ETV Bharat / sports

ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় টি-২০ খেলিবলৈ প্ৰস্তুত আছো : হৰভজন সিং

author img

By

Published : May 25, 2020, 7:16 PM IST

ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ বাবে ক্ৰিকেট খেলিবলৈ এতিয়াও প্ৰস্তুত আছো বুলি উল্লেখ কৰে ভাৰতৰ অফ স্পীনাৰ হৰভজন সিঙে । ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত খেলিবলৈ প্ৰস্তুত থকা বুলি মন্তব্য প্ৰকাশ কৰে জুলাই মাহত ৪০ বছৰত ভৰি দিবলগীয়া খেলুৱৈগৰাকীয়ে ।

ready to play t20i cricket for india said Harbhajan Singh
ready to play t20i cricket for india said Harbhajan Singh

স্পৰ্টছ ডেস্ক, ২৫ মে': ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এজন সফলতম বলাৰৰ ভিতৰত হৈছে অফ স্পীনাৰ হৰভজন সিং। শেহতীয়াকৈ খেলুৱৈগৰাকীয়ে পুনৰ ৰাষ্ট্ৰীয় দলত খেলাৰ ইচ্ছা প্ৰকাশ কৰি মন্তব্য় আগবঢ়ায় । খেলুৱৈগৰাকীয়ে কয়, বৰ্তমান সময়ত মই আইপিএলত অংশগ্ৰহণ কৰি আছো । সেয়েহে মই ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় টি-২০ খেলাৰ বাবে প্ৰস্তুত ।

উল্লেখ্য় যে, আইপিএলত সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ ভিতৰত যুটীয়াভাৱে তৃতীয় স্থানত আছে হৰভজন । হৰভজনৰ নামত আইপিএলত আছে ১৫০ টাকৈ উইকেট । হৰভজনে ভাৰতৰ বাবে অন্তিমখন মেচত অংশগ্ৰহণ কৰিছিল ২০১৬ চনৰ এছিয়া কাপত ।

ক্ৰিকেট সন্দৰ্ভত বলাৰগৰাকীয়ে কয়, মই সম্পূৰ্ণ ৰূপে সাজু । মই আইপিএলত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছো, য'ত বলাৰৰ বাবে অধিক প্ৰত্যাহ্বান । কাৰণ তাত খেলপথাৰৰ আকাৰ যথেষ্ট সৰু । আইপিএলত বিশ্বৰ সকলো নামি-দামী খেলুৱৈয়ে অংশগ্ৰহণ কৰে । তেওঁলোকৰ বিৰুদ্ধে বলিং কৰা প্ৰত্যাহ্বানমূলক । যদি তেওঁলোকৰ বিৰুদ্ধে আইপিএলত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছো তেন্তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটটো ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম ।

অৱশ্যে আইপিএলত ভাল প্ৰদৰ্শন কৰাৰ পাচতো ভাৰতীয় দলীয় নিৰ্বাচক মণ্ডলীয়ে তেওঁক গুৰুত্ব প্ৰদান নকৰাত দুখ প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ।

তেওঁ উল্লেখ কৰে, নিৰ্বাচক মণ্ডলীয়ে মোৰ ফালে দৃষ্টি নিক্ষেপ কৰা নাই, তেওঁলোকৰ মতে মই বুঢ়া হৈ পৰিছো । লগতে মই ঘৰুৱা ক্ৰিকেটতো অৱতীৰ্ণ হোৱা নাই । বিগত চাৰি-পাঁচ বছৰত তেওঁলোকে মোৰ ফালে এবাৰো চোৱা নাই, আইপিএলত ভাল প্ৰদৰ্শন কৰাৰ পাচতো । মই উইকেট লাভ কৰিবলৈ সক্ষম হৈছো, মোৰ সৈতে মোৰ ৰেকৰ্ডছ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.