ETV Bharat / sports

ভাৰত-দক্ষিণ আফ্ৰিকা প্ৰথম টেষ্ট; সিক্ত আউটফিল্ডৰ বাবে আৰম্ভণিত বিলম্ব

author img

By ANI

Published : Dec 26, 2023, 2:19 PM IST

IND vs SA test series 2023
ভাৰত দক্ষিণ আফ্ৰিকা প্ৰথম টেষ্ট; সিক্ত আউটফিল্ডৰ বাবে আৰম্ভণিত বিলম্ব

IND vs SA Test Series : ভাৰতে মঙলবাৰে চেঞ্চুৰিয়ানত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন টেষ্টৰ জৰিয়তে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ ৰঙা বলৰ শংখলা আৰম্ভ কৰিব । টি-২০ শৃংখলা ১-১ ব্যৱধানত ড্ৰ হোৱাৰ পিছত ভাৰতে এদিনীয়া শৃংখলা ২-১ ব্যৱধানত হস্তগত কৰে । ইয়াৰ পিছত মেন ইন ব্লুৱে দক্ষিণ আফ্ৰিকাত তেওঁলোকৰ প্ৰথমখন টেষ্ট শৃংখলা জয়ৰ লক্ষ্য ৰাখিব ।

স্পৰ্টছ ডেস্ক, ২৬ ডিচেম্বৰ : দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ান পাৰ্কত মঙলবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া প্ৰথম টেষ্টৰ টছ সিক্ত আউটফিল্ডৰ বাবে বিলম্ব হৈছে । "দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ'বলগীয়া প্ৰথম টেষ্টৰ টছ আৰু মেচৰ আৰম্ভণি সিক্ত আউটফিল্ডৰ বাবে ৰলম হৈছে । পুৱা ১০ বজাত (ভাৰতীয় সময় মতে ১.৩০ বজাত) খেলপথাৰৰ পৰৱৰ্তী পৰিদৰ্শন হ'ব ।" মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে এক্স পোষ্টত কয় ।

উল্লেখ্য যে মেঘাচ্ছন্ন বতৰৰ বাবে ইতিমধ্যে এই টেষ্টৰ সময়ত বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে । ভাৰতে মঙলবাৰে চেঞ্চুৰিয়ানত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন টেষ্টৰ জৰিয়তে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ ৰঙা বলৰ শংখলা আৰম্ভ কৰিব । টি-২০ শৃংখলা ১-১ ব্যৱধানত ড্ৰ হোৱাৰ পিছত ভাৰতে এদিনীয়া শৃংখলা ২-১ ব্যৱধানত হস্তগত কৰে । ইয়াৰ পিছত মেন ইন ব্লুৱে দক্ষিণ আফ্ৰিকাত তেওঁলোকৰ প্ৰথমখন টেষ্ট শৃংখলা জয়ৰ লক্ষ্য ৰাখিব ।

আইচিচি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছত ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহৰ দৰে জ্যেষ্ঠসকলৰ ওপৰত এইটো হৈছে প্ৰথম আন্তঃৰাষ্ট্ৰীয় দায়িত্ব । আনহাতে, প্ৰাক-মেচ সংবাদমেলত ৰোহিত শৰ্মাই কয় যে ভাৰতীয় ছীমাৰসকলে বিদেশত তেওঁলোকৰ প্ৰদৰ্শনৰ দ্বাৰা বিগত পাঁচৰ পৰা সাত বছৰত যথেষ্ট সন্মান অৰ্জন কৰিছে । লগতে তেওঁ কয় যে যদিও আঘাতৰ বাবে শ্বামীৰ অনুপস্থিতি অনুভৱ কৰা হ'ব, দলটোৰ বাকী বলাৰসকলৰ ওপৰত তেওঁৰ আস্থা আছে ।

"আমাৰ ছীমাৰসকলে সেই সন্মান অৰ্জন কৰিছে, কাৰণ তেওঁলোকে বিদেশৰ পৰিস্থিতিত কেনে প্ৰদৰ্শন কৰিব লাগে সেয়া জানে । বিগত পাঁচৰ পৰা সাত বছৰ ধৰি তেওঁলোকে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাত ভাল প্ৰদৰ্শন কৰিছে । আনকি দক্ষিণ আফ্ৰিকাতো আমি যোৱা বছৰ প্ৰথম টেষ্টত জয়লাভ কৰিছিলোঁ । কিন্তু পৰৱৰ্তী দুখন মেচত পৰাস্ত হওঁ । তেওঁলোকে নিজৰ সৰ্বোচ্চ উজাৰি দিছে আৰু আমি তেওঁলোকৰ পৰা যি আশাকৰোঁ সেয়া আমাক দিছে । শ্বামী আমাৰ বাবে এক ডাঙৰ অভাৱ হ'ব । তেওঁৰ অভিজ্ঞতা আৰু তেওঁ আমাৰ দলৰ বাবে বহু বছৰ ধৰি সুন্দৰ প্ৰদৰ্শন কৰিছে । কোনোবাই তেওঁৰ স্থান পূৰণ কৰাটো সহজ নহ'ব । কিন্তু তেওঁৰ স্থানত যি আহিব তেওঁৰ ওপৰত আমাৰ যথেষ্ট আত্মবিশ্বাস আছে ।" ৰোহিতে কয়।

টেষ্টৰ বাবে ভাৰতীয় দল

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, যশস্ৱী জয়ছোৱাল, বিৰাট কোহলী, শ্ৰেয়শ আয়াৰ, ৰুতুৰাজ গায়কোৱাড়, ঈশান কিষাণ (উইকেটৰক্ষক), কে এল ৰাহুল (উইকেটৰক্ষক), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, মহম্মদ চিৰাজ, মুকেশ কুমাৰ, মহম্মদ শ্বামী*, যশপ্ৰীত বুমৰাহ (উপ অধিনায়ক), প্ৰসিদ্ধ কৃষ্ণা

দক্ষিণ আফ্ৰিকা দল

ডিন এলগাৰ, এডেন মাৰ্ক্ৰাম, টনি ডি জৰ্জি, টেম্বা বাভুমা (অধিনায়ক), ডেভিড বেডিংহাম, কাইল ভেৰেইন (উইকেটৰক্ষক), মাৰ্কো য়ানচেন, কেশৱ মহাৰাজ, গেৰাল্ড কোয়েটজি, কাগিচো ৰাবাডা, লুঙ্গি এনগিড়ি, কিগান পিটাৰচেন, ৱিয়ান মুল্ডাৰ, নান্দ্ৰে বাৰ্গাৰ, ট্ৰিষ্টান ষ্টবছ

লগতে পঢ়ক :আনে কৰিবলৈ ব্যৰ্থ হোৱাটো আমি সফল কৰিব বিচাৰোঁ; প্ৰথম টেষ্টৰ পূৰ্বে ৰোহিত শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.