ETV Bharat / sports

পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ যাব নেকি হাৰ্দিক পাণ্ডিয়া ?

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 2:57 PM IST

২০২২ চনত গুজৰাট টাইটানছে প্ৰথমটো ছিজনতে অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত আইপিএলৰ খিতাপ দখল কৰিছিল । ২০২৩ চনত আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰি দলটো ৰাণাৰ্ছ আপ হৈছিল । কিন্তু এতিয়া গুজৰাটৰ নেতৃত্ব এৰিব হাৰ্দিকে ! কেৱল নেতৃত্বই নহয় দলো এৰিব অলৰাউণ্ডাৰ হাৰ্দিকে । পুনৰ মুম্বাই ইণ্ডিয়ানছে তেওঁক ক্ৰয় কৰাৰ সম্ভাৱনা আছে ।

Hardik Pandya is set to leave Gujarat Titans
পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ যাব নেকি হাৰ্দিক পাণ্ডিয়া

স্পৰ্টছ ডেস্ক,২৫ নৱেম্বৰ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ ৰ প্ৰস্তুতি শীৰ্ষত আছে । ডিচেম্বৰত আইপিএল ২০২৪ ৰ নিলাম অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে এক বিশেষ চৰ্চা চলিছে । মুম্বাই ইণ্ডিয়ানছে হাৰ্দিক পাণ্ডিয়াক তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাইছে । পাণ্ডিয়াই ২০১৫ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ তেওঁৰ আইপিএল কেৰিয়াৰ আৰম্ভ কৰিছিল । এক প্ৰতিবেদন অনুসৰি, মুম্বাই ইণ্ডিয়ানছে হাৰ্দিক পাণ্ডিয়াক দললৈ ঘূৰাই অনাৰ বিনিময়ত গুজৰাট টাইটানছক ১৫ কোটি টকা পৰিশোধ কৰিব আৰু হাৰ্দিক পাণ্ডিয়াই ইয়াৰ ৫০ শতাংশ লাভ কৰিব ।

ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছৰ আবেশ খানক তেওঁলোকৰ বাওঁহাতৰ বেটছমেন দেৱদত্ত পডিক্কালৰ স্থানত অন্তৰ্ভুক্ত কৰিছে । অৱশ্যে, গুজৰাট টাইটানছে হাৰ্ডিক পাণ্ডিয়াৰ স্থানত মুম্বাই ইণ্ডিয়ানছৰ পৰা কোনো খেলুৱৈক নলয় । তাৰ পৰিৱৰ্তে তেওঁলোকে ১৫ কোটি টকা ল'ব । উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি থাকোতে হাৰ্দিক আইপিএলৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ আছিল । ২০১৫ চনত, হাৰ্দিকক ১০ লাখ টকাত ক্ৰয় কৰা হৈছিল আৰু হাৰ্দিক ২০১৫, ২০১৭, ২০১৯ আৰু ২০২০ চনত মুম্বাইৰ খিতাপ বিজয়ী ছিজনৰ অংশ আছিল ।

  • Update on Hardik Pandya in IPL: (ESPNcricinfo)

    - Hardik Pandya set to join Mumbai Indians.

    - Mumbai Indians paying 15 Cr to Gujarat Titans for swap Hardik.

    - Gujarat Titans will not take any player from MI for Hardik, they will take 15 Cr. pic.twitter.com/hIzNbCisiD

    — CricketMAN2 (@ImTanujSingh) November 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

হাৰ্দিকক মুম্বাই ইণ্ডিয়ানছে ২০২২ চনৰ নিলামৰ পূৰ্বে মুকলি কৰিছিল । মুম্বাইয়ে সেই বছৰ কেৱল পুৰণি ৪ জন খেলুৱৈক ৰাখিছিল । তেওঁলোক আছিল ৰোহিত শৰ্মা, জছপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ আৰু কাইৰন প'লাৰ্ড । ইয়াৰ পাছত, গুজৰাট টাইটানছে হাৰ্দিকক ১৫ কোটি টকাত ক্ৰয় কৰে । পাছত হাৰ্দিক পাণ্ডিয়াক টাইটানছৰ অধিনায়কৰ দায়িত্ব দিয়া হয় ।

হাৰ্দিকৰ নেতৃত্বত ২০২২ চনত ৰাজস্থানৰ বিৰুদ্ধে ফাইনেলত গুজৰাট টাইটানছে খিতাপ অৰ্জন কৰিছিল । সেয়া আইপিএলত অধিনায়ক হিচাপে তেওঁৰ প্ৰথম ছিজন আছিল । ২০২৩ চনত টাইটানছে দ্বিতীয়বাৰৰ বাবে আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিছিল । য'ত দলটোক চেন্নাই চুপাৰ কিংছে পৰাস্ত কৰে ।

লগতে পঢ়ক :এইবাৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰীশান্তৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.