ETV Bharat / sports

এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ডেভিদ ৱাৰ্ণাৰৰ

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 10:11 AM IST

এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ডেভিদ ৱাৰ্ণাৰৰ
এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ডেভিদ ৱাৰ্ণাৰৰ

David Warner Retirement : দুবাৰকৈ ক্ৰিকেট বিশ্বকাপ বিজয়ী ৱাৰ্ণাৰে নৱবৰ্ষৰ প্ৰথম পুৱাতে এই ঘোষণা কৰে । বাঁওহতীয়া অপেনাৰজনে এদিনীয়া ফৰ্মেটত 45.30 গড়ে 6932 ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ ষ্ট্ৰাইক ৰেট হৈছে 97.26 । বিশ্ব ক্ৰিকেটত প্ৰায়ে দমনীয় প্ৰদৰ্শন আগবঢ়োৱা ৱাৰ্ণাৰে বিশ্বকাপত 1,527 ৰাণ সংগ্ৰহ কৰিছে । গড় হৈছে 56.55 ।

স্পৰ্টছ ডেস্ক, ১ জানুৱাৰী : অষ্ট্ৰেলিয়াৰ মাৰমুখী বেটছমেন তথা বিশ্ব ক্ৰিকেটৰ এগৰাকী প্ৰভাৱশালী ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰে এদিনীয়া ক্ৰিকেটৰ পৰা তেওঁৰ অৱসৰ নিশ্চিত কৰিছে । নৱবৰ্ষৰ প্ৰথমদিনা সোমবাৰে পুৱাতে তেওঁ এদিনীয়া ক্ৰিকেটৰ পৰাও অৱসৰৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে । উল্লেখ্য যে ৱাৰ্ণাৰে ইতিমধ্যে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ সিদ্ধান্ত ঘোষণা কৰিছে ।

অষ্ট্ৰেলিয়াৰ হৈ দুবাৰকৈ ক্ৰিকেট বিশ্বকাপ বিজয়ী ৱাৰ্ণাৰে নৱবৰ্ষৰ দিনা এই ঘোষণা কৰে । বাঁওহতীয়া অপেনাৰজনে এদিনীয়া ফৰ্মেটত 45.30 গড়ে 6932 ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ ষ্ট্ৰাইক ৰেট হৈছে 97.26 । বিশ্ব ক্ৰিকেটত প্ৰায়ে দমনীয় প্ৰদৰ্শন আগবঢ়োৱা ৱাৰ্ণাৰে বিশ্বকাপত 1,527 ৰাণ সংগ্ৰহ কৰিছে । গড় হৈছে 56.55 ।

আনহাতে, বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত মাত্ৰ পাঁচজন বেটছমেন তেওঁৰ ওপৰত আছে । ইয়াৰ ভিতৰত আছে ৱাৰ্ণাৰৰ নিজ দেশৰে তথা এসময়ৰ অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ অধিনায়ক ৰিকি পণ্টিং (১৭৪৩) ।

"মই মোৰ পৰিয়ালক সময় দিয়াৰ কথা চিন্তা কৰিছোঁ ।" ৱাৰ্ণাৰে নিজৰ অৱসৰৰ কথা ঘোষণাৰ সময়ত কয় । "এই কথা (এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ) মই বিশ্বকাপৰ জৰিয়তে কৈছিলোঁ । ভাৰতত বিশ্বকাপ জয় কৰাটো এক বৃহৎ সাফল্য ।" ৱাৰ্ণাৰে লগতে কয় ।

অৱশ্যে ৱাৰ্ণাৰে অৱসৰৰ কথা ঘোষণা কৰিলেও এইগৰাকী অষ্ট্ৰেলিয়াৰ নিৰ্ভৰযোগ্য বেটছমেন 2025 চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবে প্ৰয়োজনত দললৈ উভতি অহাৰ বাবে বাট মুকলি আছে ।

"মই জানো যে চেম্পিয়নছ ট্ৰফী আহি আছে আৰু যদি মই দুবছৰলৈকে ভাল ক্ৰিকেট খেলি থাকোঁ, তেন্তে দলৰ প্ৰয়োজনত মই উপলব্ধ হ'ম ।" তেওঁ কয় । উল্লেখ্য যে সীমিত অ'ভাৰৰ ক্ৰিকেটৰ বিশেষজ্ঞ হিচাপে ৱাৰ্ণাৰে অষ্ট্ৰেলিয়া দলত স্থান লাভ কৰিছিল । প্ৰথম শ্ৰেণীৰ মেচ খেলাৰ পূৰ্বে তেওঁৰ ২০০৯ চনৰ জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ ক্ৰিকেটত অভিষেক ঘটিছিল ।

আনহাতে, তাৰ এসপ্তাহৰ পিছত একেটা দলৰ বিৰুদ্ধে এদিনীয়া খেলত ৱাৰ্ণাৰে আত্মপ্ৰকাশ কৰে । এই ফৰ্মেটত তেওঁ দ্বিতীয়খন মেচতে অৰ্ধশতক অৰ্জন কৰিছিল ।

উল্লেখ্য যে ৩৭ বছৰীয়া অষ্ট্ৰেলিয়া দলৰ নিৰ্ভৰযোগ্য অপেনাৰগৰাকীয়ে ৩ জানুৱাৰীৰ পৰা ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হ'বলগীয়া পাকিস্তানৰ বিৰুদ্ধে মেচত তেওঁৰ অন্তিমখন টেষ্টত অৱতীৰ্ণ হ'ব ।

লগতে পঢ়ক :টেষ্টত আক্ৰমণাত্মক চৰিত্ৰ বৰ্জন কৰিবলৈ গিলক পৰামৰ্শ গাভাস্কাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.