ETV Bharat / sports

Cricket World Cup 2023 : আইচিচি এদিনীয়া বিশ্বকাপৰ প্ৰথম মেচ; বিগত বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ মধুৰ পোতক নিউজীলেণ্ডৰ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 4:34 PM IST

Updated : Oct 5, 2023, 10:30 PM IST

Cricket World Cup 2023
Cricket World Cup 2023

আইচিচি এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন মেচত নিউজীলেণ্ডে ইংলেণ্ডক ৯ উইকেটত পৰাস্ত কৰে । এই মেচখনত পৰাজয়ৰ জৰিয়তে নিউজীলেণ্ডে বিগত বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ মধুৰ পোতক তোলে ইংলেণ্ডৰ বিৰুদ্ধে ।

স্পৰ্টছ ডেস্ক, ৫ অক্টোবৰ : আইচিচি এদিনীয়া বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ প্ৰথমখন মেচত ইংলেণ্ডক ৯ উইকেটত পৰাস্ত কৰি নিউজীলেণ্ডে দুৰ্দান্ত আৰম্ভণি কৰিছে । ইংলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অ'ভাৰত ৯ উইকেটৰ বিনিময়ত ২৮২ ৰাণ সংগ্ৰহ কৰে । ইংলেণ্ডৰ হৈ সৰ্বাধিক ৭৭ ৰাণ সংগ্ৰহ কৰে জো ৰুটে । আনহাতে, জছ বাটলাৰে ৪৩ আৰু জনী বেয়াৰষ্টোৱে ৩৩ ৰাণৰ বৰঙণি আগবঢ়ায় । ইফালে নিউজীলেণ্ডৰ হৈ মেচখনত সফল বলাৰ হিচাপে পৰিগণিত হয় মেট হেনৰী । তেওঁ নিৰ্ধাৰিত ১০ অ'ভাৰত ৪৮ ৰাণৰ ব্যৱধানত ৩টা উইকেট দখল কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত বেট হাতত লৈ কিৱি বাহিনীয়ে যোৱাবাৰ বিশ্বকাপত পৰাজয়ৰ মধুৰ পোতক তোলে কিৱি বাহিনীয়ে । ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী মেচত নিউজীলেণ্ডে ইংলেণ্ডক হেলাৰঙে পৰাস্ত কৰে । নিউজীলেণ্ডৰ বেটছমেনৰ সন্মুখত ইংলেণ্ডৰ বলাৰসকলক অসহায় ৰূপত দেখা যায় । নিউজীলেণ্ডৰ ডেভন কনৱে (১২১ বলত অপৰাজিত ১৫১ ৰাণ) আৰু ৰচিন ৰবীন্দ্ৰৰ (৯৬ বলত অপৰাজিত ১২৩ ৰাণ) দুৰ্দান্ত বেটিঙৰ সন্মুখত বশ্যতা স্বীকাৰ কৰে বৰ্তমানৰ চেম্পিয়ন দলটোৱে ।

  • Right now: Haze, Temperature: 25.02C, Humidity: 78, Wind: From WNW at 2.57KPH, Updated: 8:27AM #Ahmedabad #Weather

    — WeatherAhmedabad (@WeatherAmdavad) October 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে প্ৰতীক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে আৰম্ভ হয় এদিনীয়া বিশ্বকাপৰ প্ৰতিযোগিতা । বিশ্ব ক্ৰিকেটৰ এদিনীয়া সংস্কৰণৰ এই মহাৰণ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত । আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ প্ৰথমখন মেচত অৱতীৰ্ণ হৈছে বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ড আৰু যোৱাবাৰৰ উপ-বিজেতা নিউজীলেণ্ড ।

এক কথাত ক'বলৈ গ'লে ২০১৯ৰ বিশ্বকাপ ফাইনেলৰ যেন পুনৰাবৃত্তি । উল্লেখ্য যে ২০১৯ চনৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত ৰয়েল ইংৰাজৰ মুখামুখী হৈছিল কিৱি বাহিনী । অতি উত্তেজনাপূৰ্ণ আৰু ৰোমাঞ্চকৰ মেচখনত কিৱি বাহিনীক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ দাঙি ধিছিল ক্ৰিকেটৰ জন্মদাতা দেশ ইংলেণ্ডে । অৱশ্যে উক্ত মেচখনত বিজয়ী দল ঘোষণাৰ সিদ্ধান্তক আজিও বিতৰ্কিত বুলি উল্লেখ কৰে বহু ক্ৰিকেট সমালোচকে ।

  • #WATCH | Gujarat | ICC Men's Cricket World Cup begins today. The first match of the tournament will be played at Narendra Modi Stadium in Ahmedabad where England and New Zealand will face each other.

    Visuals from outside the stadium. pic.twitter.com/8osEEgVoyq

    — ANI (@ANI) October 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সেয়ে এইবাৰ বিশ্বকাপত বিগত বিশ্বকাপৰ পৰাজয়ৰ মধুৰ পোতক তুলিবলৈ উদগ্ৰীৱ হৈ আছে কিৱি বাহিনী । উল্লেখ্য যে ২০১৯ৰ বিশ্বকাপত ইয়ন মৰ্গানে ইংলেণ্ড দলক নেতৃত্ব প্ৰদান কৰিছিল । আনহাতে, এইবাৰৰ বিশ্বকাপত বৰ্তমানৰ আইপিএল তাৰকা জছ বাটলাৰে ইংলেণ্ড দলক নেতৃত্ব দি আছে ।

এইবাৰ নিউজীলেণ্ড দলৰ নেতৃত্বৰ গধুৰ দায়িত্ব আছে কেন উইলিয়ামছনৰ কান্ধত । অৱশ্যে নিউজীলেণ্ডে উদ্বোধনী মেচখনত নিয়মীয়া অধিনায়ক কেন উইলিয়ামছনৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিব । কিয়নো তেওঁ এতিয়াও আঘাতৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হোৱা নাই আৰু সেয়ে প্ৰথমখন মেচত তেওঁ মূল একাদশত নাই ।

উইলিয়ামছনৰ অনুপস্থিতিত টম লাথামে 'ব্লেক কেপছ'ৰ নেতৃত্ব দি আছে । ইতিমধ্যে ভাৰতীয় সময়মতে দিনৰ ২ বজাৰ পৰা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হৈছে ২০২৩ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন মেচ । টছত জয়ী হৈ নিউজীলেণ্ডৰ অধিনায়ক টম লাথামে ইংলেণ্ডক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছে । এই মেচখনত মুখ্যত ইংলেণ্ডৰ আক্ৰমণাত্মক বেটিং আৰু নিউজীলেণ্ডৰ তাৰকা খচিত বেটিঙৰ মাজত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ আশা কৰা হৈছে ।

আনহাতে, হেৰী ব্ৰুক (নিউজীলেণ্ড), বেন ষ্ট'কছ (ইংলেণ্ড), জো ৰুট (ইংলেণ্ড) আৰু জছ বাটলাৰৰ (ইংলেণ্ড) প্ৰদৰ্শন এই মেচখনত উল্লেখনীয় হ'ব । আনহাতে, বলিঙত লকি ফাৰ্গুচন আৰু মাৰ্ক উডৰ মাজত দ্ৰুততম বল কোনে দিব পাৰে সেয়াও চাবলৈ আকৰ্ষণীয় হ'ব ।

লগতে পঢ়ক :World Cup 2023 Match No-1: উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ মুখামুখি ৰাণাৰ্ছ আপ নিউজিলেণ্ড

Last Updated :Oct 5, 2023, 10:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.