ETV Bharat / sports

Daniel Vettori New Head Coach of SRH : ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰশিক্ষক সলনি; লাৰাৰ স্থলাভিষিক্ত ডেনিয়েল ভেট্টৰী

author img

By

Published : Aug 7, 2023, 6:05 PM IST

Daniel Vettori New Head Coach of SRH
Daniel Vettori New Head Coach of SRH

আইপিএল ফ্ৰেঞ্চাইজি ছানৰাইজাৰ্ছ হায়দৰাবাদে নিউজীলেণ্ডৰ প্ৰাক্তন অভিজ্ঞ স্পিনাৰ তথা অধিনায়ক ডেনিয়েল ভেট্টৰীক আইপিএলৰ পৰৱৰ্তী ছিজনৰ বাবে দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে । ভেট্টৰীয়ে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ব্ৰায়ান লাৰাৰ স্থান ল'ব ।

স্পৰ্টছ ডেস্ক, ৭ আগষ্ট : ছানৰাইজাৰ্ছ হায়দৰাবাদে সলনি কৰিলে মুখ্য প্ৰশিক্ষক । নিউজীলেণ্ডৰ প্ৰাক্তন স্পিনাৰ ডেনিয়েল ভেট্টৰীক আইপিএলৰ পৰৱৰ্তী ছিজনৰ বাবে মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । ভেট্টৰী ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ব্ৰায়ান লাৰাৰ স্থলাভিষিক্ত হ'ব । আইপিএল ২০২৩-ত দলটোৰ হতাশজনক প্ৰদৰ্শনৰ পিছত তেওঁক এই পদৰ পৰা আঁতৰাই দিয়া হৈছে ।

উল্লেখ্য যে আইপিএল ২০২৩-ত হায়দৰাবাদ দলটোৰ প্ৰদৰ্শন অতি দুৰ্বল আছিল । দলটোৱে লীগ পৰ্যায়ত ১৪ খন মেচৰ ভিতৰত মাত্ৰ ৪ খনতহে জয়লাভ কৰি পইণ্ট তালিকাৰ অন্তিম স্থান দশম স্থানত অভিযান সামৰে । যাৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদে নতুন ছিজনৰ বাবে দলটোৰ মুখ্য প্ৰশিক্ষক সলনি কৰিছে ।

  • As our 2 year association with Brian Lara comes to an end, we bid adieu to him 🧡

    Thank you for the contributions to the Sunrisers. We wish you all the best for your future endeavours 🙌 pic.twitter.com/nEp95pNznT

    — SunRisers Hyderabad (@SunRisers) August 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নতুন প্ৰশিক্ষক ডেনিয়েল ভেট্টৰীয়ে ইতিমধ্যে আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়কত্ব কৰিছে । আনহাতে, ২০১৪ চনৰ পৰা ২০১৮ চনলৈ আৰচিবিৰ মুখ্য প্ৰশিক্ষকো আছিল । ভেট্টৰীয়ে বৰ্তমান অষ্ট্ৰেলিয়াৰ পুৰুষ দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে কাম কৰি আছে ।

ভেট্টৰীৰ দায়িত্ব হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে হেৰুওৱা গতি পুনৰুদ্ধাৰ কৰা আৰু দলটোক চেম্পিয়ন কৰোৱা । আইপিএলৰ বিগত ছয়টা ছিজনত হায়দৰাবাদে পঞ্চমবাৰৰ বাবে দলটোৰ মুখ্য প্ৰশিক্ষক সলনি কৰিছে । আইপিএল ২০২৩-ৰ পূৰ্বে লাৰাই টম মুডিৰ স্থান লৈছিল ।

  • Daniel Vettori has been appointed as the new Head Coach of SRH.

    Langer for LSG, Flower for RCB and now Vettori for SRH - a new era in the IPL....!! pic.twitter.com/DAly3uA3tN

    — Mufaddal Vohra (@mufaddal_vohra) August 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য, ছানৰাইজাৰ্ছ হায়দৰাবাদ আইপিএল ২০১৬-ত আইপিএল চেম্পিয়ন হৈছিল । সেই সময়ত দলটোৰ অধিনায়কত্ব অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্ণাৰৰ হাতত আছিল আৰু টম মুডি আছিল মুখ্য প্ৰশিক্ষক । কিন্তু তাৰ পিছৰ পৰা দলটোৰ প্ৰদৰ্শন বিশেষ একো উন্নীত হোৱা নাই । দলটোৱে অন্তিমবাৰৰ বাবে ২০২০ চনত প্লে-অফত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ।

আইপিএল ২০২৩-ত দলটো সম্পূৰ্ণৰূপে বিধ্বস্ত ৰূপত দেখা গৈছিল । দলটোৱে খেলৰ প্ৰতিটো বিভাগতে অতি দুৰ্বল প্ৰদৰ্শন কৰিছিল । কিন্তু বৰ্তমান নতুন মুখ্য প্ৰশিক্ষক ভেট্টৰীয়ে নিলামত নতুন খেলুৱৈ বাছনি কৰা আৰু দলটো পুনৰ গঢ়ি তোলাৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব । উল্লেখযোগ্য যে প্ৰশিক্ষক হিচাপে ভেট্টৰীয়ে আৰচিবিক ২০১৫ চনত প্লে অফ আৰু ২০১৬ চনত ফাইনেলত উপনীত হোৱাত সহায় কৰিছিল ।

লগতে পঢ়ক :Asian Champions Trophy hockey: মালয়েছিয়াক পৰাস্ত কৰি ছেমি ফাইনেলৰ কাষ চাপিল ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.