ETV Bharat / sports

World Cup 2023: ভাৰতীয় দলক প্ৰশংসা ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইক আথাৰটনৰ

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 8:51 PM IST

ভাৰতীয় দলক প্ৰশংসা ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইক আথাৰটনৰ
World Cup 2023

চলিত আইচিচি বিশ্বকাপত টীম ইণ্ডিয়াই শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখিছে । প্ৰতিযোগিতাখনৰ প্ৰথমটো দল হিচাপে ভাৰত ছেমি ফাইনেলত উপনীত হৈছে । দেওবাৰে কলকাতাত পৰৱৰ্তী মেচখনত টীম ইণ্ডিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । তাৰ পূৰ্বে ইংলেণ্ডৰ কিংবদন্তি ক্ৰিকেট দলটো টীম ইণ্ডিয়াৰ প্ৰদৰ্শনৰ অনুৰাগী হৈ পৰিছে ।

স্পৰ্টছ ডেস্ক, ৩ নৱেম্বৰ : ভাৰতে শ্ৰীলংকাক ৩০২ ৰাণত পৰাস্ত কৰি ২০২৩ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত স্থান সুৰক্ষিত কৰিছে । টীম ইণ্ডিয়াৰ এই প্ৰদৰ্শনত ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল আথাৰটনে এক ডাঙৰ বিবৃতি প্ৰদান কৰিছে । তেওঁৰ মতে, প্ৰতিযোগিতাখনৰ সৰ্বশ্ৰেষ্ঠ দলটো হৈছে আয়োজক দেশখন ।

মাইকেল আথাৰটনে কয়, "টীম ইণ্ডিয়াক বিশ্বকাপৰ শ্ৰেষ্ঠ আৰু শক্তিশালী দল যেন লাগিছে । তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ বলিং আক্ৰমণ আছে । সেইটোৱেই মোৰ বাবে বিশেষ । দলটোৱে নিশ্চিতভাৱে ভাল অলৰাউণ্ড প্ৰদৰ্শন কৰিছে । কিন্তু তেওঁলোকে মুম্বাইত শ্ৰীলংকাৰ বিৰুদ্ধে আৰু লক্ষ্ণৌত ইংলেণ্ডৰ বিৰুদ্ধে যিধৰণে বলিং কৰিছিল, সেয়া চমৎকাৰ আছিল । এইটো এক চমৎকাৰ আক্ৰমণ । মই ভাবোঁ ভাৰতীয় ফাষ্ট বলিঙৰ মান বহুত ভাল । যিটোৱে দলটোক সম্পূৰ্ণৰূপে সলনি কৰিছে ।"

উল্লেখ্য যে বৃহস্পতিবাৰে বুমৰাহ, ছামী আৰু চিৰাজে ৱাংখেড়ে ষ্টেডিয়ামত নতুন বলেৰে বিস্ফোৰক আক্ৰমণ কৰি শ্ৰীলংকান দলটোক ১৯.৪ অভাৰত মাত্ৰ ৫৫ ৰাণতে আউট কৰে । বুমৰাহে শ্ৰীংলকাৰ বেটিঙৰ প্ৰথমটো বলতে পাথুম নিশাংকাক আউট কৰি যুগ যুগ ধৰি স্মৰণীয় হৈ থাকিবলগা এক উত্তেজনাপূৰ্ণ ফাষ্ট বলিং প্ৰদৰ্শনৰ ভেটি স্থাপন কৰে । পাঁচ অভাৰত তেওঁৰ বলিং প্ৰদৰ্শন হৈছে ৮ ৰাণৰ বিনিময়ত এটা উইকেট ।

আনহাতে, চিৰাজে বিপক্ষৰ দলটোক সাত অভাৰত তিনিটাকৈ মোক্ষম আঘাত দিয়ে আৰু বেটছমেনসকলক ছুইং আৰু ছিমৰ দ্বাৰা দিশহাৰা কৰি তোলে । একে সময়তে ছামীয়ে পাঁচ অভাৰত ১৮ ৰাণত ৫ টা উইকেট দখল কৰে । যাৰ ফলত তেওঁ এদিনীয়া বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় । মুম্বাইত এই বিজয় আছিল প্ৰতিযোগিতাখনত ভাৰতৰ একেৰাহে সপ্তম বিজয় । আনহাতে, তৃতীয়বাৰৰ বাবে ভাৰতে শ্ৰীলংকাক এই বছৰ এদিনীয়াত ১০০ তকৈ কম ৰাণত আউট কৰে । বিশ্বকাপত ভাৰতৰ পৰৱৰ্তী খেলখন দেওবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব । এইখন এনে এখন মেচ হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে মাইকেল আথাৰটনে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক :Cricket World Cup 2023 : বিশ্বকাপত ভাৰতীয় দলৰ ফিল্ডিং প্ৰদৰ্শনক প্ৰশংসা মাষ্টাৰ-ব্লাষ্টাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.