ETV Bharat / sports

টি-২০ বিশ্বকাপ ২০২৪, কোহলীয়ে দলত স্থান পোৱাটো বিচাৰে গাংগুলীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 6:31 PM IST

Sourav Ganguly on T20 world cup
কোহলীয়ে দলত স্থান পোৱাটো বিচাৰে গাংগুলীয়ে

T20 world cup 2024: আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত বিৰাট কোহলীয়ে স্থান পোৱা নোপোৱাক লৈ ব্যাপক আলোচনা অব্যাহত আছে । সৌৰভ গাংগুলীৰ মতে কোহলীয়ে দলত স্থান পাব লাগে । ৰোহিত শৰ্মাইও দলৰ নেতৃত্ব দিব লাগে ।

স্পৰ্টছ ডেস্ক,৭ জানুৱাৰী : চলিত বছৰৰে জুনত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ ক্ৰিকেট । যাক লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে । প্ৰতিখন দেশেই নিজৰ নিজৰ দল বাছনিত ব্যস্ত আছে । ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচনসকলো টি-২০ বিশ্বকাপৰ দল বাছনিৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি আৰম্ভ কৰিছে । ইফালে দলত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক অন্তৰ্ভুক্ত কৰাকলৈ বিভিন্ন মহলত কৌতূহলো অব্যাহত আছে । একাংশই আশা কৰা মতে দলটোত যুৱ তাৰকাসকলে স্থান পাব । আনহাতে একাংশৰ মতে বিৰাট কোহলীৰ দৰে অভিজ্ঞ খেলুৱৈয়ে স্থান পালে দলৰ ভাৰসাম্য থাকিব ।

এনে চৰ্চাৰ মাজতে ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও বিৰাট কোহলীয়ে স্থান পোৱাটো কামনা কৰিছে । গাংগুলীয়ে দেওবাৰে কয় যে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাই আয়োজন কৰিবলগীয়া টি-২০ বিশ্বকাপত বিৰাট কোহলীয়ে খেলিব লাগে ।

কোহলীয়ে এতিয়ালৈ ১১৫ খন টি-২০ খেলিছে । কিন্তু ২০২২ চনৰ নৱেম্বৰত টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে এডিলেডত তেওঁ দেশৰ হৈ অন্তিমখন টি-২০ খেলিছিল । ভাৰতীয় দলটোক অসংখ্য স্মৰণীয় বিজয়ৰ নেতৃত্ব দিয়া সৌৰভ গাংগুলীয়ে বিশ্বাস কৰে যে ১৪ মাহৰ ব্যৱধানৰ পাছতো কোহলীৰ প্ৰদৰ্শনত কোনো প্ৰভাৱ নপৰিব ।

কোহলীয়ে টি-২০ বিশ্বকাপত খেলিব লাগে নে নাই বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত গাংগুলীয়ে কয় যে বিৰাট কোহলীয়ে খেলিব লাগে । ব্যৱধানটোৱে তেওঁৰ প্ৰদৰ্শনত প্ৰভাৱ পেলাব নোৱাৰে । কোহলী এগৰাকী উৎকৃষ্ট খেলুৱৈ বুলিও গাংগুলীয়ে প্ৰশংসা কৰে । ইফালে ৰোহিত শৰ্মাই টি-২০ বিশ্বকাপত ভাৰতীয় দলক নেতৃত্ব দিব লাগে বুলিও তেওঁ উল্লেখ কৰে ।

ৰোহিত শৰ্মাৰ অনুপস্থিতিত সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাত টি-২০ শৃংখলাত সমতালৈ আনিছিল । ইয়াৰ পিচত কে এল ৰাহুলৰ নেতৃত্বত ভাৰতে এদিনীয়া শৃংখলাটো ২-১ত জয়ী হৈছিল । চেঞ্চুৰিয়ানত অনুষ্ঠিত প্ৰথম খন টেষ্টত পৰাজিত হোৱাৰ পিচত ভাৰতে কেপ টাউন টেষ্টত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টেষ্ট শৃংখলা ১-১ ত সমতা অৰ্জন কৰে ।

গাংগুলীয়ে ভাৰতীয় দলক সমৰ্থন কৰি কয় যে ভাৰতীয় দলটো চমৎকাৰী । কিন্তু দলটোৱে এখন খেলত পৰাস্ত হ'লে মানুহে এনেদৰে আচৰণ কৰিবলৈ আৰম্ভ কৰে যেন দলটো সম্পূৰ্ণৰূপে এটা দুৰ্বল দল । কিন্তু শেহতীয়াকৈ ভাৰতীয় দলে এদিনীয়া শৃংখলা জয়ী হৈছে আৰু টি-20 আৰু টেষ্ট শৃংখলাত সমতা অৰ্জন কৰিছে । দলৰ সেই প্ৰদৰ্শন উৎকৃষ্ট আছিল বুলিও উল্লেখ কৰে বিচিচিআইৰ প্ৰাক্তন মুৰব্বী গাংগুলীয়ে ।

লগতে পঢ়ক :টি-২০ত বিৰাট আৰু ৰোহিতৰ অন্তৰ্ভুক্তিক লৈ দোমোজাত বিচিচিআই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.