ETV Bharat / sports

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা AB de Villiersৰ অৱসৰ

author img

By

Published : Nov 19, 2021, 6:31 PM IST

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা AB de Villiersৰ অৱসৰ
সকলো ধৰণৰ ক্ৰিকেটৰ পৰা AB de Villiersৰ অৱসৰ

সমগ্ৰ ক্ৰিটেত জগতত আলোড়ন সৃষ্টিকাৰী দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ এবি ডি ভিলাৰ্ছে অৱশেষত অৱসৰ লোৱাৰ সিদ্ধান্ত ল'লে । টুইটযোগে অৱসৰৰ কথা ঘোষণা কৰাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়া সমগ্ৰ বিশ্বত ।

স্পৰ্টছ ডেস্ক,১৯ নৱেম্বৰ : অৱশেষত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ল'লে দক্ষিণ আফ্ৰিকাৰ প্ৰভাৱশালী ক্ৰিকেটাৰ এবি ডি ভিলাৰ্ছে (AB de Villiers)। শুকুৰবাৰে টুইটযোগে এই কথা ঘোষণা কৰিলে দক্ষিণ আফ্ৰিকা দলৰ প্ৰাক্তন খেলুৱৈগৰাকীয়ে । এবি ডি ভিলাৰ্ছে শেষবাৰৰ বাবে ২০১৮ চনৰ এপ্ৰিলত দক্ষিণ আফ্ৰিকাৰ হৈ খেলিছিল । খেলখন জোহান্সবাৰ্গত অষ্ট্ৰেলিয়াৰ (Australia) বিৰুদ্ধে আছিল ।

টুইট কৰি ক্ৰিকেটাৰগৰাকীয়ে কয় যে তেওঁৰ এই যাত্ৰা অবিশ্বাস্য যেন আছিল । ইমান দিনে তেওঁ দলৰ বন্ধুসকলৰ সৈতে অতি আনন্দৰে আৰু উৎসাহেৰে খেলিছিল বুলি উল্লেখ কৰে ক্ৰিকেটাৰ গৰাকীয়ে । যিহেতু এতিয়া তেওঁৰ বয়স ৩৭ বছৰ হৈছে সেয়ে পূৰ্বৰ দৰে সেই উৎসাহ আৰু এতিয়া তেওঁৰ নাই বুলি টুইট কৰে খেলুৱৈগৰাকীয়ে । দক্ষিণ আফ্ৰিকাৰ হৈ সীমিত অভাৰৰ ফৰ্মেটত ডি ভিলিয়ৰ্ছে অন্তিমখন খেল ২০১৮ চনৰ ১৬ ফেব্ৰুৱাৰীত ভাৰতৰ (India) বিৰুদ্ধে খেলিছিল ।

খেলুৱৈগৰাকীয়ে বহুতো ফ্ৰেঞ্চাইজি ক্ৰিকেটো খেলিছে । আইপিএলৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (RCB) তেওঁ গুৰুত্বপূৰ্ণ সদস্য আছিল । তেওঁ ১৮৪ খন আই পি এল (IPL) খেলিছে ।

দক্ষিণ আফ্ৰিকাৰ হৈ ডি ভিলিয়ৰ্ছে ১১৪ খন টেষ্ট (Test), ২২৮ খন এদিনীয়া (One day) আৰু ৭৮ খন টি-২০ (T-20) খেলিছে । দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন খেলুৱৈগৰাকী বিশ্বৰ বিভিন্ন দলৰ বাবে ৩৪০ খন টি-২০ খেলত অংশগ্ৰহণ কৰিছিল । বেটিঙৰ ক্ষেত্ৰত আক্ৰমণাত্মক চৰিত্ৰৰ বাবে তেওঁ বিশ্বজুৰি জনাজাত । যাৰ বাবে খেলুৱৈগৰাকীৰ অৱসৰৰ ঘোষণাৰ পাছতে এতিয়া তেওঁৰ সমগ্ৰ বিশ্বৰ অনুৰাগীসকল নিৰাশ হোৱা দেখা গৈছে ।

লগতে পঢ়ক:MS Dhoni surprises fan Ajay Gill : অৱশেষত আশা পূৰণ হ'ল অজয় গীলৰ, লগ পালে ধোনীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.