ETV Bharat / sports

Cricket World Cup 2023: ক্ৰিকেট বিশ্বকাপ ২০২৩ ত নাথাকিব চমকপ্ৰদ উদ্বোধনী অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 1:40 PM IST

বৃহস্পতিবাৰৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ’ব ক্ৰিকেট বিশ্বকাপ । ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত এইবাৰ প্ৰথমবাৰলৈ অনুষ্ঠিত নহয় গ্ৰেণ্ড উদ্বোধনী অনুষ্ঠান ৷ ইয়াৰ পৰিবৰ্তে আজি বিয়লি অনুষ্ঠিত হ’ব সকলো দলৰ অধিনায়কৰ ফটো ছেশ্যন ৷

Cricket World Cup 2023
ক্ৰিকেট বিশ্বকাপ ২০২৩ অনুষ্ঠিত নহয় গ্ৰেণ্ড উদ্বোধনী অনুষ্ঠানৰ

স্পৰ্টছ ডেস্ক, ৪ অক্টোবৰ: গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ক্ৰিকেট বিশ্বকাপ 2023 । বিশ্বকাপৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ বিচিচিআইৰ এক সূত্ৰই জনোৱা মতে, এইবাৰ বিশ্বকাপত কোনো ধৰণৰ বৃহৎ আৰম্ভণী অনুষ্ঠানৰ পৰিকল্পনা কৰা হোৱা নাই ।

অৱশ্যে দুপৰীয়া ২:৩০ বজাত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সকলো দলৰ অধিনায়কৰ ফটো ছেশ্যন কৰা হ’ব । বিচিচিআইৰ তথ্য অনুসৰি আজি বিয়লি গুজৰাট ক্ৰিকেট সন্থাৰ ক্লাব হাউছৰ ভোজনগৃহত অধিনায়ক দিৱসৰ (Captain's Day) আয়োজন কৰা হৈছে, য’ত সকলো ক্ৰিকেট দলৰ অধিনায়ক উপস্থিত থাকিব আৰু ফটোগ্ৰাফী অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

এই ফটো ছেশ্যনৰ বাবে আজি পুৱাৰ পৰাই সকলো দলৰ অধিনায়ক নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ আহিবলৈ আৰম্ভ কৰিছে । গুজৰাটৰ ৰাজ্যিক গৃহ বিভাগ(Gujarat State Home Department) আৰু আহমেদাবাদ আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি অহা ১৪ অক্টোবৰত আয়োজক ভাৰত আৰু চিৰবৈৰী পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত তিনিতৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । দৰ্শকক খোৱাপানী বটল আৰু সহজে পেলাব পৰা সকলো বস্তু কঢ়িয়াই অনাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । দল দুটা থকা হোটেলখনত অধিক আৰক্ষী জোৱান নিয়োগ কৰি নিৰাপত্তা ব্যৱস্থা অধিক দৃঢ় কৰি তোলা হৈছে ।

মেট্ৰ’ সময়সীমা পৰিৱৰ্তন: বৃহস্পতিবাৰে বিশ্বকাপৰ উদ্ধোধনী খেলখনক ধৰি মুঠ পাঁচখন খেল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ষ্টেডিয়ামলৈ যাবলৈ আটাইতকৈ সহজ পৰিবহণ হৈছে মেট্ৰ’ ৰে’ল । বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাট মেট্ৰ’ ৰে’ল নিগমে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বিশ্বকাপৰ খেলৰ দিনটোত পুৱা ১ বজালৈকে চলিব মেট্ৰ’ ৰে’ল । ইয়াৰ বাবে ৫০ টকাৰ ফিক্সড টিকট ল’ব লাগিব ।

খেলুৱৈৰ আগমন: আহমেদাবাদ বিমানবন্দৰত খেলুৱৈৰ ব্যাপক আগমন দেখা গৈছে । দৰ্শকৰ বাবে বিমানবন্দৰৰ পৰা বিশেষ সুবিধা প্ৰদান কৰা হৈছে । দৰ্শকক পোনপটীয়াকৈ ষ্টেডিয়ামলৈ লৈ যোৱাৰ বাবে বিমানবন্দৰৰ পৰা ব্যক্তিগত কেবৰ বাবে সুবিধাজনক কাউণ্টাৰ স্থাপন কৰা হৈছে যাতে দৰ্শকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় ।

ষ্টেচু অৱ ইউনিটিত বিশ্বকাপৰ প্ৰতিৰূপ: ট্ৰফী ভ্ৰমণৰ অংশ হিচাপে ষ্টেচু অৱ ইউনিটিত বিশ্বকাপৰ প্ৰতিৰূপ স্থাপন কৰা হৈছে ।

লগতে পঢ়ক: Cricket World Cup history: আজিও সৰ্বশ্ৰেষ্ঠ বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসৰ এই পাঁচটা কেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.