ETV Bharat / sports

Happy Birthday Kohli : ইডেনত 'বাৰ্থডে বয়' কোহলীৰ চমক চাবলৈ সাজু অনুৰাগী

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 1:00 PM IST

আজি বিৰাট কোহলীৰ জন্মদিন । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কোহলীয়ে আকৰ্ষণীয় ইনিংছেৰে জন্মদিন পালন কৰিব পাৰিব নে ? শচীন তেণ্ডুলকাৰৰ সমতুল্য অভিলেখ ৰচিব পাৰিব নে ? সেই মুহূৰ্তৰ বাবে প্ৰাৰ্থনা লাখ লাখ অনুৰাগীৰ ।

Happy Birthday Kohli
ইডেনত 'বাৰ্থডে বয়' কোহলীৰ চমক চাবলৈ সাজু অনুৰাগী

স্পৰ্টছ ডেস্ক,৫ নৱেম্বৰ : আজি কিং কোহলীৰ জন্মদিন । ৩৫ বছৰীয়া হ'ল ভাৰতৰ ৰাণ মেচিন খ্যাত কোহলী । এই বিশেষ দিনটোত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ আন এক শতকৰ আশা দেখিছে অনুৰাগীসকলে । আকৰ্ষণীয় শতকেৰে কোহলীয়ে জন্মদিন উদযাপন কৰিব বুলিও আশাবাদী অনুৰাগীসকল ।

উল্লেখ্য যে চলিত বিশ্বকাপত শক্তিশালী ফৰ্মত আছে বিৰাট কোহলী । একপ্ৰকাৰ কোহলী আৰু ভাৰতীয় দলটো প্ৰতিদ্বন্দীৰ বাবে তীব্ৰ প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে । যাৰ বাবে ভাৰতীয় দলটোৱে এতিয়ালৈ চলিত বিশ্বকাপত অপৰাজেয় হৈ আছে । এনে এক সময়তে কোহলীৰ জন্মদিনো বিশেষ হ'ব বুলি আশা কৰা হৈছে ।

আইকনিক ইডেন গাৰ্ডেন আজি কোহলীময় হৈ পৰিব । কিয়নো ইডেনৰ ক্ৰিকেটপ্ৰেমী জনতাৰ সন্মুখত নতুন উদ্যমেৰে খেলিব 'বাৰ্থডে বয়' কোহলীয়ে । সমান্তৰালকৈ কোহলীক আধাৰ হিচাপে লৈ ১২ বছৰৰ অন্তত বিশ্বকাপৰ ট্ৰফী ভাৰতে ঘৰলৈ আনিব বুলিও আশা কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

২০১১ চনত ভাৰতীয় দলটো চেম্পিয়ন হৈছিল আৰু সেই সময়ত বিৰাট কোহলী দলৰ অংশ আছিল । সেই সময়ত তেওঁ উদীয়মান আছিল । কিন্তু এতিয়া বিশ্ব ক্ৰিকেটত তেওঁ নাম উজলি আছে । ২০১৫ আৰু ২০১৯ চনত কোহলীয়ে দলটোৰ অধিনায়কৰ দায়িত্ব লৈছিল যদিও বিশ্বকাপ ট্ৰফী লাভৰ পৰা বঞ্চিত হৈছিল ভাৰত । অৱশ্যে চলিত বিশ্বকাপ সম্পূৰ্ণ বিপৰীত দেখা গৈছে । কোহলীৰ ফৰ্মে প্ৰতিদ্বন্দী দলবোৰক চিন্তিত কৰি তুলিছে । পুনেত বাংলাদেশৰ বিৰুদ্ধে অপৰাজিত ১০৩ আৰু চাৰিটা অৰ্ধশতকৰ সৈতে তেওঁৰ তালিকাৰ সৰ্বশ্ৰেষ্ঠ বেটছমেনসকলৰ শাৰীত আছে ।

কোহলীৰ সন্মুখত কেইবাটাও অভিলেখ ভংগৰ সুযোগ আছে । শচীন তেণ্ডুলকাৰৰ শতকৰ অভিলেখ ভংগ কৰাৰ লগতে দুখন বিশ্বকাপ জয় কৰা প্ৰথম ভাৰতীয় হোৱাৰো তেওঁৰ সুযোগ আছে । এতিয়ালৈ কোহলীয়ে চলিত বিশ্বকাপত ৭ টা ইনিংছত ৪৪২ ৰাণ সংগ্ৰহ কৰিছে । অৱশ্যে কোহলীয়ে চলিত বিশ্বকাপত দুবাৰকৈ নিৰাশ হ'বলগীয়াও হৈছে । তেওঁ দুখনকৈ খেলত শতকৰ ওচৰলৈ গৈও বিফল হৈছিল । নিউজীলেণ্ডৰ বিৰুদ্ধে ৯৫ ৰাণ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে ৮৮ ৰাণত তেওঁ আউট হয় । অৱশ্যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আজিৰ খেলখনত 'বাৰ্থডে বয়' বিৰাট কোহলীৰ পৰা এক আকৰ্ষণীয় ইনিংছ চাবলৈ সকলোৱে অপেক্ষা কৰি আছে । কিয়নো আৰু মাত্ৰ এটা শতকে বিৰাট কোহলীক শচীন তেণ্ডুলকাৰৰ সমতুল্য অভিলেখৰ কাষ চপাব পাৰিব ।

লগতে পঢ়ক :ICC World Cup 2023 : ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নামিব টেবুল টপাৰ মেন ইন ব্লু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.