ETV Bharat / sports

আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষত টীম ইণ্ডিয়া

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 1:58 PM IST

ICC WTC Point Table
আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষত টীম ইণ্ডিয়া

ICC WTC Point Table : আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত এক ডাঙৰ পৰিৱৰ্তন হৈছে । দ্বিতীয়খন টেষ্টত দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰি টীম ইণ্ডিয়াই শীৰ্ষস্থান দখল কৰিছে ।

স্পৰ্টছ ডেস্ক, ৫ জানুৱাৰী : বছৰটোৰ আৰম্ভণিতে টীম ইণ্ডিয়াৰ বাবে এক সুখবৰ । ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ বৰ্ষৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত আৰোহণ কৰিছে । উল্লেখ্য যে সদ্যসমাপ্ত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ কেপটাউনত অনুষ্ঠিত অন্তিমখন মেচত ভাৰতে ৭ উইকেটত জয়লাভ কৰে । এই মেচখন আছিল টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ চুটি মেচ ।

মেচখনত মুঠ ১০৭ অ'ভাৰ বল কৰা হয় আৰু দুয়োটা দলৰ খেলুৱৈয়ে ৬৪২ টা বলৰ সন্মুখীন হয় । মেচখন দ্বিতীয়দিনা দ্বিতীয় ছেছনৰ আগতেই সমাপ্ত হয় । আনহাতে, এই চমৎকাৰ বিজয়েৰে টীম ইণ্ডিয়াই আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত এক ডাঙৰ জাঁপ মাৰে । বৰ্তমান টীম ইণ্ডিয়াই সকলোকে পৰাস্ত কৰি 26 পইণ্টেৰে পইণ্ট তালিকাৰ 1 নম্বৰ স্থানত উপনীত হৈছে ।

উল্লেখ্য যে, এই মেচখনত ভাৰতে দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ 55 ৰাণতে স্তব্ধ কৰি দিয়ে । আনহাতে, ভাৰতে প্ৰথম ইনিংছত ১৫৩ ৰাণ সংগ্ৰহ কৰে । দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাই মাত্ৰ ১৭৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ফলত টীম ইণ্ডিয়াই জয়ৰ বাবে মাত্ৰ 79 ৰাণৰ লক্ষ্য লাভ কৰে ।

এই বিজয় লক্ষ্য লৈ ইনিংছ মুকলি কৰা ভাৰতে ৭ উইকেট বাকী থকা অৱস্থাত এই বিজয় সাব্যস্ত কৰে । এই জয়ৰ জৰিয়তে টীম ইণ্ডিয়াই 26 পইণ্টেৰে শীৰ্ষস্থানত উপনীত হয় । আনহাতে, দক্ষিণ আফ্ৰিকা 12 পইণ্টেৰে দ্বিতীয় স্থানত আছে আৰু নিউজীলেণ্ড 12 পইণ্টেৰে 3 নম্বৰত আছে ।

উল্লেখ্য যে, ভাৰতীয় দলটোৱে এতিয়ালৈকে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ শৃংখলাত মুঠ ৪ খন মেচ খেলিছে । এই সময়ছোৱাত ৰোহিত শৰ্মা বাহিনীয়ে 2 খন টেষ্টত জয়লাভ কৰাৰ বিপৰীতে এখনত পৰাজিত হৈছে । আনহাতে, এখন মেচ অমীমাংসিতভাৱে সমাপ্ত হয় ।

ইফালে টীম ইণ্ডিয়াৰ এই বিজয়ৰ ফলত পাকিস্তান আৰু অষ্ট্ৰেলিয়াও ক্ষতিৰ সন্মুখীন হৈছে । অষ্ট্ৰেলিয়া বৰ্তমান পইণ্ট তালিকাত ৪ নম্বৰ, বাংলাদেশ ৫ নম্বৰ, পাকিস্তান ৬ নম্বৰ, ৱেষ্ট ইণ্ডিজ ৭ নম্বৰ, ইংলেণ্ড ৮ নম্বৰ আৰু শ্ৰীলংকা ৯ নম্বৰ স্থানত আছে ।

লগতে পঢ়ক : দুদিনত সমাপ্ত কেপ টাউন টেষ্ট: ক্ৰিকেট ইতিহাসৰ লিপিবদ্ধ চুটি টেষ্ট মেচসমূহৰ এক অৱলোকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.