ETV Bharat / sports

আই পি এল 2024 ৰ বাবে হাৰ্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 7:41 PM IST

Indian Premier League 2024 : শুকুৰবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছে (এম আই) আগন্তুক ছিজনৰ অধিনায়ক হিচাপে ঘোষণা কৰে হাৰ্দিক পাণ্ডিয়াক। 23 মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ 2024ৰ সংস্কৰণ ৷

Mumbai Indians announce Hardik Pandya as captain
হাৰ্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ঘোষণা

স্পৰ্টছ ডেস্ক, 15 ডিচেম্বৰ : মুম্বাই ইণ্ডিয়ানছে শুকুৰবাৰে পাঁচবাৰৰ চেম্পিয়ন অধিনায়ক ৰোহিত শৰ্মাৰ ঠাইত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ নাম ঘোষণা কৰে ৷

এই পৰিৱৰ্তন সন্দৰ্ভত মুম্বাই ইণ্ডিয়ানছৰ গ্লোবেল হেড অৱ পাৰফৰ্মেন্স মাহেলা জয়বৰ্ধনে কয়, "এয়া লিগেচি বিল্ডিং আৰু ভৱিষ্যতৰ বাবে সাজু হোৱাৰ এম আই (মুম্বাই ইণ্ডিয়ানছ) দৰ্শনৰ প্ৰতি সত্যতাৰ অংশ ৷ মুম্বাই ইণ্ডিয়ানছ সদায় শচীনৰ পৰা হৰভজন আৰু ৰিকিৰ পৰা আৰম্ভ কৰি ৰোহিতলৈকে ব্যতিক্ৰমী নেতৃত্বৰে ধন্য হৈ আহিছে, যিয়ে তাৎক্ষণিক সফলতাত অৰিহণা যোগোৱাৰ লগতে ভৱিষ্যতৰ বাবে দলটোক শক্তিশালী কৰাৰ ওপৰত সদায় চকু ৰাখিছে ৷ এই দৰ্শনৰ লগত খাপ খুৱাই হাৰ্দিক পাণ্ডিয়াই আই পি এল 2024 ছিজনৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব গ্ৰহণ কৰিব ৷"

মাহেলা জয়বৰ্ধনে লগতে কয় "আমি ৰোহিত শৰ্মাৰ প্ৰতি তেওঁৰ ব্যতিক্ৰমী নেতৃত্বৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো; 2013 চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে তেওঁৰ কাৰ্যকাল অসাধাৰণতকৈ কম নহয় ৷ তেওঁৰ নেতৃত্বই দলটোলৈ অতুলনীয় সফলতা কঢ়িয়াই অনাই নহয় আই পি এলৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপেও নিজৰ স্থান সুদৃঢ় কৰি তুলিছে ৷ তেওঁৰ নিৰ্দেশনাত মুম্বাই ইণ্ডিয়ানছে এতিয়ালৈকে আটাইতকৈ সফল আৰু প্ৰিয় দলবোৰৰ ভিতৰত এটা হৈ পৰিছে ৷ আমি মুম্বাই ইণ্ডিয়ানছক অধিক শক্তিশালী কৰাৰ বাবে খেলপথাৰত আৰু বাহিৰত তেওঁৰ নিৰ্দেশনা আৰু অভিজ্ঞতাৰ বাবে অপেক্ষা কৰিম ৷"

মুম্বাই ইণ্ডিয়ানছৰ গ্ল’বেল হেড অৱ পাৰফৰমেন্স মাহেলা জয়বৰ্ধনে মন্তব্য কৰে যে "আমি হাৰ্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক হিচাপে আদৰণি জনাইছো আৰু তেওঁক বহুত বহুত শুভেচ্ছা জনাইছো ৷"

লগতে পঢ়ক : ইতিহাস হৈ পৰিল ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ জাৰ্চি নং ৭

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.