ETV Bharat / sports

টেষ্ট ক্ৰিকেটত হেট-ট্ৰিক অৰ্জনকাৰী তিনি ভাৰতীয় খেলুৱৈ

author img

By

Published : Sep 1, 2019, 12:09 PM IST

টেষ্ট ক্ৰিকেটত হেট-ট্ৰিক জছপ্ৰীত বোমৰাহৰ ৷ কেৱল বোমৰাহই নহয় টেষ্ট ক্ৰিকেটত হেট-ট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছে আন দুই ভাৰতীয় খেলুৱৈয়ে ৷ ক’ত, কেতিয়া আৰু কোন ভাৰতীয় খেলুৱৈয়ে এই অভিলেখ গঢ়িছে চাও আহক আমাৰ বিশেষ প্ৰতিবেদনত ৷

টেষ্ট ক্ৰিকেটত হেট-ট্ৰিক অৰ্জনকাৰী তিনি ভাৰতীয় খেলুৱৈ

স্পৰ্টছ ডেস্ক, 1 ছেপ্তেম্বৰঃ শেহতীয়াকৈ টেষ্ট ক্ৰিকেটত হেট-ট্ৰিক অৰ্জন কৰাৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰাবলৈ সক্ষম হ'ল ভাৰতীয় বেগী বলাৰ জছপ্ৰীত বোমৰাই ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কিংগছ্টনত চলি থকা দ্বিতীয়খন টেষ্টত হেট-ট্ৰিক অৰ্জন কৰি এই কৃতিত্ব লাভ কৰিছে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ৷ অৱশ্যে টেষ্টত ভাৰতৰ হৈ হেট-ট্ৰিক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ নহয় বোমৰাহ ৷ ইয়াৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ হৈ হেট-ট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছিল আন দুজন ভাৰতীয় বলাৰ ৷ এই দুই খেলুৱৈ হৈছে প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰ হৰভজন সিং আৰু ইৰফান পাঠান ৷ ক’ত, কেতিয়া আৰু কোনগৰাকী খেলুৱৈৰ উইকেট দখলেৰে হেট্-ট্ৰিক অৰ্জন কৰিছিল এই দুই খেলুৱৈয়ে..

হৰভজন সিংঃ টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে হেট-ট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছিল অফ্ স্পিনাৰ হৰভজন সিং ৷ 2001 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টৰ অষ্ট্ৰেলিয়াৰ প্ৰথমখন ইনিংছত এই কৃতিত্ব লাভ কৰিছিল ভাৰতীয় প্ৰাক্তন খেলুৱৈগৰাকীয়ে ৷ ঐতিহাসিক মেচখনত হৰভজন সিঙৰ হেট-ট্ৰিকৰ চিকাৰ হৈছিল অষ্ট্ৰেলিয়াৰ অধিনায়ক ৰিকী পণ্টিং (6), এডাম গিলখ্ৰীষ্ট (0) আৰু শ্বেন ৱাৰ্ণ (0) ৷ মেচখনত 171 ৰানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতে ৷ হৰভজনৰ হেট-ট্ৰিকৰ লগতে এই টেষ্ট মেচখন ভাৰতৰ দ্বিতীয় ইনিংছত ভিভিএছ লক্ষ্মণৰ দ্বি-শতক আৰু ৰাহুল দ্ৰাৱিড়ৰ শতকীয় ইনিংছৰ বাবেও স্মৰণীয় ৷ উল্লেখ্য যে, ভাৰত খেলখনত ফল'অনৰ সন্মূখীন হৈয়ো বিজয়ৰ মুখ দেখিবলৈ সক্ষম হৈছিল ৷

Three Indian Player take Hat-Trick In Test Cricket
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হৰভজন সিঙৰ হেট-ট্ৰিক

ইৰফান পাঠানঃ হৰভজন সিঙৰ পিচত টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ হেট-ট্ৰিক অৰ্জন কৰা দ্বিতীয়গৰাকী খেলুৱৈ হৈছে ইৰফান পাঠান ৷ এসময়ৰ চুইং বলিঙেৰে বিৰোধী পক্ষৰ মাজত ত্ৰাস সৃষ্টি কৰা পাঠানে পাকিস্তানৰ বিৰুদ্ধে লাভ কৰিছিল এই কৃতিত্ব ৷ 2006 চনত কাৰাছীত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্টৰ প্ৰথম ইনিংছৰ প্ৰথমটো অভাৰৰ শেষৰ তিনিটা বলত এই অভিলেখ গঢ়িছিল পাঠানে ৷ খেলখনত পাঠানে প্ৰথমে ছালমান বাট (0), দ্বিতীয়তে য়ুনিছ খান (0) আৰু তৃতীয়টে মহম্মদ ইয়ুছুফ (0)ৰ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ টেষ্ট মেচখনত টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ আহি প্ৰথম অভাৰতেই পাঠানৰ দুৰ্দান্ত বলিঙত ধৰাশায়ী হৈছিল ঘৰুৱা দলটো ৷ অৱশ্যে এই টেষ্ট মেচখনত 341 ৰানত পৰাজয়ৰ সন্মুখীন হৈছিল ৰাহুল দ্ৰাৱিড় নেতৃত্বাধীন ভাৰতীয় দলটো ৷

three-indian-player-take-hat-trick-in-test-cricket
পাকিস্তানৰ বিৰুদ্ধে হেট-ট্ৰিক পাঠানৰ

জছপ্ৰীত বোমৰাহঃ কিংগছ্টনত চলি থকা দ্বিতীয়খন টেষ্টত হেট-ট্ৰিক অৰ্জন কৰি ভাৰতৰ হৈ টেষ্ট ক্ৰিকেট হেট-ট্ৰিক দখল কৰা তৃতীয়গৰাকী ভাৰতীয় খেলুৱৈৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় বোমৰাহই ৷ মেচখনত ডাৰেণ ব্ৰভ’ (4), শ্বামৰাহ ব্ৰুক্ছ (0), ৰছটন চেজ (0) ৰ উইকেট দখল কৰি এই কৃতিত্ব লাভ কৰে খেলুৱৈগৰাকীয়ে ৷

জছপ্ৰীত বোমৰাহ
জছপ্ৰীত বোমৰাহ
OWN- IMAGE 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.