ETV Bharat / sports

২০১৯ বৰ্ষৰ আইপিএলত মই ৰিভাৰ্ছ কেৰম বল কৰিছিলো : আশ্বিন

author img

By

Published : May 3, 2020, 2:35 PM IST

Was bowling reverse carrom in 2019 IPL: Ashwin
Was bowling reverse carrom in 2019 IPL: Ashwin

ইষ্টাগ্ৰাম লাইভ চেটত বিগত বৰ্ষৰ আইপিএলৰ এক অনুভৱ ব্যক্ত কৰিলে ৰবি চন্দ্ৰন আশ্বিনে ।

স্পৰ্টছ ডেস্ক, ৩ মে': সঞ্জয় মাঞ্জেকাৰৰ সৈতে হোৱা ভিডিঅ' কনফাৰেঞ্চিঙত বাৰ্তালাপ কৰি আশ্বিনে ফাদিল কৰিলে ২০১৯ বৰ্ষৰ আইপিএলৰ এক সুকীয়া ৰহস্য । এই অনুষ্ঠানতেই খেলুৱৈগৰাকীয়ে নিজৰ ক্ৰিকেট ভৱিষ্য়তৰ পৰিকল্পনা সন্দৰ্ভতো মত প্ৰকাশ কৰে । আশ্বিনে কয়, মই টি-২০ ক্ৰিকেটৰ বাবে উপযোগী । যদি মোৰ শৰীৰে মোৰ লগ দিয়ে তেন্তে টেষ্ট ক্ৰিকেটটো মই মোৰ স্থান দেখা পাও ।

এই বাৰ্তালাপতেই আশ্বিনে চাৰিদিনীয়া টেষ্ট ক্ৰিকেটৰ বিৰুদ্ধে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে । তেওঁ কয়, মই এজন স্পীনাৰ আৰু টেষ্ট ক্ৰিকেটৰ পৰা পঞ্চম দিন আঁতৰ কৰাৰ কথা উল্লেখ কৰা হৈছে । খেলৰ এটা আকৰ্ষণীয় দিশ আঁতৰ কৰা হৈছে বুলি কয় খেলুৱৈগৰাকীয়ে । ইয়াৰ লগতে আশ্বিনে পূৰণা নে নতুন বলেৰে বল কৰি ভাল পায় তাকো ব্য়ক্ত কৰিলে । আশ্বিনে নতুন বলেৰে বল কৰিবলৈ পচন্দ কৰাৰ কথা উল্লেখ কৰে ।

ৰবি চন্দ্ৰন আশ্বিন
ৰবি চন্দ্ৰন আশ্বিন

এই বাৰ্তালাপতেই এক ৰহস্য় ফাদিল কৰে আশ্বিনে । ২০১৯ বৰ্ষৰ আইপিএলত ছানৰাইজাৰ্ছ হায়দৰাবাদ তথা আফগানিস্তানৰ খেলুৱৈ মহম্মদ নাৱীৰ বিৰুদ্ধে উইকেট ল'বলৈ সক্ষম হোৱা বলটোৰ বিষয়েও এটা কথা প্ৰকাশ কৰে । আশ্বিনে কয়, আচলতে মই আচৰিত হৈছো বিগত সংস্কৰণত মই যি বলিং কৰিছিলো । মানুহে সেইটো ধৰিব নোৱাৰিলে । তেওঁলোকে ভাবিলে মই কেৰম বল কৰিছো । কিন্তু আচলতে মই ৰিভাৰ্ছ কেৰম বলহে কৰিছিলো ।

ইয়াৰ লগতে তেওঁ উল্লেখ কৰে, টি-২০ ক্ৰিকেটত নিজকে এজন বলাৰ বুলি ক'বলৈ দৰকাৰ হয় । কাৰণ বহুবাৰ পৰিস্থিতি অনুসৰি বাউঞ্চাৰ অথবা স্পীন বল কৰিবলৈ সক্ষম হ'ব লাগে । এয়াই মোৰ যাত্ৰা, যিটো মই কৰিছো । যাৰ বাবে বিগত বৰ্ষত উইকেট ল'বলৈ সক্ষম হৈছিলো যেতিয়া মোহালীত বলিং কৰিছিলো বুলি কয় আশ্বিনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.