ETV Bharat / sports

ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ বাবে গাংগুলীক নিৰ্বাচন কৰাটো সঠিক: ৰবি শাস্ত্ৰী

author img

By

Published : Oct 26, 2019, 9:21 PM IST

ভাৰতীয় ক্ৰিকেটকৰ ভৱিষ্যতৰ বাবে গাংগুলীক নিৰ্বাচন কৰাটো সঠিক

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ নতুন অধ্যক্ষ পদত অধিষ্ঠিত হোৱা ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ নিৰ্বাচনক লৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ প্ৰতিক্ৰিয়া ৷

স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ: বিচিচিআইৰ অধ্যক্ষ পদত সৌৰভ গাংগুলীৰ নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ ৷ গাংগুলীৰ নিৰ্বাচন ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ বাবে সঠিক সিদ্ধান্ত বুলি উল্লেখ কৰে শাস্ত্ৰীয়ে ৷

ৰবি শাস্ত্ৰী
ৰবি শাস্ত্ৰী

এক ৱেবচাইটত উল্লেখ কৰি শাস্ত্ৰীয়ে কয়,

বিচিচিআইৰ অধ্যক্ষ পদত নিয়োজিত হোৱাৰ বাবে গাংগুলীক শুভেচ্ছা যাচিছো ৷ ভাৰতীয় ক্ৰিকেটক সঠিক দিশত আগুৱাই নিয়াৰ বাবে গাংগুলীক নিৰ্বাচন কৰাটো ভাল পদক্ষেপ ৷ গাংগুলী সদায় এজন স্বভাৱিক নেতাৰ দৰে কাম কৰি আহিছে ৷ এই পদত তেওঁৰ দৰে ব্যক্তিত্বৰ লোক অধিষ্ঠিত হোৱাটো ফলপ্ৰসূ ৷ বেংগল ক্ৰিকেট এশ্ব’চিয়েছনকো তেওঁ চাৰি-পাঁচ বছৰ সেৱা আগবঢ়াইছে ৷ গাংগুলীক অধ্যক্ষ হিচাপে নিযুক্ত কৰাটো ভাৰতীয় ক্ৰিকেটৰ বাবে সঠিক সিদ্ধান্ত ৷

ইপিনে ধোনী সন্দৰ্ভতো মত প্ৰকাশ কৰে ভাৰতীয় দলৰ প্ৰশিক্ষকগৰাকীয়ে ৷ প্ৰশিক্ষকগৰাকীয়ে কয়,ধোনীক লৈ মত প্ৰকাশ কৰা একাংশ লোকে নিজৰ জুতাৰ ফিতা বান্ধিবলৈ অপাৰগ ৷ তেওঁ লোকে চাওক ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কি কি উপলব্ধি লাভ কৰিছে ৷ ধোনীৰ সন্ন্যাসক লৈ ইমান কিহৰ খৰ-ধৰ ৷ হয়তো তেওঁলোকৰ হাতত অন্য বিষয় নাই কথা পতাৰ ৷

ধোনী-ৰবি শাস্ত্ৰী
ধোনী-ৰবি শাস্ত্ৰী

ধোনীয়ে কেতিয়া সন্ন্যাস ঘোষণা কৰিব সেইয়া ধোনী আৰু তেওঁৰ বন্ধু-বৰ্গই নিশ্চয় জানে ৷ তেওঁক লৈ আলোচনা-বিলোচনা কৰাটো তেওঁক অসন্মান জনোৱা হ’ব ৷

ভাৰতৰ হৈ 15 বছৰ ক্ৰিকেট খেলা খেলুৱৈয়ে কি স্বয়ং নাজানে যে কেতিয়া সন্ন্যাস ঘোষণা কৰিব নকৰিব ? গতিকে সন্ন্যাসৰ নিৰ্ণয় ধোনীয়ে নিজেই ল’ব বুলি কয় ৰবি শাস্ত্ৰীয়ে ৷


TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.