ETV Bharat / sports

ICC য়ে ঘোষণা কৰিলে 8 টাকৈ নতুন টুৰ্ণামেন্টৰ নাম

author img

By

Published : Nov 17, 2021, 9:03 AM IST

8 টাকৈ গুৰুত্বপূৰ্ণ ইভেন্টৰ নাম ঘোষণা কৰিলে Internation Cricket Council য়ে ৷ টুইটযোগে ঘোষণা কৰিছে এই কথা ৷

ICC announces 8 new tournaments, 14 new host nations
ICCএ ঘোষণা কৰিলে 8 টাকৈ নতুন টুৰ্ণামেন্টৰ নাম

স্পৰ্টছ ডেস্ক, 17 নৱেম্বৰ : পুৰুষৰ White-ball ক্ৰিকেটত ICCৰ কেইবাটাও গুৰুত্বপূৰ্ণ ইভেন্ট ঘোষণা ৷ Champion's Trophy আনুষ্ঠানিকভাৱে উভতি আহিব বুলি টুইটযোগে ঘোষণা ICCৰ ৷

ইয়াৰ উপৰিও 8 টা নতুন টুৰ্ণামেন্টৰ কথাও ঘোষণা কৰিছে ICC য়ে ৷ লগতে চূড়ান্ত হৈছে 14 খনকৈ বিভিন্ন আয়োজক দেশৰ নামো ৷ 2024 বৰ্ষৰ টি-20 বিশ্বকাপ আয়োজন কৰিব আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে ৷ 2025 চনৰ Champion's Trophyৰ আয়োজক দেশ হ’ব পাকিস্তান ৷

2026 চনৰ টি-20 বিশ্বকাপ আয়োজন কৰিব ভাৰত আৰু শ্ৰীলংকাই ৷ 2027 চনৰ World Cup আয়োজন কৰিব দক্ষিণ আফ্ৰিকা, জিম্বাৱে আৰু নামিবিয়াই ৷ একেদৰে 2028 বৰ্ষৰ টি-20 বিশ্বকাপৰ আয়োজক দেশ হ’ল অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ৷

2029 বৰ্ষৰ Champion's Trophy ৰ আয়োজন কৰিব ভাৰতে ৷ 2030 চনৰ টি-20 বিশ্বকাপ আয়োজন কৰিব ইংলেণ্ড, আয়াৰলেণ্ড আৰু স্কটলেণ্ডে ৷ 2031 চনৰ World Cup ভাৰত আৰু বাংলাদেশে দ্বৈতভাৱে মিলি আয়োজন কৰিব বুলি টুইটযোগে প্ৰকাশ কৰিছে Internation Cricket Council চমুকৈ ICC য়ে ৷

লগতে পঢ়ক : ইন্টাৰনেশ্যনেল কেৰিয়াৰৰ পৰা 8 বছৰ পূৰ্বে আজিৰ দিনটোতে বিদায় লৈছিল মাষ্টাৰ ব্লাষ্টাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.