ETV Bharat / sports

ভাৰতীয় দলৰ ভৱিষ্যতৰ ফিনিচাৰ ৰিংকু সিং; প্ৰাক্তন ক্ৰিকেটাৰ চাবা কৰিম

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 2:32 PM IST

Saba Karim on Rinku Singh
ভাৰতীয় দলৰ ভৱিষ্যতৰ ফিনিচাৰ ৰিংকু সিং; প্ৰাক্তন ক্ৰিকেটাৰ চাবা কৰিম

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ চাবা কৰিমে বিশ্বাস কৰে যে ভাৰতীয় দলে ৰিংকু সিঙক অনাগত দিনত ভাৰতীয় বেটিং ইউনিটত নিম্ন ক্ৰমত ফিনিচাৰ হিচাপে বিবেচনা কৰি আছে । প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰজনে সূৰ্যকুমাৰ যাদৱকো ৰাষ্ট্ৰীয় দলৰ বাবে এগৰাকী উদীয়মান তাৰকা হিচাপে সমৰ্থন কৰে । ইটিভি ভাৰতৰ নিচাদ বাপাটৰ সৈতে চাবা কৰিমৰ এক বিশেষ সাক্ষাৎকাৰ ।

স্পৰ্টছ ডেস্ক, ২ ডিচেম্বৰ : ভাৰতৰ প্ৰাক্তন উইকেটৰক্ষক চাবা কৰিমে মত প্ৰকাশ কৰিছে যে ভাৰতীয় দলে ৰিংকু সিঙক ৰাষ্ট্ৰীয় দলৰ ফিনিচাৰ হিচাপে লক্ষ্য কৰি আছে । লগতে কয় যে তেওঁ মেন ইন ব্লুৰ বাবে তেওঁৰ ভূমিকা অতি সুন্দৰভাৱে পালন কৰিব পাৰে ।

উল্লেখ্য যে ভাৰতে ক্ৰিকেটৰ আটাইতকৈ হ্ৰস্ব ফৰ্মেটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখনীয়া মেচৰ দ্বিপাক্ষিক শৃংখলা খেলি আছে । ইতিমধ্যে ৩-১ ব্যৱধানত ভাৰতে এই শৃংখলা হস্তগত কৰিছে আৰু অন্তিম মেচখনত জয়েৰে বিজয়ৰ ব্যৱধান বৃদ্ধিৰ বাবে লক্ষ্য ৰাখিব । এই শৃংখলাত ৰিংকু সিঙে ভাৰতীয় দলৰ হৈ বেটেৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । শৃংখলাটোৰ দ্বিতীয়খন টি-২০ত তেওঁৰ প্ৰদৰ্শন অতি বিস্ময়কৰ আছিল । মেচখনত তেওঁ নটা বলত অপৰাজিত ৩১ ৰাণ সংগ্ৰহ কৰি ভাৰতক এক প্ৰত্যাহ্বানমূলক স্ক'ৰ সংগ্ৰহত সহায় কৰে ।

ৰিংকু সিঙক ফিনিচাৰ হিচাপে গঢ়ি তুলিব পাৰিনে নোৱাৰি বুলি প্ৰশ্ন কৰাত জিঅ' চিনেমা আৰু স্পৰ্টছ১৮-ৰ বিশেষজ্ঞ চাবা কৰিমে কয় যে বাঁওহতীয়া বেটছমেনগৰাকীয়ে এই দায়িত্ব সুন্দৰভাৱে পালন কৰিব পাৰে ।

"ভাৰতীয় দলে ৰিংকু সিঙক ফিনিচাৰ হিচাপে লক্ষ্য কৰি আছে । প্ৰথমে বেটিং কৰাৰ লগতে এক প্ৰত্যাহ্বানমূলক ৰাণৰ লক্ষ্য অনুসৰণ কৰাত তেওঁৰ প্ৰদৰ্শন অবিশ্বাস্য । দল ব্যৱস্থাপনাই তেওঁক মূল একাদশত ৰখাত সমৰ্থন আগবঢ়াইছে । দক্ষিণ আফ্ৰিকা শৃংখলাৰ দৰে আগন্তুক কেইটামান অতি প্ৰত্যাহ্বানজনক ক্ৰীড়াসূচী আছে । সেয়ে এইটো ৰিংকুৰ বাবে এক ডাঙৰ পৰীক্ষা হ'ব । কিয়নো উক্ত খেলৰ পৰিস্থিতি ঘৰুৱা পৰিস্থিতিতকৈ বেলেগ হ'ব । তেওঁ বিভিন্ন উইকেটৰ সৈতে খাপ খাব লাগিব । দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰাৰ সময়ত তেওঁৰ ঘৰুৱা শৃংখলাৰ অভিজ্ঞতাই সহায় কৰিব । লগতে তেওঁৰ খেলৰ সজাগতা অধিক । তেওঁ ষ্ট্ৰাইক সলনি কৰিব পাৰে আৰু লগতে ডাঙৰ শ্বটো খেলিব পাৰে । তেওঁ দেখুৱাইছে যে লেহেমীয়া উইকেটতো তেওঁক এগৰাকী মানসম্পন্ন ফিনিচাৰ কৰি তুলিছে ।" কৰিমে ইটিভি ভাৰতৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত কয় ।

উল্লেখ্য যে বৰ্তমান দুয়োটা দলেই তেওঁলোকৰ প্ৰথম পচন্দৰ তথা আগশাৰীৰ খেলুৱৈৰ অনুপস্থিতিত খেলি আছে । সেয়েহে যুৱ খেলুৱৈৰ এটা দলে এই শৃংখলা জয়ৰ বাবে যুঁজ দিয়া দেখা গৈছে । আনহাতে, অষ্ট্ৰেলিয়া সন্দৰ্ভত ভাৰতৰ হৈ ৩৪ খন এদিনীয়া মেচ খেলা চাবা কৰিমৰ অনুভৱ যে সোঁহতীয়া পেচাৰ নাথান এলিছে অষ্ট্ৰেলিয়াৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰে ।

"এই খেলুৱৈসকলৰ বেছিভাগেই কেইটামান ছিজনৰ বাবেহে অষ্ট্ৰেলিয়া দলত আছে । অপেনাৰ ট্ৰেভিছ হেড এনে এগৰাকী খেলুৱৈ, যিয়ে যিকোনো মুহূৰ্ততে উজলি উঠিব পাৰে । বৰ্তমান দলৰ তিনি-চাৰিজন এনে খেলুৱৈ আছে যিয়ে অষ্ট্ৰেলিয়ান ক্ৰিকেটক আগুৱাই নিব পাৰে । নাথান এলিছ এনে এগৰাকী প্ৰতিভা, যি অনাগত বছৰবোৰত তেওঁৰ কাৰ্যকৰী বলিঙেৰে প্ৰভাৱশালী হ'ব ।" প্ৰথম শ্ৰেণী ক্ৰিকেটত ৭,৩১০ ৰাণ সংগ্ৰহ কৰা তথা পাটনাত জন্মগ্ৰহণ কৰা কৰিমে মন্তব্য কৰে ।

উল্লেখ্য যে ভাৰতৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিত বৰ্তমান মুম্বাইকাৰ সূৰ্যকুমাৰ যাদৱে দলটোক নেতৃত্ব প্ৰদান কৰি আছে । আনহাতে, বেছিভাগ জ্যেষ্ঠ খেলুৱৈকে শৃংখলাটোত বিশ্ৰাম দিয়া হৈছে । সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বৰ বিষয়টো প্ৰতিফলিত কৰি চাবাই মত প্ৰকাশ কৰে যে তেওঁ এগৰাকী ভাল অধিনায়ক হোৱাৰ দক্ষতা আছে আৰু বেটিং হৈছে তেওঁৰ প্ৰাথমিক দক্ষতা ।

"সূৰ্যকুমাৰ খেলপথাৰত শান্ত-সমাহিত । এইটো এগৰাকী উদীয়মান নেতাৰ বিশেষত্ব । এইটো (অধিনায়কত্ব) সম্পূৰ্ণৰূপে এক নতুন মাত্ৰা । যেতিয়া আপুনি ৰাজ্যিক পৰ্যায়ৰ অধিনায়কত্বৰ পৰা আন্তৰ্জাতিক অধিনায়কত্বলৈ উত্তীৰ্ণ হয়, তেতিয়া এক গতিশীল পৰিৱৰ্তন হয় । এই ক্ষেত্ৰত সূৰ্যই কিছু সময় ল'ব । তেওঁৰ বাবে শিকিবলগা বহুত আছে । তেওঁ বেটিঙৰ ক্ষেত্ৰতো আকৰ্ষণীয় আৰু এগৰাকী অধিনায়কে তেওঁৰ প্ৰাথমিক দক্ষতাৰে নেতৃত্ব প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ ।" কৰিমে ব্যাখ্যা আগবঢ়ায় ।

বৰ্তমানৰ ভাৰতীয় দলটোৰ খেলৰ শৈলীক সমৰ্থন জনাই কৰিমে লগতে কয়, "শৃংখলাটোৰ আৰম্ভণিতে মই ভৱিষ্যদ্বাণী কৰিছিলোঁ যে দ্বিপাক্ষিক শৃংখলাত অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে এই যুৱ ভাৰতীয় দলটো শীৰ্ষস্থানলৈ আহিব । মই মোৰ মতামতৰ সৈতে অটল আছোঁ । তেওঁলোক এটা যুৱ দল, এগৰাকী নতুন অধিনায়ক আছে আৰু দলৰ সকলো খেলুৱৈয়ে এই পৰ্যায়ত নিজকে প্ৰমাণ কৰিব বিচাৰে ।" আনহাতে, চাবা কৰিমে বিভিন্ন ভাষাত এই শৃংখলাটো সম্প্ৰচাৰ কৰাৰ বাবে লোৱা উদ্যোগৰ বাবে জিঅ' চিনেমাকো সমৰ্থন কৰে ।

"সকলোৱে মাতৃভাষাত তেওঁলোকৰ প্ৰিয় খেলখন উপভোগ কৰিবলৈ উৎসাহিত হৈ থাকে । এই সকলোবোৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ছিজনত আৰম্ভ হৈছিল আৰু দৰ্শকৰ বাবে এইটো এক ডাঙৰ প্ৰাপ্তি । এইটোৱে একেবাৰে এক বেলেগ ধৰণৰ মাদকতা আনিছে । সকলো ভাষাৰে খেল বুজি পোৱা আৰু দৰ্শকক বুজাই দিয়াৰ ক্ষমতা আছে । জিঅ'ই এই সকলোবোৰ ভাষা একেলগে আনি সন্মান দেখুৱাইছে । ডিজিটেল ব্যৱস্থা আগবাঢ়ি যোৱাটোৱেই আন্তৰ্জাতিক ক্ৰিকেটক আগুৱাই নিব । এইটো এটা মহান পদক্ষেপ আৰু ইয়াৰ লগত সম্পৰ্কীয় কাৰকবোৰ যথেষ্ট উন্নত হৈছে ।" সামৰণিত তেওঁ কয় ।

লগতে পঢ়ক :চতুৰ্থখন T-20ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়; শৃংখলা দখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.