ্ডৰ বিৰুদ্ধে একপক্ষীয় বিজয় অৰ্জন কৰিছিল । সৌৰভ গাংগুলীয়ে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু ভাৰতীয় বলাৰসকলে নিউজীলেণ্ডক ১৪৬ ৰাণতে সীমাবদ্ধ ৰাখে । জাহিৰ খানে ৮ অভাৰত ৪২ ৰাণত ৪ টা উইকেট দখল কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় বেটছমেনসকলে ৪০ অভাৰত ৩ টা উইকেট হেৰুৱাই ১৫০ ৰাণ সংগ্ৰহ কৰিছিল । অৱশ্যে, টীম ইণ্ডিয়াৰ তিনিওটা উইকেটৰ ২১ ৰাণতে পতন ঘটিছিল । ইয়াৰ পিছত মহম্মদ কাইফে ৬৮ ৰাণ আৰু ৰাহুল দ্ৰাবিড়ে ৫৩ ৰাণ সংগ্ৰহ কৰি দলটোক বিজয় প্ৰদান কৰে । জাহিৰ খানক তেওঁৰ উৎকৃষ্ট বলিঙৰ বাবে মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছিল ।

বিশ্বকাপ ২০১৯

এইবাৰ প্ৰায় ১৬ বছৰৰ পিছত দুয়োটা দলে বিশ্বকাপত পৰস্পৰৰ মুখামুখী হৈছিল । এইবাৰো দুয়োপক্ষৰ মাজত দুখন মেচ আছিল । কিন্তু বৰষুণৰ বাবে প্ৰাৰম্ভিক মেচখন খেলিব পৰা নাছিল । আনহাতে, দ্বিতীয়বাৰৰ বাবে দুয়োটা দলে ছেমি ফাইনেলত মুখামুখী হৈছিল । নিউজীলেণ্ডে ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই মুঠ ২৩৯ ৰাণ সংগ্ৰহ কৰিছিল । বৰষুণৰ বাবে মেচখন দুদিন ধৰি খেলা হৈছিল আৰু মেচখনত টীম ইণ্ডিয়াক ফেভাৰিট হিচাপে গণ্য কৰা হৈছিল । কিন্তু গোটেই দলটো ২২১ ৰাণতে অল আউট হৈছিল । অনুৰাগীসকলে এতিয়াও মনত ৰাখিছে সেই দৃশ্য, য'ত মহেন্দ্ৰ সিং ধোনী ৰাণ আউট হৈ চকুপানীৰে পেভিলিয়নলৈ উভতি আহিছিল ।

এতিয়ালৈকে বিশ্বকাপত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত ৯ খন মেচৰ ভিতৰত নিউজীলেণ্ডে ৫ খন মেচত জয়লাভ কৰিছে আৰু ভাৰতৰ পক্ষত গৈছে তিনিখন মেচৰ ফলাফল । বৰষুণৰ কাৰণে এখন মেচ পৰিত্যক্ত হৈছে । তাৰ পিছত এতিয়া ২২ অক্টোবৰত দুয়োটা দলে বিশ্বকাপত দশমবাৰৰ বাবে মুখামুখী হ'ব । লগতে দুয়োটা দলৰে লক্ষ্য হ'ব ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা শক্তিশালী কৰা ।

লগতে পঢ়ক :World Cup 2023 : হিট্মেন ৰোহিতৰ সন্মুখত আন এক অভিলেখৰ সুযোগ

Last Updated :Oct 21, 2023, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.