ETV Bharat / sports

আগন্তুক আইপিএলত কোন দলত থাকিব অলৰাউণ্ডাৰ শ্বাহবাজ আহমদ আৰু মায়াংক ডগৰ

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 7:22 PM IST

IPL auction for 2024 season
আগন্তুক আইপিএলত কোন দলত থাকিব অলৰাউণ্ডাৰ শ্বাহবাজ আহমদ আৰু মায়াংক ডগৰ

২০২৪ বৰ্ষৰ বাবে আইপিএল নিলাম অহা ১৯ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হ'ব । ট্ৰেডিং উইণ্ডো বন্ধ হোৱাৰ পূৰ্বে দুগৰাকী অলৰাউণ্ডাৰ শ্বাহবাজ আহমদ আৰু মায়াংক ডগৰক তেওঁলোকৰ পূৰ্বৰ নিজ নিজ ফ্ৰেন্সাইজীৰ পৰিৱৰ্তে নতুন ফ্ৰেন্সাইজীয়ে ক্ৰয়ৰ বাবে আগবাঢ়িছে ।

স্পৰ্টছ ডেস্ক, ২৬ নৱেম্বৰ : বিশ্বকাপৰ জ্বৰৰ পৰা ক্ৰিকেট অনুৰাগী মুক্ত হোৱাৰ সময়তে এইবাৰ পুনৰ আইপিএল উন্মাদনাত ভুগিবলৈ আৰম্ভ কৰিছে । ২০২৪ বৰ্ষৰ আইপিএলৰ নিলাম পৰ্ব সমাগত । তাৰ পূৰ্বে আইপিএলৰ বিভিন্ন ফ্ৰেন্সাইজীয়ে নিজ নিজ খেলুৱৈ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে । কিছু খেলুৱৈক পূৰ্বৰ ফ্ৰেন্সাইজীয়ে এৰি দিয়াৰ পৰিৱৰ্তে নতুন খেলুৱৈক অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

২৮ বছৰীয়া অলৰাউণ্ডাৰ শ্বাহবাজ আহমদক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (আৰচিবি) পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদলৈ (এছআৰএইচ) পৰিৱৰ্তন কৰা হৈছে । আনহাতে, অলৰাউণ্ডাৰ মায়াংক ডগৰক ২০২৪ চনৰ আইপিএল ছিজনৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ট্ৰেডিং উইণ্ডোৰ সময়ত এছআৰএইচৰ পৰা আৰচিবিলৈ পৰিৱৰ্তন কৰা হৈছে ।

দেওবাৰে সংবাদ মাধ্যমৰ আগত দিয়া এক বিবৃতিত আইপিএলে এই কথা ঘোষণা কৰে । উল্লেখ্য যে ট্ৰেডিং উইণ্ডো দেওবাৰে বন্ধ হৈছে আৰু ২০২৪ চনৰ ছিজনৰ বাবে আইপিএল নিলাম ১৯ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হ'ব ।

এগৰাকী বাঁওহতীয়া বেটাৰ তথা ধীৰ গতিৰ বাঁওহতীয়া অৰ্থ'ডক্স বলাৰ শ্বাহবাজে এতিয়ালৈকে ৩৯ খন আইপিএল মেচ খেলিছে আৰু ৭ ৰাণৰ বিনিময়ত ৩ উইকেটৰ সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনেৰে আইপিএলত ১৪ টা উইকেট দখল কৰিছে । ২০২০ চনৰ পৰা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক প্ৰতিনিধিত্ব কৰাৰ পিছত তেওঁ বৰ্তমানৰ মূল্যতে এছআৰএইচলৈ ট্ৰেডিং কৰা হৈছে ।

ইফালে মায়াংক ডগৰে তেওঁৰ বৰ্তমানৰ মূল্যতে এছআৰএইচৰ পৰা আৰচিবিলৈ যাব । সোঁহতীয়া অলৰাউণ্ডাৰজনে পূৰ্বতে কিংছ ইলেভেন পঞ্জাবৰ (বৰ্তমান পঞ্জাব কিংছ নামেৰে জনাজাত) সদস্য আছিল । ২০২৩ চনৰ আইপিএল ছিজনত তেওঁ মাত্ৰ তিনিখন মেচ খেলাৰ সুবিধা লাভ কৰে আৰু এটা উইকেট দখল কৰে ।

দিল্লীত জন্মগ্ৰহণ কৰা ২৭ বছৰীয়া মায়াংক ডগৰ এগৰাকী সোঁহতীয়া বেটাৰ আৰু ধীৰ গতিৰ বাঁওহতীয়া অৰ্থ'ডক্স বলাৰ । তেওঁ ঘৰুৱা ক্ৰিকেটত হিমাচল প্ৰদেশৰ হৈ খেলে । উল্লেখ্য যে যুৱ প্ৰজন্মক তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ এক ডাঙৰ মঞ্চ প্ৰদান কৰা নগদ ধনেৰে সমৃদ্ধ আইপিএল ২০০৮ চনত আৰম্ভ হৈছিল । আইপিএলৰ উদ্বোধনী সংস্কৰণ প্ৰয়াত শ্বেন ৱাৰ্ণৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে জয় কৰিছিল ।

আনহাতে, মুম্বাই ইণ্ডিয়ানছে অভিলেখ সংখ্যক পাঁচবাৰ আইপিএল খিতাপ জয় কৰিছে । শেহতীয়াকৈ ভাৰতৰ প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰে কলকাতা নাইট ৰাইডাৰ্ছত (কেকেআৰ) মেণ্টৰ হিচাপে যোগদান কৰিছে । ইয়াৰ লগে লগে দিল্লীৰ প্ৰাক্তন খেলুৱৈগৰাকী পুনৰ আইপিএলৰ গৃহ দললৈ উভতি আহিছে ।

লগতে পঢ়ক :পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ যাব নেকি হাৰ্দিক পাণ্ডিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.