ETV Bharat / sports

IND vs IRE T20 2023 : ১৮ আগষ্টৰ পৰা ভাৰত বনাম আয়াৰলেণ্ডৰ টি-২০ শৃংখলা

author img

By

Published : Aug 15, 2023, 2:10 PM IST

IND vs IRE T-20 2023
১৮ আগষ্টৰ পৰা ভাৰত বনাম আয়াৰলেণ্ডৰ টি-২০ শৃংখলা

অধিনায়ক বুমৰাহৰ নেতৃত্বত ভাৰতীয় দলৰ কেইবাগৰাকী খেলুৱৈ আয়াৰলেণ্ড অভিমুখে ৰাওনা হৈছে । ২০২২ চনৰ ছেপ্টেম্বৰত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল বুমৰাহে । আইপিএলৰ আক্ৰমণাত্মক বেটছমেন ৰিংকু সিঙো আছে দলটোত ।

স্পৰ্টছ ডেস্ক, ১৫ আগষ্ট : ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অহা ১৮ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব টি-২০ শৃংখলা । শৃংখলাটোত তিনিখন টি-২০ খেলত দুয়োটা দল মুখামুখি হ'ব । যাৰ বাবে ভাৰতীয় দলৰ প্ৰথম দলটো ১৫ আগষ্টত ডাবলিনলৈ ৰাওনা হয় । কিছুমান খেলুৱৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা শৃংখলাৰ অংশ আছিল, সেয়েহে তেওঁলোকে পোনপটীয়াকৈ ফ্ল'ৰিডাৰ পৰা ডাবলিনলৈ যাত্ৰা কৰিব ।

আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোক নেতৃত্ব দিব ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে । দীৰ্ঘদিনৰ বিৰতিৰ পাছতে তেওঁ খেলপথাৰলৈ উভতি আহিছে । মঙলবাৰে আয়াৰলেণ্ডলৈ উৰা মৰা দলটোত বুমৰাহো আছে আৰু এই শৃংখলাক লৈ তেওঁ যে যথেষ্ট আশাবাদী সেয়া তেওঁ মুখত স্পষ্ট হৈছে ।

বিচিচিআইয়ে ভাৰতীয় খেলুৱৈসকলৰ অফিচিয়েল এক্স একাউণ্টৰ পৰা আয়াৰলেণ্ডলৈ উৰা মাৰি থকা ফটো শ্বেয়াৰ কৰিছে । এই ফটোবোৰত অধিনায়ক যশপ্ৰীত বুমৰাহৰ সৈতে আঘাতৰ পৰা উভতি অহা ফাষ্ট বলাৰ প্ৰসিদ্ধ কৃষ্ণকো দেখা গৈছে । অপেনাৰ ৰুতুৰাজ গায়কোৱাড আৰু অলৰাউণ্ডাৰ শিৱম ডুবেকো থাম্বছ আপৰ সৈতে প’জ দিয়া দেখা গৈছে ।

  • Captain Jasprit Bumrah, Ruturaj Gaikwad and Prasidh Krishna.

    The first batch has left for the Ireland series! pic.twitter.com/EaZluJorlE

    — Mufaddal Vohra (@mufaddal_vohra) August 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আই পি এল ২০২৩ ৰ তাৰকা বাওঁহতীয়া বেটছমেন ৰিংকু সিঙেও আয়াৰলেণ্ডলৈ উৰা মাৰিছে । সকলো খেলুৱৈয়ে এছিয়া কাপ ২০২৩ ৰ পূৰ্বে এই শৃংখলাটোত ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে ।

ভাৰতৰ তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে প্ৰায় এবছৰৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি আহিছে । বুমৰাহে অন্তিমবাৰৰ বাবে ২০২২ চনৰ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল । পিঠিৰ আঘাতৰ বাবে তেওঁৰ অস্ত্ৰোপচাৰ কৰিব লগা হৈছিল । তাৰ পাছত দীঘলীয়া সময়ৰ অন্তত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ সাজু হৈছে । বুমৰাহ উভতি অহাটো ভাৰতীয় দলটোৰ বাবে যথেষ্ট উৎসাহৰ খবৰ । বুমৰাহৰ প্ৰত্যাৱৰ্তনে এছিয়া কাপ আৰু এদিনীয়া বিশ্বকাপত দলটোক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।

  • NEWS 🚨- @Jaspritbumrah93 to lead #TeamIndia for Ireland T20Is.

    Team - Jasprit Bumrah (Capt), Ruturaj Gaikwad (vc), Yashasvi Jaiswal, Tilak Varma, Rinku Singh, Sanju Samson (wk), Jitesh Sharma (wk), Shivam Dube, W Sundar, Shahbaz Ahmed, Ravi Bishnoi, Prasidh Krishna, Arshdeep…

    — BCCI (@BCCI) July 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় দলটো : যশপ্ৰীত বুমৰাহ (অধিনায়ক), ৰুতুৰাজ গায়কৱাড় (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, ৰিংকু সিং, সঞ্জু চেমচন (উইকেট কীপাৰ), জিতেশ শৰ্মা (উইকেট কীপাৰ), শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, শ্বাহবাজ আহমেদ, ৰবি বিষ্ণৈ, প্ৰসিদ্ধ কৃষ্ণ, অৰ্শদীপ সিং, মুকেশ কুমাৰ, আৱেশ খান ।

লগতে পঢ়ক :Asian Champions Trophy 2023: অকাশদ্বীপৰ ৰোমাঞ্চিত গ’লৰে এছিয়ান চেম্পিয়নচ ট্ৰফী দখল ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.