ETV Bharat / sports

টি-২০ দললৈ উভতি অহাৰ সম্পূৰ্ণ সম্ভাৱনা ৰোহিত-বিৰাটৰ

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 4:59 PM IST

T20Is against Afghanistan
IND Vs AFG

অহা ১৪ জানুৱাৰীৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ভাৰতৰ টি-২০ শৃংখলা ৷ এই শৃংখলাত নেতৃত্ব কোনে দিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ কিন্তু দলটোত দুজন জ্যেষ্ঠ ক্ৰিকেটাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলী অন্তৰ্ভুক্ত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ৷

স্প’ৰ্টছ ডেস্ক, ৫ জানুৱাৰী: ভাৰতীয় তাৰকা বেটছমেন বিৰাট কোহলী আৰু অধিনায়ক ৰোহিত শৰ্মা দুয়োজনে টি-২০ ফৰ্মেটৰ বাবে উপলব্ধ বুলি নিশ্চিত কৰাৰ লগে লগে ১৪ জানুৱাৰীৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ ত ভাৰতীয় দললৈ ঘূৰি অহাৰ সম্ভাৱনা প্ৰকট হৈছে । সেই ক্ষেত্ৰত ৰোহিত শৰ্মাই দলটোৰ নেতৃত্ব দিব পাৰে ৷ কাৰণ টি-২০ ফৰ্মেটৰ দুয়োগৰাকী অধিনায়ক হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্য কুমাৰ যাদৱে এতিয়াও আঘাতৰ বাবে চিকিৎসাধীন হৈ আছে আৰু আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে তেওঁলোক উপলব্ধ নহয় ।

উল্লেখ্য যে শৰ্মা আৰু কোহলী দুয়োজনেই শেষবাৰৰ বাবে টি-২০ত ভাৰতৰ হৈ খেলিছিল ২০২২ চনৰ নৱেম্বৰ মাহত । কিন্তু অহা জুন মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচকসকলে দুয়োজন খেলুৱৈকে আফগানিস্তানৰ বিৰুদ্ধে ঘৰুৱা খেলত নিজৰ দক্ষতা আৰু অধিক নিপুন কৰিবলৈ এটা সুযোগ দিব পাৰে ৷

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক সূত্ৰই শুকুৰবাৰে ইটিভি ভাৰতক জনাইছে যে, ‘‘এতিয়াও দলটোক কোনে নেতৃত্ব দিব সেয়া স্পষ্ট হোৱা নাই যদিও ৰোহিত আৰু বিৰাট দুয়োজনে ভাৰতৰ হৈ টি-২০ খেলিব বুলি নিশ্চিত কৰিছে ।’’

সূত্ৰটোৱে আৰু কয় যে দিনটোৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া বৈঠকত অধিনায়কত্বৰ বিষয়টোৰ সিদ্ধান্ত লোৱা হ’ব আৰু টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সৈতে পাঁচজন নিৰ্বাচকে অনলাইনযোগে যোগদান কৰিব ।

বাচনি সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰ, সলিল অংকোলা আৰু শিৱ সুন্দৰ দাস মেন ইন ব্লুৰ সৈতে দক্ষিণ আফ্ৰিকাত থকাৰ বিপৰীতে বাকী দুগৰাকী নিৰ্বাচক সুব্ৰত বেনাৰ্জী আৰু এছ শৰথ ভাৰতত আছে ৷ তেওঁলোকেও দল নিৰ্বাচনৰ বাবে বৈঠকত যোগদান কৰিব আৰু আগন্তুক ছিৰিজৰ বাবে এজন অধিনায়ক বাচনি কৰিব ।

মুম্বাই ইণ্ডিয়ানছৰ দ্বাৰা তুচ্ছ-তাচ্ছিল্য কৰা সত্ত্বেও ৰোহিত শৰ্মাই চুটি সংস্কৰণত ভাৰতক নেতৃত্ব দিব পাৰে, কিন্তু খেলখনত আন নামো আছে । "কোনেও নাজানে ৰাহুল দ্ৰাবিড়ে কি বিচাৰিব । যদি নিৰ্বাচক আৰু প্ৰশিক্ষকৰ মতামত আছে যে কনিষ্ঠ খেলুৱৈক দলটোক নেতৃত্ব দিবলৈ পদোন্নতি দিয়া হ'ব পাৰে, তেন্তে হট ছিটৰ বাবে ৰবীন্দ্ৰ জাদেজা আৰু শ্ৰেয়স আয়াৰৰ নাম বিবেচনা কৰা হ'ব পাৰে ৷" সূত্ৰটোৱে কয় ।
শুভমন গিলৰ দৰে নবীন কোনোবা এজনকো অধিনায়কৰ ভূমিকাত বিবেচনা কৰা হোৱাৰ সম্ভাৱনা আছে যদিও এতিয়াৰ হিচাপত সেয়া দূৰৈৰ চিন্তা যেন লাগে ।

লগতে পঢ়ক: আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষত টীম ইণ্ডিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.