ETV Bharat / sports

হৰভজন, যুৱৰাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ 'বাধ্য' : শ্বাহিদ আফ্ৰিদী

author img

By

Published : May 27, 2020, 5:10 PM IST

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ হৰভজন, যুৱৰাজ 'বাধ্য' বুলি মন্তব্য শ্বাহিদ আফ্ৰিদীৰ ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ লগতে ভাৰত বিৰোধী মন্তব্য আগবঢ়োৱাৰ বাবে ভাৰতীয় ক্ৰিকেটাৰ সকলৰ সমালোচনাৰ সন্মুখীন হৈছিল আফ্ৰিদী ৷

পাকিস্তানী ক্ৰিকেটাৰ
শ্বাহিদ আফ্ৰিদী

স্পৰ্টছ ডেস্ক, 27 মে': হঠাতে বিস্ফোৰক মন্তব্য আগবঢ়োৱাৰ বাবে জনাজাত পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদী ৷ শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সম্পৰ্কত বিস্ফোৰক মন্তব্য কৰি বিভিন্ন লোকৰ লগতে ভাৰতীয় ক্ৰিকেটাৰৰ সমালোচনাৰ সন্মুখীন হৈছিল আফ্ৰিদী ৷ ভাৰতীয় ক্ৰিকেটাৰৰ সমালোচনা লাভ কৰাৰ পাচতে এই সম্পৰ্কত মুখ খুলিছে পাকিস্তানৰ প্ৰাক্তন অল ৰাউণ্ডাৰ গৰাকীয়ে ৷ হৰভজন সিং, যুৱৰাজ সিং, গৌতম গম্ভীৰ আদিয়ে সমালোচনা কৰাৰ পাচত তেওঁ কয় যে, তেওঁৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ হৰভজন আৰু যুৱৰাজ বাধ্য ৷

ভাৰতীয় ক্ৰিকেটাৰ
হৰভজন সিং

এক পাকিস্তানী নিউজ চেনেলক আফ্ৰিদীয়ে কয়, "মোৰ ফাউণ্ডেছনক সমৰ্থন জনোৱাৰ বাবে মই সদায় হৰভজন আৰু যুৱৰাজলৈ কৃতজ্ঞ হৈ থাকিম ৷ সঁচা কথাটো হৈছে যে, তেওঁলোক 'বাধ্য' ৷ তেওঁলোক সেই দেশত বাস কৰে ৷ তেওঁলোকে জানে যে, সেইখন দেশৰ নাগৰিকক দমন কৰি ৰখা হয় ৷ ইয়াতকৈ বেছি মই একো ক'ব নিবিচাৰো ৷"

পাকিস্তান অধিকৃত কাশ্মীৰ (PoK) ভ্ৰমণৰ সময়ত আফ্ৰিদীয়ে মন্তব্য কৰিছিল যে, ভাৰতত প্ৰধানমন্ত্ৰী মোডীয়ে ধৰ্মীয় উৎপীড়ন চলাইছে ৷ ইয়াৰ পাচতে আফ্ৰিদীৰ সমালোচনা কৰিছিল শিখৰ ধাৱান, হৰভজন, যুৱৰাজ, সুৰেশ ৰাইনা আৰু গৌতম গম্ভীৰে ৷

ভাৰতীয় ক্ৰিকেটাৰ
হৰভজন সিং

হৰভজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, "শ্বাহিদ আফ্ৰিদীয়ে প্ৰদান কৰা মন্তব্য অতি দুখজনক ৷ আমাৰ দেশ আৰু প্ৰধানমন্ত্ৰীৰ বিষয়ে কটু ভাষা ব্যৱহাৰ কৰাটো গ্ৰহণযোগ্য নহয় ৷"

যুৱৰাজেও কৈছিল, "শ্বাহিদ আফ্ৰিদীয়ে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ বিষয়ে ব্যৱহাৰ কৰা শব্দ মই কেতিয়াও গ্ৰহণ নকৰো ৷ মানৱতাৰ খাতিৰত তেওঁৰ বাবে এক আহ্বান জনাইছিলো ৷ কিন্তু, পুনৰ কেতিয়াও তেওঁক সহায় নকৰো ৷"

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আফ্ৰিদীয়ে ভাৰত বিৰোধী মন্তব্য আগবঢ়াইছিল ৷ যোৱা বছৰ ভাৰত চৰকাৰে কাশ্মীৰৰ পৰা 370 নং অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে নিয়ন্ত্ৰণ ৰেখা (LoC) ভ্ৰমণ কৰি বিৰূপ মন্তব্য আগবঢ়াইছিল আফ্ৰিদীয়ে ৷ এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰো হস্তক্ষেপো দাবী কৰিছিল তেওঁ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.