ETV Bharat / sports

আনে কৰিবলৈ ব্যৰ্থ হোৱাটো আমি সফল কৰিব বিচাৰোঁ; প্ৰথম টেষ্টৰ পূৰ্বে ৰোহিত শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 10:11 PM IST

Rohit Sharma on first test against SA
আনে কৰিবলৈ ব্যৰ্থ হোৱাটো আমি সফল কৰিব বিচাৰোঁ; প্ৰথম টেষ্টৰ পূৰ্বে ৰোহিত শৰ্মা

IND vs SA Test Series : ২৬ ডিচেম্বৰৰ পৰা চেঞ্চুৰিয়ান পাৰ্কত আৰম্ভ হ'বলগীয়া বক্সিং ডে' টেষ্টত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । 'মেন ইন ব্লু'ৱে 'ৰামধেনুৰ দেশ'ত প্ৰথমবাৰৰ বাবে শৃংখলা জয় কৰি ইতিহাস সৃষ্টি কৰিব বিচাৰিব । প্ৰথম টেষ্টৰ পূৰ্বে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই দৃঢ়তাৰে কয় যে এগৰাকী অধিনায়ক হিচাপে তেওঁ বিচাৰে যে এই দলটোৱে আন ভাৰতীয় দলবোৰে যি কৰিবলৈ ব্যৰ্থ হৈছিল সেয়া সফল কৰক । সেইটো হৈছে দক্ষিণ আফ্ৰিকাত টেষ্ট শৃংখলা জয় ।

স্পৰ্টছ ডেস্ক, ২৫ ডিচেম্বৰ : মঙলবাৰৰ পৰা আৰম্ভ হ'ব বহু প্ৰতীক্ষিত ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলা । প্ৰথম টেষ্টৰ পূৰ্বে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই সোমবাৰে কয়, এগৰাকী অধিনায়ক হিচাপে তেওঁ বিচাৰে যে তেওঁৰ দলটোৱে অতীজত দক্ষিণ আফ্ৰিকাত আন ভাৰতীয় দলে যিটো কৰাত ব্যৰ্থ হৈছে, সেয়া 'সফল' কৰক । উল্লেখ্য যে ১৯৯২ চনত দক্ষিণ আফ্ৰিকাত ভাৰতে প্ৰথম টেষ্ট শৃংখলা খেলাৰ পৰা 'ৰামধেনুৰ দেশ'খনত কেতিয়াও টেষ্ট শৃংখলা জয় কৰা নাই ।

মঙলবাৰে চেঞ্চুৰিয়ান পাৰ্কত আৰম্ভ হ'ব দুয়োখন দেশৰ মাজৰ দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ । বক্সিং ডে' মেচৰ প্ৰাক-মেচ সংবাদমেলত ৰোহিতে কয়, "বিশ্বৰ এই অংশত যিটো কোনেও অৰ্জন কৰা নাই, সেয়া লাভ কৰিব বিচাৰোঁ ।"

আনহাতে, ৩৬ বছৰীয়া হিটমেনে তেওঁৰ ক্ৰিকেট ভৱিষ্যতৰ বিষয়ে একো উল্লেখ নকৰিলে । তেওঁ কেৱল ক্ৰিকেট উপভোগ কৰিব বিচাৰে বুলিহে কয় । "মই মোৰ সন্মুখত যি ক্ৰিকেট আছে সেয়া খেলিব বিচাৰোঁ ।" তেওঁৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ নকৰাকৈ ৰোহিত শৰ্মাই কয় ।

উল্লেখ্য যে ভাৰতীয় দলত কে এল ৰাহুলক তেওঁৰ বেটিং দক্ষতাৰ কথা বিবেচনা কৰি কে এছ ভৰততকৈ উইকেটৰক্ষক হিচাপে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি অনুমান কৰা হৈছে । অৱশ্যে অধিনায়ক ৰোহিত শৰ্মাই কয় যে পাঁচদিনীয়া ফৰ্মেটত কিমান সময় তেওঁ গ্ল'ভছ পিন্ধি থাকিব বিচাৰে সেয়া উইকেটৰক্ষক-বেটাৰৰ ওপৰত নিৰ্ভৰ কৰিব ।

"মই নিশ্চিত নহয় যে কে এল ৰাহুলে কিমান দিন উইকেট ৰখিব বিচাৰিব, কিন্তু এতিয়ালৈকে তেওঁ আগ্ৰহী ।" ৰোহিতে কয় । আনহাতে, ভাৰতৰ বিশ্বকাপৰ নায়ক মহম্মদ শ্বামী গোৰোহাৰ আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হৈছে । ৰোহিত শৰ্মাই এইগৰাকী স্পিডষ্টাৰৰ অনুপস্থিতিক এক ডাঙৰ ক্ষতি বুলিও অভিহিত কৰে । "শ্বামীয়ে বহু বছৰ ধৰি আমাৰ বাবে যি কৰিছে তাৰ বাবে এক ডাঙৰ ক্ষতি হ'ব । কোনোবাই সেই স্থান পূৰণ কৰিব, কিন্তু ই সহজ নহ'ব ।" মুম্বাইকাৰে লগতে কয় ।

লগতে পঢ়ক :৩১ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ইতিহাস ৰচনাৰ লক্ষ্যৰে খেলপথাৰত নামিব ৰোহিত বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.