ETV Bharat / sports

এদিনীয়াক বিদায় দি ৱাৰ্ণাৰে ক’লে: কেৰিয়াৰত কোনো আক্ষেপ নাই

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:19 PM IST

DAVID WARNER
AUSTRALIA

David Warner on ODI retirement: এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰা অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ডেভিদ ৱাৰ্নাৰে কয় যে তেওঁৰ কেৰিয়াৰত কোনো আক্ষেপ নাই আৰু তেওঁ বল টেম্পাৰিং কেলেংকাৰীৰ পৰা আগুৱাই আহিছে । এই কেলেংকাৰীৰ পিছত ডেভিদ ৱাৰ্নাৰ, ষ্টিভ স্মিথ আৰু কেমেৰন বেংক্ৰফ্ট নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল ৷

স্প’ৰ্টছ ডেস্ক, 1 জানুৱাৰী: অষ্ট্ৰেলিয়ান তাৰকা ক্ৰিকেটাৰ তথা অপেনাৰ বেটছমেন ডেভিড ৱাৰ্ণাৰে অৱসৰ গ্ৰহণ কৰিলে এদিনীয়া ক্ৰিকেটৰ পৰা ৷ তাৰ পিচতেই ৱাৰ্ণাৰে প্ৰকাশ কৰে যে বল টেম্পাৰিং সন্দৰ্ভত তেওঁ প্ৰশ্নৰ আশা কৰিছিল ৷ তেওঁ সেই পৰ্যায়ৰ পৰা আগুৱাই আহিছে আৰু কেৰিয়াৰক লৈ তেওঁৰ কোনো অনুশোচনা নাই ৷

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই ৩৭ বছৰীয়া ৱাৰ্নাৰে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তোলে । ইতিমধ্যে তেওঁ টেষ্টৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল আৰু ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টেষ্ট মেচ হ’ব তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ।

এদিনীয়া ক্ৰিকেটত সৰ্বমুঠ ৬,৯৩২ সংগ্ৰহ কৰা ৱাৰ্নাৰে কয়, ‘‘মই জানো যে এনেকুৱা এটা প্ৰশ্ন আহিব ।’’ ২০১৮ চনৰ মাৰ্চ মাহত কেপটাউনৰ নিউলেণ্ডছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয়খন টেষ্ট মেচৰ সময়ত টিভি কেমেৰাত কেমেৰন বেংক্ৰফ্টে বলৰ এটা ফাল খহটা কৰিবলৈ চেষ্টা কৰা দেখা গৈছিল ।

তদন্তত দেখা গ’ল যে ৱাৰ্নাৰেই ইয়াৰ আঁৰৰ মূল ব্যক্তি আৰু তেওঁ ষ্টিভ স্মিথ আৰু বেংক্ৰফ্টৰ সৈতে নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছিল । অষ্ট্ৰেলিয়াৰ ক্ৰিকেট ব’ৰ্ডে ১২ মাহৰ বাবে নিষেধাজ্ঞা জাৰি কৰা ৱাৰ্নাৰক অধিনায়কৰ ভূমিকা গ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল ।

"যেতিয়া মই সেই অধ্যায়টোলৈ ঘূৰি চাওঁ, তেতিয়া ইয়াক বেলেগ ধৰণে চম্ভালিব পাৰি । কিন্তু মই ভাবো যে নিকে (হকলি, ক্ৰিকেট অষ্ট্ৰেলিয়াৰ মুখ্য কাৰ্যবাহী) সেই কথা ব'ৰ্ডৰ সমুখলৈ আগবঢ়াই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল ৷ অৱশেষত ব’ৰ্ডে সিদ্ধান্ত লৈছিল ৷ মই সেইটোত সুখী । তাৰ পৰাই মই আগবাঢ়িছো । আই পি এল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ)ত নেতৃত্ব দিয়াৰ সুযোগ পাইছো, আই এল টি২০ত নেতৃত্ব দিয়াৰ সুযোগ পাইছো । মই মোৰ নেতৃত্বৰ ভূমিকা উপভোগ কৰিছো ।’’

লগতে পঢ়ক: এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ডেভিদ ৱাৰ্ণাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.