ETV Bharat / sports

Ind vs NZ 1st T20I : কিৱি বাহিনীৰ বিৰুদ্ধে পাঁচ উইকেটত জয়লাভ ভাৰতৰ

author img

By

Published : Nov 18, 2021, 7:42 AM IST

Ind vs NZ 1st T20I
Ind vs NZ 1st T20I

নিউজিলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত T20 শৃংখলাৰ প্ৰথমখন মেচত বুধবাৰে জয়লাভ কৰে ভাৰতে ৷ 63 ৰাণৰ বিস্ফোৰক ইনিংছ খেলা সূৰ্যকুমাৰ যাদৱক মেন অৱ দ্য মেছ ঘোষণা ৷

Intro:Body:

নিউজ ডেস্ক, 18 নৱেম্বৰ : ৰোহিত শৰ্মা আৰু সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙেৰে নিউজিলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত T20 শৃংখলাৰ প্ৰথমখন মেচত বুধবাৰে জয়লাভ কৰে ভাৰতে ৷ Sawai Mansingh Stadium ত অনুষ্ঠিত খেল খনত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 164 ৰাণ সংগ্ৰহ কৰে নিউজিলেণ্ডে ৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে 19.4 অভাৰত 166 ৰাণ কৰি পাঁচ উইকেটত বিজয় সাব্যস্ত কৰে ৷

Ind vs NZ 1st T20I
কিৱি বাহিনীৰ বিৰুদ্ধে পাঁচ উইকেটত জয়লাভ ভাৰতৰ

নিউজিলেণ্ডৰ হৈ অপেনাৰ মাৰ্টিন গাপ্টিল আৰু মাৰ্ক চেপমেনে দলটোক শক্তিশালী স্থিতিত উপনীত কৰে ৷ গাপ্টিলে 42 টা বল 70 ৰাণ আৰু চেপমেনে 50 টা বলত 63 ৰাণৰ সুন্দৰ ইনিংচ খেলে ৷ প্ৰথম অভাৰতে প্ৰথমটো উইকেট হেৰুওৱা নিউজিলেণ্ডে 20 অভাৰত সংগ্ৰহ কৰে 164 ৰাণ ৷ ভাৰতৰ হৈ ভূৱনেশ্বৰ কুমাৰ আৰু ৰবীচন্দ্ৰন আশ্বিনে 2 টাকৈ উইকেট দখল কৰে ৷

165 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা ভাৰতীয় দলটোৱে ৰোহিত শৰ্মা আৰু সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত বিজয় লক্ষ্যত উপনীত হয় ৷ ৰোহিত শৰ্মাই 48 ৰাণ কৰাৰ বিপৰীতে 62 ৰাণৰ এটা সুন্দৰ ইনিংছ খেলে সূৰ্যকুমাৰ যাদৱে ৷ 19.4 অভাৰত 166 ৰাণ কৰি কিৱি বাহিনীৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ভাৰতে ৷ নিউজিলেণ্ডৰ বেগী বলাৰ ট্ৰেন্ট ব’ল্টে দখল কৰে দুটাকৈ উইকেট ৷

Ind vs NZ 1st T20I
সূৰ্যকুমাৰ যাদৱ মেন অৱ দ্য মেছ

তিনিখনীয়া T20 শৃংখলাৰ দ্বিতীয়খন খেল অহা 19 নৱেম্বৰ শুকুৰবাৰে ৰাঁচিত অনুষ্ঠিত হ’ব ৷ এই শৃংখলাত ভাৰতক নেতৃত্ব দিছে ৰোহিত শৰ্মাই আৰু নিউজিলেণ্ডক নেতৃত্ব দিছে টিম চাউদিয়ে ৷

লগতে পঢ়ক : ICC য়ে ঘোষণা কৰিলে 8 টাকৈ নতুন টুৰ্ণামেন্টৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.