ETV Bharat / sports

Asian Champions Trophy 2023 : এছিয়ান চেম্পিয়ন ট্ৰফীৰ ছেমি ফাইনেলত ভাৰত; লীগৰ অন্তিম মেচত পাকিস্তানক পৰাস্ত ভাৰতৰ

author img

By

Published : Aug 10, 2023, 3:32 PM IST

এছিয়ান চেম্পিয়নছ ট্ৰফী, ২০২৩ৰ ৰাউণ্ড ৰবীন লীগৰ অন্তিমখন মেচত ভাৰতে পাকিস্তানক পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হৈছে । আয়োজক ভাৰতে এতিয়া ছেমি ফাইনেল মেচত চতুৰ্থ স্থানত থকা দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

Asian Champions Trophy 2023
Asian Champions Trophy 2023

স্পৰ্টছ ডেস্ক, ১০ আগষ্ট : এছিয়ান চেম্পিয়নছ ট্ৰফী চেন্নাই, ২০২৩ৰ অন্তিম গ্ৰুপ মেচত ভাৰতে বুধবাৰে পাকিস্তানক ৪-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে । ভাৰতীয় পুৰুষ হকী দলটোৱে চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ হকী ষ্টেডিয়ামত অৰ্জন কৰা এই আকৰ্ষণীয় জয়েৰে তালিকাৰ শীৰ্ষস্থান দখল কৰিছে । এতিয়া আয়োজক দেশ ভাৰত ছেমি ফাইনেলত চতুৰ্থ স্থানত থকা জাপানৰ মুখামুখী হ'ব । হৰমনপ্ৰীত সিঙে (১৫ মিনিট আৰু ২৩ মিনিটত) দুটা গ'ল কৰে । আনহাতে, জগৰাজ সিঙে (৩৬ মিনিট) আৰু আকাশদীপ সিঙেও (৫৫ মিনিট) গুৰুত্বপূৰ্ণ দুটা গ'ল কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

মেচখনৰ প্ৰথম কোৱাৰ্টাৰত পিটছৰ দুয়োটা মূৰত প্ৰবল আক্ৰমণ হয় । দ্বিতীয় মিনিটতে পাঠকে পাকিস্তানী পক্ষৰ চুফিয়ানৰ দুৰন্ত পেনাল্টি কৰ্ণাৰ বিফল কৰে । আনহাতে, দ্ৰুতগতিত আগবাঢ়ি ভাৰতীয় আক্ৰমণ বিভাগে পাকিস্তানী চক্ৰবেহুত প্ৰৱেশ কৰি আগবাঢ়ি গৈ থাকে । প্ৰথম কোৱাৰ্টাৰৰ অন্তিম মিনিটত, ১৫ মিনিটত অধিনায়ক হৰমনপ্ৰীত সিঙে এটা সুন্দৰ ড্ৰেগ ফ্লিক মাৰি ভাৰতীয় পুৰুষ হকী দলক অগ্ৰগতি প্ৰদান কৰে ।

ভাৰতীয় দলটোৱে দ্বিতীয় কোৱাৰ্টাৰতো খেলৰ গতি অব্য়াহত ৰাখে । আনহাতে, মেচৰ ২১ মিনিটত পাকিস্তানৰ খেলুৱৈ আফৰাজৰ ভাবুকিপূৰ্ণ পদক্ষেপ বিফল কৰে পিআৰ শ্ৰীজেশে । ইয়াৰ ঠিক পিছতে বিবেক সাগৰে গ'লপোষ্টলৈ এটা শক্তিশালী শ্বট মাৰে । অৱশ্যে পাকিস্তানী ডিফেন্সৰ ভৰিত আঘাত কৰাৰ বাবে গ'লৰ পৰা বঞ্চিত হয় । যাৰ ফলত আন এটা পেনাল্টি কৰ্ণাৰ হয় । ইয়াৰ পিছত খেলৰ ২৩ মিনিটত ভাৰতৰ হৰমনপ্ৰীত সিঙে এটা গ'ল কৰি ভাৰতীয় দলটোক ২-০ৰ অগ্ৰগতি প্ৰদান কৰে । বিৰতিৰ সময়লৈ ভাৰতে ২-০ স্ক'ৰত আগবাঢ়ি থাকে ।

তৃতীয় কোৱাৰ্টাৰৰ আৰম্ভণিতে পাকিস্তানে ব্যৱধান হ্ৰাস কৰিবলৈ তীব্ৰ আক্ৰমণ চলায় । কিন্তু ভাৰতীয় প্ৰতিৰক্ষা বিভাগক পৰাস্ত কৰিবলৈ সক্ষম নহ'ল । ইয়াৰ বিপৰীতে ৩৬ মিনিটত ভাৰতীয় পুৰুষ হকী দলটোৱে আন এটা পেনাল্টি কৰ্ণাৰ লাভ কৰে আৰু হাৰ্দিক সিঙৰ পাছ যোগৰাজ সিঙে সফলতাৰে গ'ললৈ ৰূপান্তৰ কৰে আৰু ভাৰতক ৩-০ৰ অগ্ৰগতি প্ৰদান কৰে । ইয়াৰ পিছত চতুৰ্থ কোৱাৰ্টাৰতো ভাৰতৰ আধিপত্য অব্যাহত থাকে । আকাশদীপ সিঙে মনদীপৰ সুন্দৰ এটা পাছ খেলৰ ৫৫ মিনিটত গ'ললৈ ৰূপান্তৰ কৰি ভাৰতে ৪-০ ব্যৱধানত পাকিস্তানক ধৰাশায়ী কৰে ।

লগতে পঢ়ক :Daniel Vettori New Head Coach of SRH : ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰশিক্ষক সলনি; লাৰাৰ স্থলাভিষিক্ত ডেনিয়েল ভেট্টৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.