ETV Bharat / bharat

Asian Champions Trophy 2023: এছিয়ান চেম্পিয়নছ ফাইনেলত আজি ভাৰত-মালেছিয়াৰ যুঁজ, 5 গ’লত পৰাজিত জাপান

author img

By

Published : Aug 12, 2023, 10:07 AM IST

কোন হ’ব এছিয়ান চেম্পিয়নছ 2023 ৷ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত জাপানক বৃহৎ গ’লৰ ব্যৱধানত পৰাস্ত ভাৰতৰ ৷ 12 আগষ্টত হ’ব এছিয়ান চেম্পিয়নছ 2023ৰ ফাইনেল মেচ ৷ ফাইনেলত মালেছিয়াৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ভাৰত ৷

Asian Champions Trophy 2023
এছিয়ান চেম্পিয়নছ ফাইনেলত আজি ভাৰত মালেছিয়াৰ যুঁজ

নেশ্যনেল ডেস্ক,12 আগষ্ট: কোন হ’ব এছিয়ান চেম্পিয়নছ 2023 ! আৰু বেছি সময় অপেক্ষা কৰিব নালাগে ৷ আজি সন্ধিয়া এছিয়ান চেম্পিয়নছ 2023ৰ ফাইনেল মেচত মালেছিয়াৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ভাৰত ৷

শুকুৰবাৰে পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত জাপানক বৃহৎ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলৰ টিকট নিশ্চিত কৰিলে ভাৰতীয় পুৰুষৰ হকী দলে ৷ চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফী 2023ৰ ছেমি ফাইনেলত ভাৰতে জাপানক 5-0গ'লত পৰাস্ত কৰে।

উত্তেজনাপূৰ্ণ মেচখনত আকাশদীপ সিঙে 19 মিনিটত ভাৰতৰ হৈ প্ৰথমটো গ'ল কৰি ভাৰতক ১-০ গ’লত অগ্ৰগতি প্ৰদান কৰে ৷ অধিনায়ক হৰমনপ্ৰীত সিঙে ২৩ মিনিট আৰু মনদীপ সিঙে ৩০ মিনিটত দিয়া গ’লেৰে ৩-০ গ'লত অগ্ৰগতি লাভ কৰে ভাৰতীয় দলে ৷ ইফালে সুমিতে 39 মিনিট আৰু চেলভাম কাৰ্তিকে 51 মিনিটত পঞ্চমটো গ’ল কৰি ফাইনেল প্ৰৱেশৰ শেষ গজাল মাৰে ৷

ছেমিফাইনেলত বৃহৎ জয়ৰ পাচতে ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে কয়," আমি ফাইনেলত প্ৰৱেশ কৰাটো এটা ডাঙৰ কথা ৷ আজি আমি খুব ভাল খেলিছিলো, আমি যি ধৰণে পৰিকল্পনা কৰিছিলো সেই অনুসৰি খেলিছিলো ৷’’

চেন্নাইত ভাৰত-মালেছিয়াৰ মাজত অনুষ্ঠিত হ’ব লগা ফাইনেল মেচখন নিশা 8 বজাৰ পৰা আৰম্ভ হ’ব ৷ পিছে হকীত এছিয়াৰ চেম্পিয়ন কোন হ’ব ! ভাৰত নে মালয়েছিয়া ! দুয়োটা দলে ইতিমধ্যে নিজা নিজা ৰণ কৌশল প্ৰস্তুত কৰিছে ৷ চতুৰ্থবাৰলৈ খিতাপ দখল কৰিব পাৰিব নে ভাৰতীয় হকী দলে !

লগতে পঢ়ক:Asian Champions Trophy 2023 : এছিয়ান চেম্পিয়ন ট্ৰফীৰ ছেমি ফাইনেলত ভাৰত; লীগৰ অন্তিম মেচত পাকিস্তানক পৰাস্ত ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.