ETV Bharat / sports

Cricket World Cup 2023 : বিশ্বকাপত ভাৰতীয় দলৰ ফিল্ডিং প্ৰদৰ্শনক প্ৰশংসা মাষ্টাৰ-ব্লাষ্টাৰৰ

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 6:29 PM IST

ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰে চলিত বিশ্বকাপত তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে ভাৰতীয় ক্ৰিকেট দলক প্ৰশংসা কৰিছে আৰু ফিল্ডিং পদক খেলপথাৰত এজন খেলুৱৈৰ প্ৰতিশ্ৰুতিৰ লক্ষণ বুলি উল্লেখ কৰি বিশেষভাৱে তেওঁলোকৰ ফিল্ডিংৰ বাবে প্ৰশংসা কৰিছে ৷

Cricket World Cup 2023
ফিল্ডিং প্ৰদৰ্শনক প্ৰশংসা শচীন তেণ্ডুলকাৰৰ

স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ : ভাৰতে এতিয়ালৈকে বিশ্বকাপ 2023 ত এক সুন্দৰ প্ৰদৰ্শনেৰে অপ্ৰতিৰোধ্য হৈ আছে আৰু ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰেও দলটোক প্ৰশংসা কৰিছে ৷ লগতে খেলপথাৰত তেওঁলোকৰ প্ৰদৰ্শনতকৈ ফিল্ডিং প্ৰশিক্ষক টি দিলীপৰ ফিল্ডিং প্ৰশিক্ষনে ক্ৰিকেট জগতত চৰ্চা লাভ কৰিছে ৷

তেওঁ ষ্টেডিয়ামৰ পৰ্দাত ফিল্ডিং পদকৰ বিজয়ী ঘোষণা কৰা বা বিজয়ীৰ নাম প্ৰদান কৰা স্পাইডাৰ কেমৰ দৰে অভিনৱ পদ্ধতি ব্যৱহাৰ কৰিছে ৷ মেন ইন ব্লুৱে বৃহস্পতিবাৰে শক্তিশালী বলিং আক্ৰমণেৰে শ্ৰীলংকাক 302 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷ ইয়াৰ পিছত দলটোৱে পদক সমাৰোহ অনুষ্ঠিত কৰে আৰু শ্ৰেয়াছ আয়াৰক শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে এটা পদক প্ৰদান কৰা হয় ৷ অৱশ্যে অনুষ্ঠানটো অধিক বিশেষ হৈ পৰিছিল যেতিয়া কিংবদন্তি শচীন তেণ্ডুলকাৰে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোক প্ৰশংসা কৰিছিল ৷

তেণ্ডুলকাৰে 2003 চনৰ বিশ্বকাপত ভাৰতীয় দলটোৱে কেনেদৰে নিজকে অনুপ্ৰাণিত কৰিছিল তাৰ বৰ্ণনা কৰে আৰু লগতে খেলপথাৰত তেওঁলোকৰ সমৰ্পণৰ বাবে বৰ্তমানৰ দলটোক প্ৰশংসা কৰি কয় যে পদক সমাৰোহ ৰোহিত শৰ্মানেতৃত্বাধীন দলটোৱে দেখুওৱা প্ৰতিশ্ৰুতিৰ সৰ্বশ্ৰেষ্ঠ লক্ষণ ৷

"যেতিয়া আমি দক্ষিণ আফ্ৰিকাত খেলি আছিলো, আমাৰ এখন চাৰ্ট আছিল ৷ ইয়াত 'মই পাৰিম, আমি পাৰিম' বুলি উল্লেখ কৰা হৈছিল আৰু প্ৰতিজন খেলুৱৈয়ে খেলপথাৰলৈ যোৱাৰ আগতে সেই চাৰ্টখনত স্বাক্ষৰ কৰিব লগা হৈছিল ৷ এইটো সকলো প্ৰতিশ্ৰুতিৰ বিষয়ে আছিল... যে মই দেশ আৰু দলৰ প্ৰতি মোৰ 100 টা প্ৰতিশ্ৰুতি দিম ৷" শচীনে বিচিচিআইয়ে অফিচিয়েল এক্স ( টুইটাৰ)ত পোষ্ট কৰা ভিডিঅ'টোত কয় ৷

"বৰ্তমানৰ দলটোৱে ফিল্ডিং পদক প্ৰদান কৰি ঠিক সেইটোৱেই কৰি আছে ৷ ই আপোনাৰ সহখেলুৱৈৰ বাবে, আপোনাৰ দলৰ বাবে আৰু দেশৰ বাবে কিবা কৰাৰ আপোনাৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ৷" তেণ্ডুলকাৰে কয় ৷

লগতে পঢ়ক: ICC CWC 2023: ছেমি ফাইনেলত উপনীত হৈ সুখী ৰোহিত শৰ্মা; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচ প্ৰত্যাহ্বানজনক হ'ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.