ETV Bharat / sports

চতুৰ্থখন T-20ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়; শৃংখলা দখল

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 9:23 PM IST

Updated : Dec 1, 2023, 10:40 PM IST

IND vs AUS Fourth T20I Update
ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থখন T-20

শুকুৰবাৰে অনুষ্ঠিত হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চলিত পাঁচখনীয়া T-20 শৃংখলাৰ চতুৰ্থখন মেচ ৷ 3 খনত বিজয়েৰে শৃংখলা দখল ভাৰতৰ

স্পৰ্টছ ডেস্ক, 1 ডিচেম্বৰ : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা টি-20 শৃংখলাৰ চতুৰ্থখন মেচত ভাৰতে অষ্ট্ৰেলিয়াক 20 ৰাণত পৰাস্ত কৰে ৷ প্ৰথমে বেটিং কৰি ভাৰতে জয়ৰ বাবে 175 ৰাণ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াক ৷ কিন্তু বিনিময়ত নিৰ্ধাৰিত 20 অভাৰত 7 উইকেট হেৰুৱাই 154 ৰাণহে কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়া ৷

175 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা অষ্ট্ৰেলিয়াৰ অপেনাৰ ট্ৰেভিছ হেডে মাৰমুখী বেটিং আৰম্ভ কৰে যদিও 3.1 অভাৰত 40 ৰাণত ফিলিপছৰ উইকেটৰ পতন ঘটে ৷ তাৰ পিচতেই 4.4 অভাৰত 31 ৰাণ কৰি হেডো পেভিলিয়নমুখী হয় ৷ নিয়মীয়া গতিত উইকেটৰ পতন ঘটা কেংগাৰু বাহিনীৰ হৈ অধিনায়ক ৱেডে সৰ্বাধিক 36 ৰাণ কৰে ৷ শ্বৰ্টে 22, টিম ডেভিদে 19, মেকডাৰমোট্টে 19 ৰাণৰ বৰঙণি যোগায় ৷

ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়াই ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে নিজৰ আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 174 ৰাণ ৷ দলৰ হৈ বিস্ফোৰক বেটছমেন ৰিংকু সিঙে সাৰ্বাধিক 46 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ অ’পেনাৰ যশস্বী জয়ছোৱালে সংগ্ৰহ কৰে 37 ৰাণ ৷ ঋতুৰাজ গাইকোৱাডে সংগ্ৰহ কৰে 32 ৰাণ ৷ জীতেশ শৰ্মাই সংগ্ৰহ কৰে 35 ৰাণ ৷

আজিৰ খেলত অধিনায়ক সূৰ্যকুমাৰ যাদৱ, জ্যেষ্ঠ খেলুৱৈ অক্ষৰ পেটেল আৰু অভিজ্ঞ বেটছমেন শ্ৰেয়াছ আয়াৰ ৰাণ সংগ্ৰহত ব্যৰ্থ হয় ৷ অধিনায়ক সূৰ্যকুমাৰ যাদৱে 2টা বলত মাত্ৰ 1ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ শ্ৰেয়াছ আয়াৰে 7 টা বলত সংগ্ৰহ কৰে 8 ৰাণ ৷ ইফালে অক্ষৰ পেটেলে কোনো ৰাণ নকৰাকৈ দ্বাৰচুইচৰ বলত পেভিলিয়নমুখী হয় ৷

অষ্ট্ৰেলিয়াৰ হৈ দ্বাৰচুইচে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ বেহৰেনডৰ্ফ আৰু সাংঘাই দখল কৰে 2 টা উইকেট ৷ এৰ’ন হাৰ্ডিয়ে দখল কৰে 1 টা উইকেট ৷ এই বিজয়েৰে 5 খনীয়া শৃংখলা দখল কৰে ভাৰতে ৷ বৰ্তমানলৈকে 4 খন খেলৰ ভিতৰত ভাৰতে 3 খন আৰু অষ্ট্ৰেলিয়াই 1 খন খেলত জয়লাভ কৰিছে ৷

উল্লেখ্য যে, বিদ্যুৎ সংকটৰ বাবে আজিৰ মেচখন জেনেৰেটৰৰ লাইটত অনুষ্ঠিত হৈছে ৷ সূত্ৰই জনোৱা মতে, 3.16 কোটি টকাৰ অতিৰিক্ত বিলৰ বাবে প্ৰায় পাঁচ বছৰ পূৰ্বে ষ্টেডিয়ামত বিদ্যুৎ বিচ্ছিন্ন হৈছিল ৷

লগতে পঢ়ক : হকী মহিলা জুনিয়ৰ বিশ্বকাপত কানাডাৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়

Last Updated :Dec 1, 2023, 10:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.