ETV Bharat / sports

ইতিহাস হৈ পৰিল ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ জাৰ্চি নং ৭

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 4:05 PM IST

Board of Control for Cricket in India
MS Dhonis No 7 jersey

MS Dhoni's No 7 jersey: ভাৰতৰ বিশ্বকাপ বিজয়ী অধিনায়ক এম এছ ধোনিৰ সন্মানাৰ্থে শুকুৰবাৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে 7 নং জাৰ্চি প্ৰত্যাহাৰৰ সিদ্ধান্ত লয় । খবৰ অনুসৰি ব’ৰ্ডে সকলো ভাৰতীয় ক্ৰিকেটাৰক জনাইছে যে তেওঁলোকে সেই বিশেষ নম্বৰটো জাৰ্চি নম্বৰ হিচাপে বাছি ল’ব নোৱাৰে ।

স্প’ৰ্টছ ডেস্ক, ১৫ ডিচেম্বৰ: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শুকুৰবাৰে প্ৰাক্তন অধিনায়ক এম এছ ধোনিৰ প্ৰতি সন্মান জনাই ‘৭ নং জাৰ্চি’ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । খবৰ অনুসৰি ব'ৰ্ডে সকলো ভাৰতীয় ক্ৰিকেটাৰক জনাইছে যে তেওঁলোকে সেই নিৰ্দিষ্ট নম্বৰটো বাছি ল'ব নোৱাৰিব । ধোনী বিশ্ব ক্ৰিকেটৰ একমাত্ৰ অধিনায়ক যিয়ে এদিনীয়া (২০১১) আৰু টি-২০ (২০০৭) বিশ্বকাপ তথা চেম্পিয়নছ ট্ৰফী (২০১৩) কে ধৰি বগা বলৰ তিনিওটা সন্মানজনক আই চি চি ট্ৰফী জয় কৰিছে ।

তেওঁ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে খ্যাতি লাভ কৰিছে । উইকেট কীপাৰ বেটছমেনগৰাকীয়ে যৌথভাৱে সৰ্বাধিক পাঁচটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) আৰু দুটা চেম্পিয়নছ লীগ টি-২০ ট্ৰফীও লাভ কৰিছে ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ক্ৰিকেটাৰ এম এছ ধোনিৰ জাৰ্চি প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত ৰাজীৱ শুক্লাই (উপ-সভাপতি বি চি চি আই) কয়, ‘বি চি চি আইৰ এই সিদ্ধান্তই এম এছ ধোনীৰ অৱদানৰ কথা সোঁৱৰাই দিয়ে ৷ ৰাষ্ট্ৰীয়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অনবদ্য অৱদান আগবঢ়োৱা ক্ৰিকেটাৰগৰাকীৰ প্ৰতি এয়া এক সন্মান । জাৰ্চি নং ৭ এম এছ ধোনিৰ বাবে আছিল এক পৰিচয় আৰু সেই ব্ৰেণ্ডটো ম্লান হোৱাত বাধা দিবলৈ বি চি চি আইয়ে গ্ৰহণ কৰা এই পদক্ষেপটো প্ৰশংসাৰ যোগ্য ।”

কিংবদন্তি বেটছমেন শচীন টেণ্ডুলকাৰৰ আইকনিক ১০ নং জাৰ্চিৰ পিছত বিচিচিআইয়ে প্ৰত্যাহাৰ কৰা দ্বিতীয়টো জাৰ্চি হৈছে ৭ নং জাৰ্চি । ২০১৩ চনত টেণ্ডুলকাৰে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্ত পেলাইছিল আৰু তেতিয়াৰ পৰা ২০১৭ চনত শ্বাৰ্দুল ঠাকুৰে ব্যৱহাৰ কৰালৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোনো ভাৰতীয় খেলুৱৈয়ে ১০ নং জাৰ্চি পিন্ধা নাছিল ৷ তাৰ পিছত বিচিচিআইয়ে জাৰ্চি নম্বৰ ১০ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় ৷

২০২০ চনৰ ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল এম এছ ধোনীয়ে । অৱশ্যে আই পি এলত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ নেতৃত্ব অব্যাহত ৰাখিছে মাহীয়ে ।

লগতে পঢ়ক: কেনেকৈ প্ৰত্যাৱৰ্তন কৰিম ? নিজৰ মানসিক অৱস্থাৰ বিষয়ে প্ৰকাশ ৰোহিত শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.