ETV Bharat / sports

2023 ত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কোহলী-গিলৰ

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 4:21 PM IST

Most hundreds in 2023
Most International Centuries

Most International Centuries: ২০২৩ চনত ভাৰতীয় ক্ৰিকেট দলৰ হৈ বিৰাট কোহলী আৰু শুভমন গিলে ভাল প্ৰদৰ্শন আগবঢ়াইছে । ইয়াৰ সমান্তৰালকৈ তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো নিজৰ কীৰ্তি ৰাখিছে ।

নিউজ ডেস্ক, 30 ডিচেম্বৰ: ভাৰতৰ অভিজ্ঞ বেটছমেন বিৰাট কোহলী আৰু যুৱ বেটছমেন শুভমন গিলৰ বাবে ২০২৩ বৰ্ষটো এটা সুন্দৰ বৰ্ষ । এইবাৰ ক্ৰিকেট খেলপথাৰত দুয়োগৰাকী খেলুৱৈৰে বেটিঙৰ যাদু দেখা গ’ল । সেয়া বিশ্বকাপেই হওক বা আন লীগ মেচেই হওক ৷ এই বৰ্ষত এদিনীয়া ক্ৰিকেট বিৰাটে শতকৰ অৰ্ধশতক (50 টা শতক) অতিক্ৰম কৰাৰ বিপৰীতে গিলে আইচিচিৰ ৰেংকিঙত ১ নম্বৰ বেটছমেনৰ স্থান লাভ কৰে । এই দুয়োগৰাকী খেলুৱৈয়ে এইবাৰ বহু গুৰুত্বপূৰ্ণ মেচত দলৰ হৈ দৰ্শনীয় ইনিংছ খেলা দেখা যায় ।

চলিত বৰ্ষত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জনকাৰী বেটছমেন হৈছে কোহলী আৰু গিল ৷ দুয়োগৰাকী খেলুৱৈয়ে ভাৰতৰ হৈ বছৰটোত সৰ্বাধিক শতক অৰ্জন কৰে ৷ এই তালিকাত বিৰাট কোহলী ১ নম্বৰত আছে । তেওঁ এইবাৰ ৩৬ টা আন্তঃৰাষ্ট্ৰীয় ইনিংছত ৮ টা শতক অৰ্জন কৰিছে আৰু শুভমন গিল দুই নম্বৰত উপস্থিত । যিয়ে ৫২ টা আন্তঃৰাষ্ট্ৰীয় ইনিংছত ৭ টা শতক অৰ্জন কৰিছে ।

কোনটো ফৰ্মেটত বিৰাটে কিমান শতক অৰ্জন কৰিছিল ?

  • টেষ্ট - ২ টা শতক
  • এদিনীয়া – ৬ টা শতক
  • T20 - 0 টা শতক

কোহলীয়ে চলিত বৰ্ষত ৮ খন টেষ্ট মেচত ২ টা শতক আৰু ২ টা অৰ্ধশতকৰে ৬৭১ ৰান সংগ্ৰহ কৰিছে । এদিনীয়াত তেওঁ ৬ টা শতক আৰু ৮ টা অৰ্ধশতকৰ সহায়ত ২৭ খন খেলত ১৩৭৭ ৰান সংগ্ৰহ কৰিছে । ২০২৩ চনত ভাৰতৰ হৈ টি-২০ৰ এখনো মেচ খেলা নাই বিৰাটে ।

গিলে কোনটো ফৰ্মেটত কিমান শতক কৰিছিল ?

  • টেষ্ট - ১ টা শতক
  • এদিনীয়া – ৫ টা শতক
  • T20 – ১ টা শতক

গিলে এই বৰ্ষত ৬খন টেষ্ট মেচত ১ শতকৰে ২৫৮ ৰান সংগ্ৰহ কৰিছে । ২৯ খন এদিনীয়া মেচত ৫ টা শতক আৰু ৯ টা অৰ্ধশতকৰে ১৫৮৪ ৰান সংগ্ৰহ কৰিছে । আনহাতে ১৩ খন টি-২০ মেচত তেওঁ ১ টা শতক আৰু ১ টা অৰ্ধশতকৰে ৩১২ ৰান সংগ্ৰহ কৰিছে ।

২০২৩ চনত সকলো ফৰ্মেটতে সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন

১ - বিৰাট কোহলী (ভাৰত) - ৮

২ - শুভমন গিল (ভাৰত) - ৭

৩ - ডেৰেল মিচেল (নিউজীলেণ্ড) - ৬

৪- কুইণ্টন ডি কক (দক্ষিণ আফ্ৰিকা) - ৫

৫ - ডেভন কনৱে (নিউজীলেণ্ড) - ৫

৬ - নাজমুল হুছেইন শান্তো (বাংলাদেশ) - ৫

৭ - টেম্বা বাভুমা (দক্ষিণ আফ্ৰিকা) - ৪

৮ - ফাখাৰ জামান (পাকিস্তান) - ৪

৯ - ডাৱিড মালান (ইংলেণ্ড) - ৪

১০ - এইডেন মাৰ্কৰাম (দক্ষিণ আফ্ৰিকা) - ৪

লগতে পঢ়ক: ক্ৰীড়া মন্ত্ৰালয়ক অলিম্পিকৰ প্ৰস্তুতি আৰম্ভ কৰাৰ আহ্বান বজৰং পুনিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.