ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় টি-২০ ত শতক অৰ্জন কৰা প্ৰথম জন ভাৰতীয় !

author img

By

Published : May 3, 2020, 10:39 AM IST

শনিবাৰে দহ বছৰ অতিক্ৰম কৰিলে ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ এক বিশেষ অভিলেখে । ২০১০ চনৰ ২ মে'ত আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয়ৰ গৌৰৱ লাভ কৰিছিল সুৰেশ ৰাইনাই । জীৱনৰ এক স্মৰণীয় মুহূৰ্ত বুলি ক'লে ৰাইনাই ।

One of the most memorable moments: Raina on scoring maiden T20I ton
One of the most memorable moments: Raina on scoring maiden T20I ton

স্পৰ্টছ ডেস্ক, ৩ মে': ভাৰতীয় ক্ৰিকেট দলত বৰ্তমান নিজৰ স্থান লাভৰ বাবে যুঁজি থকা ক্ৰিকেটাৰ সুৰেশ ৰাইনা পুনৰ আহিছে চৰ্চালৈ । অৱশ্যে কোনো নতুন কথাৰ বাবে নহয় । আচলতে শনিবাৰে দহ বছৰ অতিক্ৰম কৰিলে সুৰেশ ৰাইনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয়ৰ গৌৰৱ লাভ কৰাৰ ঘটনাই । ২০১০ চনৰ ২ মে'ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৱৰ্ল্ড টি-২০ মেচত কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিয়ে এই কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীয়ে ।

One of the most memorable moments: Raina on scoring maiden T20I ton
ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনা

সেই মুহূৰ্তৰ দহ বছৰৰ অতিক্ৰম কৰাৰ ক্ষণত টুইটাৰট সুৰেশ ৰাইনাই নিজৰ অনুভৱ ব্যক্ত কৰি কয়, জীৱনৰ আটাইতকৈ স্মৰণীয় দিনৰ এক অন্যতম মুহূৰ্ত মোৰ বাবে । দেশৰ হৈ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় টি-২০ শতক, নিঃসন্দেহ এইটোৱে মোক যথেষ্ট আত্মবিশ্বাস, শক্তি আৰু খেলপথাৰত কেতিয়াও নিজৰ ১০০ শতাংশ শেষ হ'বলৈ নিদিয়া উৎসাহ প্ৰদান কৰিছিল ।

  • One of the most memorable moments for me. Scoring a first ever T20i century for my country undoubtedly filled me with a lot of confidence, energy & a never ending zest of giving my 100% to my game every time I’m on the field. pic.twitter.com/1b7MdthbIP

    — Suresh Raina🇮🇳 (@ImRaina) May 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য় যে, ইয়াৰ পূৰ্বেও খবৰৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল ৰাইনাই । ৰাইনাই কেইমাহ মান পূৰ্বে কৰ'ণা ভাইৰাছৰ বাবে যুঁজিবলৈ ৫২ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰিছিল । প্ৰধানমন্ত্ৰী সাহায্য় পূঁজিলৈ ৩১ লাখ টকা দিয়াৰ বিপৰীতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ দিছিল ২১ লাখ টকা ।

ৰাইনাক শেহতীয়াকৈ চেন্নাই চুপাৰ কিংছৰ হৈ আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত খেলিবলৈ দেখা পোৱা গ'ল হৈ যদিও কৰ'ণা ভাইৰাছৰ ফলতেই অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হ'ল ২০২০ বৰ্ষৰ আইপিএলৰ সংস্কৰণ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.