ETV Bharat / state

মৌ-মাখিৰে হাতীৰ সুৰক্ষা; ৰে'ল বিভাগৰ বিশেষ পুৰস্কাৰ

author img

By

Published : Sep 26, 2019, 11:13 PM IST

মাত্ৰ 2000 টকা ব্যয় হোৱা এই পদ্ধতিটোৰ দ্বাৰা এটা মাইকৰ জৰিয়তে 600 মিটাৰ দুৰত্ব পৰ্যন্ত শব্দ প্ৰেৰণ কৰা হয়৷ অতি কম খৰচতে ৰে'লেৰে হোৱা হাতীৰ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে ৰঙিয়া সংমণ্ডলে গ্ৰহণ কৰা এই অভিনৱ পদক্ষেপক প্ৰসংশা কৰিছে ভাৰতীয় ৰে'ল বিভাগে৷

ৰে'ল আৰু হাতীৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰঙিয়া সংমণ্ডলে গ্ৰহণ কৰা পদক্ষেপলৈ ভাৰতীয় ৰেল বোৰ্ডৰ পুৰস্কাৰ ঘোষণা

ৰঙিয়া, 26 চেপ্তেম্বৰ: মৌ-মাখিৰ শব্দক ভয় কৰে হাতীয়ে। এই কথাষাৰ ওপৰত ভিত্তি কৰিয়েই ২০১৭ চনত তদানীন্তন ডি আৰ এম ৰবিলেশ কুমাৰে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰে হাতী আৰু ৰে'লৰ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে। ''এলিফেণ্ট কৰিড'ৰ'' দি ৰেল পাৰ হৈ যোৱা সময়ত ৰে'ল পথত মাইকৰে মৌ মাখিৰ শব্দ বজাবলৈ আৰম্ভ কৰে ৷

ৰে'ল আৰু হাতীৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰঙিয়া সংমণ্ডলে গ্ৰহণ কৰা পদক্ষেপলৈ ভাৰতীয় ৰেল বোৰ্ডৰ পুৰস্কাৰ ঘোষণা

ইয়াৰ পিছত গোটেই অসমৰ 21 টা এলিফেণ্ট কৰিড'ৰত এই পদ্ধতিৰে হাতী আৰু ৰে'লৰ দুৰ্ঘটনা ৰোধৰ বাবে চেষ্টা চলোৱা হৈছিল। এই অভিনৱ পদ্ধতিৰ সুফল স্বৰূপে যোৱা দুবছৰত এই 21 এটা অঞ্চলত এটাও হাতী আৰু ৰে'ল দুৰ্ঘটনা সংঘটিত হোৱা নাই৷ যাৰ বাবে ভাৰতীয় ৰে'ল বোৰ্ডে এই অভিনৱ পদক্ষেপক 2018-19 বৰ্ষৰ অভিনৱ উৎকৃষ্ট পৰামৰ্শ আঁচনি পুৰস্কাৰৰ বাবে মনোনীত কৰিছে৷

মাত্ৰ 2000 টকা ব্যয় হোৱা এই পদ্ধতিটোৰ দ্বাৰা এটা মাইকৰ জৰিয়তে 600 মিটাৰ দুৰত্ব পৰ্যন্ত শব্দ প্ৰেৰণ কৰা হয়৷ অতি কম খৰচতে ৰে'লেৰে হোৱা হাতীৰ দুৰ্ঘটনা ৰোধ কৰিবৰ
বাবে ৰঙিয়া সংমণ্ডলে গ্ৰহণ কৰা এই অভিনৱ পদক্ষেপক প্ৰসংশা কৰিছে ভাৰতীয় ৰে'ল বিভাগে৷

Intro:ৰেল আৰু হাতীৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰঙিয়া সংমণ্ডলে গ্ৰহণ কৰা অভিনৱ পদক্ষেপলৈ ভাৰতীয় ৰেল বোৰ্ডৰ পুৰস্কাৰ ঘোষণাBody:মৌ মাখিৰ শব্দক ভয় কৰে হাতীয়ে। এই কথাষাৰ ওপৰত ভিত্তি কৰিয়েই ২০১৭ চনত তদানীন্তন ডি আৰ এম ৰবিলেশ কুমাৰে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰে হাতী আৰু ৰেলৰ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে। তেওঁ মাইকৰ জৰিয়তে Elephant Corridor ৰে পাৰ হৈ যোৱা ৰেল পথত মৌ মাখিৰ শব্দ বজাবলৈ দিলে। দেখা গ'ল যে মৌ মাখিৰ শব্দ শুনি হাতী ৰেল পথৰ পৰা আতৰি গুছি যায়। ইয়াৰ পিছত গোটেই অসমৰ ২১ টা Elephant Corridor ত এই পদ্ধতিৰে হাতী আৰু ৰেলৰ দুৰ্ঘটনা ৰোধৰ বাবে চেষ্টা চলোৱা হৈছিল। এই অভিনৱ পদ্ধতিৰ সুফল স্বৰূপে যোৱা দুবছৰত এই ২১ এটা অঞ্চলত এটাও হাতী আৰু ৰেল দুৰ্ঘটনা সংঘটিত হোৱা নাই। যাৰ বাবে ভাৰতীয় ৰেল বোৰ্ডে এই অভিনৱ পদক্ষেপক ২০১৮-১৯ বৰ্ষৰ অভিনৱ উৎকৃষ্ট পৰামৰ্শ আঁচনি পুৰস্কাৰৰ বাবে মনোনীত কৰিছে। মাত্ৰ ২০০০ টকা খৰচ হোৱা এই পদ্ধতিটোৰ এটা মাইকৰ শব্দ ৬০০ মিটাৰলৈ শুনা পোৱা যায়। অতি কম খৰচতে ৰেলেৰে হোৱা হাতীৰ দুৰ্ঘটনা ৰোধ কৰিবৰ
বাবে ৰঙিয়া সংমণ্ডলে গ্ৰহণ কৰা এই অভিনৱ পদক্ষেপক ভাৰতীয় ৰেল বোৰ্ডে সলাগিছেConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.