ETV Bharat / sports

ভাৰতীয় দলৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ : সকলো ফৰ্মেটৰ বাবে দক্ষিণ আফ্ৰিকাৰ স্কোৱাড ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 5:14 PM IST

IND vs SA 2023
ভাৰতীয় দলৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ

দক্ষিণ আফ্ৰিকাই ভাৰতৰ বিৰুদ্ধে T-২০, এদিনীয়া আৰু টেষ্ট শৃংখলাৰ বাবে নিজৰ দল ঘোষণা কৰিছে। এই শৃংখলাৰ বাবে এইডেন মাক্ৰামক T-২০ আৰু এদিনীয়া দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

স্পৰ্টছ ডেস্ক, 4 ডিচেম্বৰ : দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব’ৰ্ডে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া T-২০, এদিনীয়া আৰু টেষ্ট শৃংখলাৰ বাবে দল ঘোষণা কৰিছে ৷ এই শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাই এক আচৰিত সিদ্ধান্ত লৈছে ৷ টেম্বা বাভুমাক T-২০ আৰু এদিনীয়াৰ অধিনায়কত্বৰ পৰা আঁতৰাই এইডেন মাৰ্ক্ৰামক কমাণ্ড অৰ্পণ কৰিছে ৷ আনহাতে বাভুমাক টেষ্টৰ অধিনায়কত্ব কৰা দেখা যাব ৷ 10 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈ চলিব এই ভ্ৰমণ ৷

10 ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰতীয় দলৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ ৷ এই ভ্ৰমণত প্ৰথম 10-14 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব তিনিখনীয়া মেচৰ T-২০ ছিৰিজ ৷ ইয়াৰ পিছত ধাৰাবাহিকভাৱে তিনিখন এদিনীয়া মেচ অনুষ্ঠিত হ’ব ৷ 17-21 ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এদিনীয়া ছিৰিজ ৷ এই ভ্ৰমণৰ অন্ত পৰিব টেষ্ট ছিৰিজৰ জৰিয়তে ৷ এই দুখনীয়া টেষ্ট চিৰিজ 26 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ৷

  • 🟢 SQUAD ANNOUNCEMENT 🟡

    CSA has today named the Proteas squads for the all-format inbound tour against India from 10 Dec – 7 Jan 🇿🇦🇮🇳

    Captain Temba Bavuma and Kagiso Rabada are amongst a group of players that have been omitted for the white-ball leg of the tour in order to… pic.twitter.com/myFE24QZaz

    — Proteas Men (@ProteasMenCSA) December 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দক্ষিণ আফ্ৰিকাৰ T-২০ স্কোৱাড-

এইডেন মাৰক্ৰাম (অধিনায়ক), অটনিল বাৰ্টমেন, মেথিউ ব্ৰিট্জকে, নন্দ্ৰে বাৰ্গাৰ, গেৰাল্ড কোয়েটজি, ডন’ভান ফেৰেৰা, ৰিজা হেণ্ড্ৰিক্স, মাৰ্কো জেনচেন, হেনৰিক ক্লাচেন, কেশৱ মহাৰাজ, ডেভিড মিলাৰ, লুংগী এনগিডি, এণ্ডিল’ ফেহলুকৱায়ো, তবৰেজ শ্বামছি, ট্ৰিষ্টান ষ্টাবছ, লিজাড উইলিয়ামছ ৷

দক্ষিণ আফ্ৰিকাৰ এদিনীয়া দল-

এইডেন মাৰক্ৰাম (অধিনায়ক), অটনিয়েল বাৰ্টমেন, নন্দ্ৰে বাৰ্গাৰ, টনি ডিজৰ্জি, ৰিজা হেণ্ড্ৰিক্স, হেনৰিক ক্লাচেন, কেশৱ মহাৰাজ, মিহালালি ম্পংৱানা, ডেভিড মিলাৰ, ভিয়ান মুল্ডাৰ, এণ্ডিল’ ফেহলুকৱায়ো, তবৰেজ শ্বামছি, ৰাছি ভান ডাৰ ডুচেন, কাইল ৱেৰিন, লিজাড উইলিয়ামছ ৷

দক্ষিণ আফ্ৰিকাৰ টেষ্ট দল-

টেম্বা বাভুমা (অধিনায়ক), ডেভিড বেডিংহাম, নন্দ্ৰে বাৰ্গাৰ, গেৰাল্ড কোটজি, টনি ডিজৰ্জি, ডিন এলগাৰ, মাৰ্ক’ জেনছেন, কেশৱ মহাৰাজ, এইডেন মাৰক্ৰাম, ভিয়ান মুল্ডাৰ, লুংগী এনগিডি, কিগান পিটাৰছন, কাগিছো ৰাবাডা, ট্ৰিষ্টান ষ্টাবছ, কাইল ৱেৰিন ৷

কেতিয়া আৰু ক’ত হ’ব মেচ সমূহ-

T-20 ছিৰিজৰ সূচী-

10 ডিচেম্বৰ – প্ৰথম T-২০ – ডাৰবান

12 ডিচেম্বৰ – দ্বিতীয় T-২০ – কেবেৰা

14 ডিচেম্বৰ – তৃতীয় T-২০ – জোহান্সবাৰ্গ

এদিনীয়া শৃংখলাৰ সূচী-

17 ডিচেম্বৰ – প্ৰথম এদিনীয়া – জোহান্সবাৰ্গ

19 ডিচেম্বৰ – দ্বিতীয় এদিনীয়া – কেবেৰা

21 ডিচেম্বৰ – তৃতীয় এদিনীয়া – পাৰ্ল

টেষ্ট শৃংখলাৰ সময়সূচী-

26-30 ডিচেম্বৰ – প্ৰথম টেষ্ট – চেঞ্চুৰিয়ান

3-7 জানুৱাৰী – দ্বিতীয় টেষ্ট – কেপ টাউন

লগতে পঢ়ক : ভাৰতীয় দলৰ ভৱিষ্যতৰ ফিনিচাৰ ৰিংকু সিং; প্ৰাক্তন ক্ৰিকেটাৰ চাবা কৰিম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.