ETV Bharat / sports

অ’পেনাৰ ৰূপত টেষ্ট ক্ৰিকেটতো সফল হ’ব ৰোহিত ! কোনে ক’লে..

author img

By

Published : Sep 27, 2019, 4:43 PM IST

অ’পেনাৰ ৰূপত টেষ্ট ক্ৰিকেটতো সফল হ’ব ৰোহিত ! কোনে ক’লে..

শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাত ৰোহিত শৰ্মাৰ নতুন ভূমিকাক লৈ আজ্যিংকা ৰাহানেৰ প্ৰতিক্ৰিয়া ৷

স্পৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰঃ ৰোহিতৰ শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ সহ অধিনায়ক আজ্যিংকা ৰাহানে ৷ এক প্ৰশ্নৰ উত্তৰত টেষ্ট ক্ৰিকেটত ৰোহিতৰ নতুন ভূমিকাক লৈ ৰাহানেয়ে ক’লে,

ৰোহিত শৰ্মাৰ নতুন ভূমিকাক লৈ আজ্যিংকা ৰাহানেৰ প্ৰতিক্ৰিয়া
ৰোহিত শৰ্মাৰ নতুন ভূমিকাক লৈ আজ্যিংকা ৰাহানেৰ প্ৰতিক্ৰিয়া

‘‘ৰোহিতে আগন্তুক শৃংখলাত অ’পেনিং কৰিব নে নাই মই জ্ঞাত নহয় ৷ যদিহে এনে হয় মই নথৈ আনন্দিত হ’ম ৷ মই ৱেষ্ট ইণ্ডিজ শৃংখলাত কৈছিলো এনে এজন প্ৰতিভাৱন খেলুৱৈক দলৰ বাহিৰত বহি থকা দেখা পোৱাটো দুখজনক ৷’’

ৰাহানে লগতে কয়,

‘‘ৰোহিতে যথেষ্ট কষ্ট কৰিছে আৰু মোৰ বিশ্বাস আছে ৰোহিতে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব ৷ টেষ্ট ক্ৰিকেট হৈছে মানসিক খেল আৰু ৰোহিতৰ তাত যথেষ্ট প্ৰতিভা আছে ৷’’

আজ্যিংকা ৰাহানে
আজ্যিংকা ৰাহানে

উল্লেখ্য যে, ৰোহিতে নিজৰ টেষ্ট কেৰিয়াৰৰ 27 খন মেচৰ তিনিখনত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে, নিজৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ পৰা বাহিৰ হৈ থকা সন্দৰ্ভতো ৰাহানেয়ে উল্লেখ কৰে, টেষ্ট ক্ৰিকেটৰ লগতে এদিনীয়া ক্ৰিকেটৰো মই আনন্দ লাভ কৰি আছো ৷ মই পুনৰ এদিনীয়া দলত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাম ৷ বৰ্তমান দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাত মনোযোগ দিছো ৷

ETV SPORTS
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.