ETV Bharat / bharat

MS Dhoni surprises fan Ajay Gill : অৱশেষত আশা পূৰণ হ'ল অজয় গীলৰ, লগ পালে ধোনীক

author img

By

Published : Nov 18, 2021, 3:48 PM IST

MS Dhoni surprises fan who walked 1,436 km again
অৱশেষত আশা পূৰণ হ'ল অজয় গীলৰ

সন্মুখত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী(Mahendra Singh Dhoni) । অতি মৰমেৰে সাৱতি ধৰিছে তেওঁৰ অনুৰাগী অজয় গীল(Ajay Gill)ক । প্ৰিয় খেলুৱৈজনক কাষত পাই ১,৪৩৬ কিলোমিটাৰ পথ খোজকাঢ়িৰ সকলো কষ্ট পাহৰিলে গীলে । আজি যেন গীলৰ দীৰ্ঘদিনীয়া আশা পূৰণ হ'ল ।

স্পৰ্টছ ডেস্ক, ১৮ নৱেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ অতি মৰমৰ খেলুৱৈ মহেন্দ্ৰ সিং ধোনী(Mahendra Singh Dhoni)ক এবাৰ হ'লেও লগ কৰাৰ সপোন আছিল অনুৰাগী অজয় গীল(Ajay Gill)ৰ । প্ৰিয় খেলুৱৈজনক কাষত পোৱাৰ হেঁপাহত হাৰিয়ানা(Haryana)ৰ পৰা ঝাৰখণ্ডৰ ৰাঁচী(Ranchi)লৈ ১,৪৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ খোজকাঢ়ি গ'ল অজয় গীলে । ধোনীৰ প্ৰতি থকা প্ৰেম জাহিৰ কৰিবলৈ এয়াই গীলৰ প্ৰথম প্ৰচেষ্টা নহয় । ইয়াৰ পূৰ্বেও ধোনীৰ ৰাঁচিস্থিত ফাৰ্মহাউচত উপস্থিত হৈছিলগৈ গীল ।

এয়া তেওঁৰ দ্বিতীয় যাত্ৰা । কিন্তু এইবাৰ পূৰ্বৰ দৰে নিৰাশ হৈ উভতিবলগীয়া নহ'ল অজয় গীল । চলিত সপ্তাহৰ আৰম্ভণিতে পুনৰ তেওঁ হাৰিয়ানাৰ পৰা খোজকাঢ়ি গৈ ধোনীৰ ৰাঁচিস্থিত ফাৰ্মহাউচত উপস্থিত হয় । মহেন্দ্ৰ সিং ধোনীক ওচৰত পাই আনন্দত আত্মহাৰা হৈ পৰিল গীল ।

ধোনীয়েও তেওঁৰ অনুৰাগীক জনালে উষ্ম আদৰণি । গীলে শ্বেয়াৰ কৰা এখন ফটোত দেখা গৈছে যে, ধোনীয়ে তেওঁক আলিংগন কৰি আছে ।

দৰাচলতে অজয় গীলে তেওঁক সাক্ষাৎ কৰাৰ বাবে কৰা কষ্টৰ বিষয়ে জানিব পাৰি ধোনীয়ে তেওঁক আমন্ত্ৰণ জনাইছিল ৰাঁচিস্থিত ফাৰ্মহাউচলৈ । ধোনীৰ এই মৰম গীলৰ বাবে এক মধুৰ স্মৃতি হৈ ৰ'ব চিৰদিনৰ বাবে । কেপ্টেইন কুলে ফাৰ্মহাউচতে গীল থকাৰ ব্যৱস্থা কৰি দিয়ে আৰু বিমানেৰে হাৰিয়ানালৈ উভতি যোৱাৰো ব্যৱস্থা কৰে । অজয় গীলে জনোৱা মতে, হাৰিয়ানাৰ পৰা তেওঁ কৰা ১,৪৩৬ কিলোমিটাৰৰ পদযাত্ৰা তেওঁৰ বাবে অতি মূল্যৱান বুলি বিবেচিত হৈছে ।

ইয়াৰ পূৰ্বে যোৱা আগষ্ট মাহতো গীলে হাৰিয়ানাৰ পৰা এনেদৰেই খেজকাঢ়ি ৰাঁচীলৈ গৈছিল । অৱশ্যে, ধোনী তেতিয়া চেন্নাইত থকাৰ বাবে তেওঁ ধোনীক লগ কৰিব নোৱাৰিলে । তথাপিও ধোনী ঘৰলৈ উভতি অহালৈকে গীলে অপেক্ষা কৰিবলৈ সিদ্ধান্ত লৈছিল ।

ফাৰ্মহাউচৰ সন্মুখতে বহি কেপ্টেইন কুলৰ বাবে অপেক্ষা কৰিছিল গীলে । কিন্তু এই খবৰ বিয়পি পৰাৰ লগে লগে কেইজনমান সমাজকৰ্মীয়ে বুজাই হাৰিয়ানালৈ উভতি যাবলৈ সৈমান কৰিছিল । যি কি নহওক প্ৰিয় খেলুৱৈজনক সাক্ষাৎ কৰি অজয় গীল এতিয়া অতি আনন্দিত ।

লগতে পঢ়ক:Ind vs NZ 1st T20I : কিৱি বাহিনীৰ বিৰুদ্ধে পাঁচ উইকেটত জয়লাভ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.