ETV Bharat / sports

পৰিয়ালৰ বাবে অশ্বিনে আধাতে সামৰিলে আইপিএল !

author img

By

Published : Apr 26, 2021, 9:04 AM IST

Ashwin takes break from IPL
আইপিএলৰ পৰা বিৰতি অশ্বিনৰ

কৰ’ণা মহামাৰীক লৈ জাৰি কৰা নিৰ্দেশ অনুসৰি, যদি এজন খেলুৱৈয়ে মাজতে খেলৰ পৰা বিৰতি লয়, তেন্তে তেওঁ পুনৰ কোৱাৰেণ্টাইন হ’ব লাগিব ৷ উদাহৰণস্বৰূপে, যদি অশ্বিনে দিল্লী কেপিটেলছত পুনৰ যোগদান কৰিব বিচাৰে, তেন্তে তেওঁ পুনৰবাৰ কোৱাৰেণ্টাইন হ’ব লাগিব ৷

স্পৰ্টছ ডেস্ক,26 এপ্ৰিল: দিল্লী কেপিটেলছক প্ৰতিনিধিত্ব কৰি থকা ভাৰতীয় অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে চলিত আইপিএলৰ পৰা বিৰতি লৈছে ৷ কিয়নো অশ্বিনৰ পৰিয়াল আক্ৰান্ত হৈছে ক’ভিড-19 ত ৷ সম্প্ৰতি খেলুৱৈগৰাকীয়ে পৰিয়ালৰ সৈতে সময় কটাব বিচাৰিছে ৷

দেওবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অশ্বিনৰ দল দিল্লী কেপিটেলছে চুপাৰ অ’ভাৰত জয় লাভ কৰাৰ পাচত টুইটযোগে অশ্বিনে প্ৰকাশ কৰে যে, সম্প্ৰতি তেওঁৰ পৰিয়ালটো ক’ভিড মহামাৰীৰ সৈতে যুঁজি আছে ৷ গতিকে তেওঁ খেলৰ পৰা বিৰতি লৈছে ৷ যিহেতু এই কঠিন সময়ত তেওঁ পৰিয়ালৰ সৈতে থাকিব বিচাৰে ৷

অৱশ্যে সকলোবোৰ ঠিকেই থাকিলে পুনৰ খেলত যোগদান কৰিব বুলিও মন্তব্য কৰে ৷ অশ্বিনে দিল্লী কেপিটেলছক ইমানদিনে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

  • I would be taking a break from this years IPL from tomorrow. My family and extended family are putting up a fight against #COVID19 and I want to support them during these tough times. I expect to return to play if things go in the right direction. Thank you @DelhiCapitals 🙏🙏

    — Stay home stay safe! Take your vaccine🇮🇳 (@ashwinravi99) April 25, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইতিমধ্যে চলিত আইপিএলৰ 5 খনকৈ মেচত অংশগ্ৰহণ কৰিছে অশ্বিনে ৷ 147 গড়ত এটা উইকেট দখল কৰিছে বলাৰগৰাকীয়ে ৷ তেওঁৰ ইক’নমিক হাৰ হৈছে 7.73 শতাংশ ৷

লগতে পঢ়ক : সোমবাৰে কৰ্ণাটকৰ লক ডাউনৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.