ETV Bharat / sports

Asian Champions Trophy 2023: অকাশদ্বীপৰ ৰোমাঞ্চিত গ’লৰে এছিয়ান চেম্পিয়নচ ট্ৰফী দখল ভাৰতৰ

author img

By

Published : Aug 13, 2023, 8:41 AM IST

Updated : Aug 13, 2023, 9:40 AM IST

পুনৰ এছিয়াৰ চেম্পিয়ন হ’ল হৰমনপ্ৰীত বাহিনী ৷ মালয়েছিয়াক 4-3 গ’লত পৰাস্ত কৰি এছিয়ান চেম্পিয়ন 2023ৰ খিতাপ দখল কৰিলে ভাৰতীয় পৰুষৰ হকী দলে ৷

Asian Champions Trophy 2023
অকাশদ্বীপৰ ৰোমাঞ্চিত গ’লৰে এছিয়াৰ চেম্পিয়ন হ’ল ভাৰত

নেশ্যনেল ডেস্ক,13 আগষ্ট: চতুৰ্থতবাৰলৈ পুৰুষ হকীৰ এছিয়াৰ চেম্পিয়ন হ’ল ভাৰত ৷ এছিয়ান চেম্পিয়ন 2023 ৰ চূড়ান্ত মেচত ভাৰতে মালেছিয়াক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে চেম্পিয়নৰ খিতাপ দখল কৰিলে ভাৰতৰ পুৰুষৰ হকী দল ৷ শনিবাৰে নিশা চেন্নাইত হোৱা এছিয়ান চেম্পিয়ন 2023 পুৰুষৰ হকীত মালয়েছিয়াক 4-3 গ’লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে ভাৰতীয় পুৰুষৰ হকী দলে ৷ ইয়াৰ পূৰ্বে 2011, 2016, 2018 পাচত 2023 ৰ এছিয়ান চেম্পিয়ন হয় ভাৰতীয় পুৰুষৰ হকী দল ৷

হাই ভল্টেজ মেছ খনত প্ৰথমাৰ্ধত আক্ৰামনাত্মক খেল প্ৰৰ্দশনেৰে ভাৰতীয় দলটোক অধিক চাপত ৰাখিছিল মালয়েছিয়াই ৷ কিন্তু কঠিন প্ৰত্যাহ্বনৰ মাজেৰে প্ৰথমাৰ্ধৰ 9 মিনিটতে জুগৰাজ সিঙে ভাৰতৰ হৈ প্ৰথমটো গ’ল দিয়ে ৷ তাৰ পাচতে কঠিন প্ৰত্যাহ্বন সন্মুখীন হোৱা ভাৰতে চাপত ৰাখিবলৈ সক্ষম হৈছিল মালয়েছিয়াক ৷

ভাৰতীয় দলে মালয়েছিয়াক চাপত ৰাখিছিল যদিও 14 মিনিটত আবুল কালাম আজৰাই মালয়েছিয়াৰ হৈ প্ৰথমটো গ’ল দিয়ে ৷ ইয়াৰ লগে ভাৰতৰ লগত সমতা স্থাপন কৰে মালয়েছিয়াই ৷ প্ৰথম গ’লৰ সোৱাদ পোৱাৰ পাচতে 18 মিনিটত ৰাজিয় ৰহিমে মালয়েছিয়াৰ হৈ দ্বিতীয় গ’ল দিয়ে ৷ একেৰাহে আমিনুদ্দিন মহস্মদে 28 মিনিটত তৃতীয়টো গ’ল কৰি 3-1 গ’লত আগবাঢ়ি থাকে মালয়েছিয়া ৷

সময় যিমানে বগৰিল সিমানে মালয়েছিয়াৰ বাবে সুখৰ নহ’ল ৷ মালয়েছিয়াৰ ডিফেণ্ডৰ দুৰ্বলতাৰ সুজোগ লৈ ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে 45 মিনিটত ভাৰতৰ হৈ দ্বিতীটো গ’ল দিয়ে ৷ আনহেত, হৰমনপ্ৰীত সিঙে গ’ল কৰাৰ 30 ছেকেণ্ডৰ ভিতৰত গুৰজান্ত সিঙে পুনৰ 45 মিনিটতে গ’ল দি 3-3 গ’লৰ সতমতা স্থাপন কৰে ৷

অতি উত্তেজনাপূৰ্ণ মেচখনৰ শেষ হ’বলৈ কেইমিনিট মান বাকী থকা অৱস্থাত 56 মিনিটত আকাশদ্বীপ সিঙে চতুৰ্থটো গ’ল দি ৰোমাঞ্চিত কৰি তোলে মেচখন ৷ ইয়াৰ লগে লগে যেন জয় নিশ্চিত কৰিলে ভাৰতীয় দলে ৷ বিশ্বৰ নৱম স্থানত থকা মালেছিয়াক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে এছিয়ান চেম্পিয়ন 2023ৰ খিতাপ দখলেৰ পাচতে উৎফুল্লিত হৈ পৰিছে ভাৰতীয় ক্ৰীড়াপ্ৰেমী ৷ ক্ৰীড়াপ্ৰেমীয়ে প্ৰশংসা আৰু শুভেচ্ছাৰে উপচাই পেলাছে ভাৰতীয় পুৰুষৰ হকী দলটোক ৷

লগতে পঢ়ক:Asian Champions Trophy 2023: এছিয়ান চেম্পিয়নছ ফাইনেলত আজি ভাৰত-মালেছিয়াৰ যুঁজ, 5 গ’লত পৰাজিত জাপান

Last Updated : Aug 13, 2023, 9:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.