ETV Bharat / sports

দ্বিতীয় টেষ্টৰ বাবে কেপ টাউনত উপস্থিত ভাৰতীয় দল

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 1:20 PM IST

Indian cricket team
দ্বিতীয় টেষ্টৰ বাবে কেপ টাউনত উপস্থিত ভাৰতীয় দল

SA vs IND second test: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয় টেষ্ট ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । তাৰ পূৰ্বে ভাৰতীয় দলটো কেপ টাউনত উপস্থিত হৈছে । এই শৃংখলাটোত দক্ষিণ আফ্ৰিকা ১-০ ত আগবাঢ়ি আছে ।

স্পৰ্টছ ডেস্ক,১ জানুৱাৰী : ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব । এই অন্তিমখন টেষ্ট কেপ টাউনত অনুষ্ঠিত হ'ব । যাৰ বাবে ভাৰতীয় দলটো কেপ টাউনত উপস্থিত হৈছে । ইয়াৰ পিচত ভাৰতীয় দলটোৱে নিউলেণ্ড ক্ৰিকেট গ্ৰাউণ্ডত অনুশীলন আৰম্ভ কৰিব । প্ৰথম খন টেষ্ট মেচত ভাৰতীয় দলটো আফ্ৰিকাৰ হাতত শোচনীয়ভাৱে পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল ।

দক্ষিণ আফ্ৰিকা দলটোৰ উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটো এটা ইনিংছ আৰু ৩২ ৰাণত পৰাজিত হৈছিল । প্ৰথম ইনিংছত কে এল ৰাহুলৰ শতক আৰু দ্বিতীয় ইনিংছত কোহলীৰ অৰ্ধশতকৰ বাহিৰে, কোনো বেটছমেন দক্ষিণ আফ্ৰিকাৰ বলাৰৰ বিৰুদ্ধে থিয় হ'ব নোৱাৰিলে ।

ইফালে ভাৰতীয় দলটোৱে দ্বিতীয় টেষ্টত খেলপথাৰত অৱতৰণ কৰাৰ সময়ত এটাই লক্ষ্য হ'ব সেই টেষ্টখন জয়ী হোৱা আৰু শৃংখলাটোত ১-১ ৰ সমতা অৰ্জন কৰা । যদি এই টেষ্ট মেচখন কোনো ফলাফল অবিহনে ড্ৰ' হয়, তেন্তে শৃংখলাটো দক্ষিণ আফ্ৰিকাৰ হাতলৈ যাব । প্ৰথমখন খেলত ভাৰতীয় দলৰ প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত আবেশ খানক দলত অন্তৰ্ভুক্ত কৰা হৈছে । ভাৰতীয় দলটোৱে অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঠাইত ৰবীন্দ্ৰ জাদেজাকো সুযোগ দিয়াৰ সম্ভাৱনা আছে । ভাৰতীয় দলটোত প্ৰসিদ্ধ কৃষ্ণৰ ঠাইত মুকেশ কুমাৰৰ স্থান লাভৰো সম্ভাৱনা আছে ।

প্ৰথমখন খেলত যশপ্ৰীত বুমৰাহে ২.৫৯ৰ ইকনোমিৰ সৈতে ২৬.৪ অভাৰত ৬৯ ৰাণত ৪ টা উইকেট দখল কৰে । মহম্মদ চিৰাজে ২ টা, শাৰ্দুল ঠাকুৰ ১, প্ৰসিদ্ধ কৃষ্ণ ১, ৰবিচন্দ্ৰন অশ্বিনে ১ উইকেট দখল কৰে ।

লগতে পঢ়ক :টেষ্টত আক্ৰমণাত্মক চৰিত্ৰ বৰ্জন কৰিবলৈ গিলক পৰামৰ্শ গাভাস্কাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.