ETV Bharat / sports

World Cup 2023 Match No-1: উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ মুখামুখি ৰাণাৰ্ছ আপ নিউজিলেণ্ড

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 11:58 AM IST

Updated : Oct 5, 2023, 12:24 PM IST

আজিৰে পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাকুম্ভ ৷ গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ উদ্বোধনী মেচ ৷ আজি উদ্ধোধনী খেলখনত সমুখ সমৰত অৱৰ্তীণ হ’ব দুই শক্তিশালী প্ৰতিদ্বন্দ্বী তথা বিশ্ব চেম্পিয়ন ইংলেণ্ড আৰু যোৱা সংস্কৰণৰ ৰাণাৰ্ছ আপ নিউজিলেণ্ড ৷

World Cup 2023 Match No-1
আজি ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ মুখামুখি হ’ব ৰাণাৰ্ছ আপ নিউজিলেণ্ড

স্পৰ্টছ ডেস্ক, 5 অক্টোবৰ: আজিৰে পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ ৷ গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ মুখামুখি হ’ব বিগত সংস্কৰণৰ ৰাণাৰ্ছ আপ নিউজিলেণ্ড । অৱশ্যে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ’বলগীয়া উদ্বোধনী খেলখনত অৱৰ্তীণ হ’ব নোৱাৰিব নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন ৷

নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন আঘাতৰ পৰা এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই ৷ যাৰবাবে আজি প্ৰথমখন খেলত তেওঁ অংশ ল’ব নোৱাৰিব । তেওঁৰ অনুপস্থিতিত টম লেথামে কিৱি দলটোৰ নেতৃত্ব দিব । ইফালে ইংলেণ্ডৰ মেচ উইনাৰ বেন ষ্ট’কছেও কঁকালৰ মাংসপেশী আঘাতৰ বাবে আজিৰ উদ্বোধনী খেলখনত খেলিব নোৱাৰিব ৷ ইংলেণ্ডৰ দলটোক নেতৃত্ব দিব জছ বাটলাৰে । ইয়ন মৰ্গানৰ অৱসৰৰ পাচত ইংলেণ্ডৰ বগা বল দলৰ অধিনায়ক জছ বাটলাৰে বিশ্ব চেম্পিয়ন দলৰ নেতৃত্ব বহন কৰিছে ।

ইংলেণ্ডৰ জনী বেয়াৰষ্ট’, জো ৰুট আৰু জছ বাটলাৰৰ দৰে আক্ৰমণাত্মক বেটছমেনৰ বিৰুদ্ধে নিউজিলেণ্ডৰ তাৰকাৰে ভৰা বেটিং লাইন আপৰ আজি তীব্ৰ প্ৰতিদ্বন্দিতা হ’ব বুলি আশা কৰা হৈছে । ইংলেণ্ডৰ হৈ বেন ষ্ট’কছৰ ঠাইত কোনে দলত স্থান লাভ কৰিব আৰু অধিনায়ক উইলিয়ামছনৰ অনুপস্থিতিত নিউজিলেণ্ডে কেনে প্ৰদৰ্শন কৰিব সেয়া লক্ষ্যণীয় হ’ব ।

নিউজিলেণ্ডে বিশ্বকাপৰ পূৰ্বৰ দুখন ফাইনেলত খিতাপ দখলত ব্যৰ্থ হোৱাৰ পাচত এইবাৰ এই খিতাপ দখলৰ বাবে মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব বুলি আশা কৰা হৈছে ৷ ইফালে ইংলেণ্ডে এই বিজয়ৰ ধাৰা অব্যাহত ৰাখি ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ সৈতে অভিজাত ক্লাৱত প্ৰৱেশ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব ৷ আজি দিনৰ ২ বজাৰ পৰা আৰম্ভ হ’ব খেলখন ।

লগতে পঢ়ক: Cricket World Cup 2023: ক্ৰিকেট বিশ্বকাপ ২০২৩ ত নাথাকিব চমকপ্ৰদ উদ্বোধনী অনুষ্ঠান

Last Updated : Oct 5, 2023, 12:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.