ETV Bharat / sports

টেষ্টত আক্ৰমণাত্মক চৰিত্ৰ বৰ্জন কৰিবলৈ গিলক পৰামৰ্শ গাভাস্কাৰৰ

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 1:41 PM IST

Shubman Gill is playing too aggressively in Test cricket
টেষ্টত আক্ৰমণাত্মক চৰিত্ৰ বৰ্জন কৰিবলৈ গিলক পৰামৰ্শ গাভাস্কাৰৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতীয় অপেনাৰ শুভমন গিলে দুটা ইনিংছত মাত্ৰ ২৮ ৰাণ কৰিছে (Shubman Gill in Test)। গাভাস্কাৰৰ মতে সীমিত অভাৰৰ ফৰ্মেটৰ তুলনাত টেষ্টত গিলে কিছু সাৱধানে খেলিব লাগিব । আক্ৰমণাত্মক অভিপ্ৰায়ো নিয়ন্ত্ৰণ কৰিব লাগিব ।

স্পৰ্টছ ডেস্ক,৩১ ডিচেম্বৰ : শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় পুৰুষ দল । শৃংখলাৰ প্ৰথমখন টেষ্টতে ভাৰতৰ পৰাজয়ৰ পাছত বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । ভাৰতৰ বেটছমেনসকলৰ ফৰ্মক লৈও বিভিন্ন তাৰকা ক্ৰিকেটাৰে মন্তব্য কৰিছে । ইয়াৰ মাজতে শুভমন গিলৰ প্ৰদৰ্শনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে । টেষ্টত বেটিং কৰাৰ সময়ত গিলৰ স্বভাৱসুলভ আক্ৰমণাত্মক অভিপ্ৰায় নিয়ন্ত্ৰণ কৰিবলৈ গাভাস্কাৰে পৰামৰ্শ দিয়ে ।

উল্লেখ্য যে চেঞ্চুৰিয়ানত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰতীয় অপেনাৰ শুভমন গিলে অতি কম ৰাণ কৰে । প্ৰথম ইনিংছত মাত্ৰ ২ ৰাণ আৰু দ্বিতীয় ইনিংছত ২৬ ৰাণ কৰে গিলে । পেচাৰ নান্দ্ৰে বাৰ্গাৰ আৰু মাৰ্কো জানচেনৰ হাতত গিলে নিজৰ উইকেট হেৰুৱায় । আনহাতে ভাৰতেও আৰম্ভণিৰ টেষ্টখনত এটা ইনিংছ আৰু ৩২ ৰাণত পৰাজিত হয় । ইফালে টেষ্টত গিলৰ প্ৰদৰ্শন সম্পৰ্কত গাভাস্কাৰে বগা বলৰ ফৰ্মেটৰ তুলনাত টেষ্ট ক্ৰিকেটৰ বিভিন্ন প্ৰয়োজনীয়তা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ।

গাভাস্কাৰে কয় যে তেওঁৰ মতে গিলে টেষ্ট ক্ৰিকেটত অলপ বেছি আক্ৰমণাত্মকভাৱে খেলি আছে । টি-২০ আৰু এদিনীয়া ক্ৰিকেটৰ তুলনাত টেষ্ট ক্ৰিকেট খেলত সামান্য পাৰ্থক্য থাকে । এই পাৰ্থক্যটো বলত আছে । ৰঙা বলটো বতাহত বগা বলতকৈ অলপ বেছি গতি কৰে । পিটছত ই অলপ বেছি বাউন্স কৰে । গাভাস্কাৰৰ মতে গিলে এই কথাটো মনত ৰাখিব লাগে ।

গিলে সীমিত অভাৰৰ ফৰ্মেটত সুন্দৰ প্ৰদৰ্শন কৰিছে যদিও টেষ্টত ২০২৩ চনত ১০ টা ইনিংছত মাত্ৰ এবাৰ ৫০ ৰ অধিক ৰাণ কৰিবলৈ সক্ষম হৈছে । মাৰ্চত ঘৰুৱা খেলপথাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এটা শতক কৰিছে । তেওঁৰ আন ৯ টা ইনিংছৰ ৰাণ আছিল ক্ৰমে ২১, ৫, ১৩, ১৮, ৬, ১০, ২৯ (নট আউট), ২ আৰু ২৬ । অৱশ্যে গাভাস্কাৰে আশা কৰিছে যে গিলে তেওঁৰ পৰিসৰত শীঘ্ৰে উপনিত হ'ব ।

গাভাস্কাৰে লগতে কয় যে শুভমান গিলে তেওঁৰ কেৰিয়াৰ যিমান ভালদৰে আৰম্ভ কৰিছিল আৰু সকলোৱে তেওঁৰ শ্বটবোৰৰ প্ৰশংসা কৰিছিল । সেয়ে সকলোৱে আশা কৰিছে যে তেওঁ পুনৰ ফৰ্মলৈ ঘূৰি আহিব । গিলে যাতে অধিক কঠিন প্ৰশিক্ষণ লয় আৰু ভৱিষ্যতে ভাল প্ৰদৰ্শন কৰে তাৰো আশা কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।

ইফালে ভাৰতে অহা ৩ জানুৱাৰীৰ পৰা কেপ টাউনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় আৰু অন্তিমখন টেষ্ট খেলিব । সেই খন টেষ্টত ভাৰতে শৃংখলাটো ড্ৰ' কৰাৰ বাবে চেষ্টা কৰিব । আনহাতে গিলকে ধৰি ভাৰতীয় বেটছমেনসকলে পুনৰ উন্নত প্ৰদৰ্শন কৰিব বুলিও আশা কৰিছে ভাৰতীয় অনুৰাগীয়ে ।

লগতে পঢ়ক :2023 ত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কোহলী-গিলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.